ETV Bharat / state

তেজপুৰত নিৰ্মাণ হ’ব ৰাজ্যৰ তৃতীয়খন মিনি ফুড পাৰ্ক

author img

By

Published : Oct 2, 2020, 10:50 PM IST

তেজপুৰৰ ডিপোটাত কৃষকৰ আয় দুগুণ বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে 2022 চনৰ ভিতৰত নিৰ্মাণ হ'ব ৰাজ্যৰ তৃতীয়খন মিনি ফুড পাৰ্ক । এই ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ৷

Third Mini Food park will construct in Tezpur
তেজপুৰত নিৰ্মাণ হ’ব ৰাজ্যৰ তৃতীয়খন মিনি ফুড পাৰ্ক

তেজপুৰ, 2 অক্টোবৰ: 2022 চনৰ ভিতৰত কৃষকৰ আয় দুগুণ বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে প্ৰধানমন্ত্ৰী কিষাণ সম্পদ আঁচনিৰ অধীনত তেজপুৰৰ ডিপোটাত নিৰ্মাণ হ'ব অসমৰ তৃতীয়খন মিনি ফুড পাৰ্ক । সম্প্ৰতি ফুড পাৰ্কখনৰ নিৰ্মাণৰ কাম পূৰ্ণগতিত চলিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে জানিবলৈ দিয়ে ।

ভাৰত চৰকাৰৰ খাদ্যপ্ৰস্তুতকৰণ বিভাগে অনুমোদন জনোৱা তৃতীয়খন মিনি ফুড পাৰ্ক সুৰেন্দ্ৰ এগ্ৰ’ প্ৰচেছিং ক্লাষ্টাৰৰ কামৰ অগ্ৰগতিৰ খতিয়ান ল’বলৈ শুকুৰবাৰে তেজপুৰত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী । তেওঁ কয় যে,30 বিঘা মাটিত নিৰ্মাণ হ’ব লগা মিনি ফুড পাৰ্কত কৃষকে পোনপটীয়াকৈ বিক্ৰী কৰিব পাৰিব উৎপাদিত ফচল । ইয়াৰ ফলত কৃষকৰ আয়ৰ পৰিমাণ বৃদ্ধি হ’ব ।

ফুড পার্কখনত 200-300 জন থলুৱা মানুহে সংস্থাপন লাভ কৰিব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷

লগতে পঢ়ক: ৰঙিয়াত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.