তেজপুৰ,১২ মে’: ক’ভিড-19 ৰ দ্বিতীয়টো ঢৌত গণ সংক্ৰমণৰ দিশে আগবাঢ়িছে শোণিতপুৰ জিলা । বুধবাৰে জিলাখনত ক’ভিড-19 ত আক্ৰান্ত হৈ 4 জন লোকৰ চিকিৎসাধীন অৱস্থাত মৃত্যুৰ হোৱাৰ তথ্য প্ৰকাশ কৰিছে স্বাস্থ্য বিভাগে ৷ উল্লেখযোগ্য যে, তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত কৰ’ণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা তেজপুৰৰ গোটলুং ভিতৰসূঁতিৰ ৰমজান আলী(৬৫), তেজপুৰ পতিয়া চুবুৰীৰ ছাজন আলী(৪৭), তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক প্ৰতিষ্ঠানৰ মানসিক ৰোগী লক্ষণ মুণ্ডা (81) আৰু তেজপুৰৰ মিছন হাস্পতালত লক্ষ্মী বিশ্বাস(৪৬)নামৰ মহিলা গৰাকীৰ মৃত্যু হয় ।
বুধবাৰে জিলাখনত নতুনকৈ ক’ভিড-19 ত আক্ৰান্ত হ’ল 162 গৰাকী লোক ৷ এইপৰ্যন্ত শোণিতপুৰত ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা 1,422 গৰাকী হোৱাৰ বিপৰীতে মৃতকৰ সংখ্যা 25 গৰাকীলৈ বৃদ্ধি পালে ৷
লগতে পঢ়ক: বকুল তলৰ মামাৰ বিয়োগত মাজুলীত শোকৰ ছাঁ