ETV Bharat / state

মানাহ ৰাষ্ট্ৰীয় উদ্যানত বিচৰণ তিনিটা গঁড় পোৱালীৰ - Kaziranga National Park

২০১৯ চনৰ ভয়াবহ বানৰ সময়ত বন বিভাগে আই এফ এ ডব্লিউ আৰু ডব্লিউ টি আইৰ সহযোগিতাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা গঁড়ৰ তিনিটা পোৱালীক উদ্ধাৰ কৰি পাণবাৰীৰ সংৰক্ষণ কেন্দ্ৰত প্ৰতিপাল কৰি ৰাখিছিল । গঁড় তিনিটাৰ দুটা মাইকী আৰু এটা মতা ।

Three baby rhinos to be translocated from Kaziranga to Manas National Park
মানাহ ৰাষ্ট্ৰীয় উদ্যানত সংস্থাপন তিনিটা গঁড়ৰ পোৱালি
author img

By

Published : Apr 10, 2021, 1:17 PM IST

Updated : Apr 10, 2021, 2:09 PM IST

তেজপুৰ,১০ এপ্ৰিল: মানাহ ৰাষ্ট্ৰীয় উদ্যানত শনিবাৰে নতুন আলহী হ’ল তিনিটাকৈ গঁড়ৰ পোৱালী । নতুন গঁড় তিনিটা মানাহত সংযোজনৰ পাছত ৰাষ্ট্ৰীয় উদ্যানখনত গঁড়ৰ সংখ্যা বৃদ্ধি পালে ৪৪ টালৈ । গঁড়ৰ পোৱালী তিনিটাক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আনি শনিবাৰে পুৱা বিটিআৰৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত পুনৰ সংস্থাপন কৰা হয় ৷

Three baby rhinos to be translocated from Kaziranga to Manas National Park
মানাহ ৰাষ্ট্ৰীয় উদ্যানত বিচৰণ তিনিটা গঁড় পোৱালীৰ

উল্লেখ্য যে, ২০১৯ চনৰ ভয়াবহ বানৰ সময়ত বন বিভাগে আই এফ এ ডব্লিউ আৰু ডব্লিউ টি আইৰ সহযোগিতাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা গঁড়ৰ পোৱালী তিনিটাক উদ্ধাৰ কৰি পাণবাৰীৰ সংৰক্ষণ কেন্দ্ৰত প্ৰতিপাল কৰি ৰাখিছিল ৷ গঁড় তিনিটাৰ দুটা মাইকী আৰু এটা মতা । মাইকী গঁড় পোৱালী দুটা বিশ্বনাথৰ হাতীমুৰা আৰু কুঠৰীৰ পৰা আৰু আনটো শলমৰাৰ পৰা ২০১৯ চনৰ জুলাই আৰু আগষ্ট মাহত উদ্ধাৰ কৰা হৈছিল ।

ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে জনাই যে, উদ্ধাৰ কৰা গঁড় পোৱালী কেইটা পুনৰ সংস্থাপন আৰু বন্য প্ৰকৃতিৰ বাবে এইটো উচিত সময় ৷ কাৰণ আগন্তুক সময়ত ইয়াৰ খৰ্গ সম্প্ৰসাৰণ হ’বলৈ আৰম্ভ কৰিব । চিকিৎসক ডাঃ ভাস্কৰ চৌধুৰী, ডাঃ ছামচুল আলী, ডাঃ দৌহাৰো বড়ো আৰু বিশ্বজিত বৰুৱাৰ নেতৃত্বত এই পোৱালীকেইটা পুনৰ সংস্থাপন কৰা হৈছে ।

লগতে পঢ়ক : চতুৰ্থ পৰ্যায়ত ভয়ংকৰ ৰাজনৈতিক হিংসাৰ বলি উত্তৰ বংগবাসী

Last Updated : Apr 10, 2021, 2:09 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.