ETV Bharat / state

বালিপৰাত দিন দুপৰতে চুৰিকাণ্ডঃ চিচিটিভি কেমেৰাত আৱদ্ধ দৃশ্য - চিচি কেমেৰা

দিন দুপৰতে চুৰিৰ ঘটনা সংঘটিত হ'ল বালিপৰাত ৷ শৈলেন বসুমতাৰী নামৰ এগৰাকী লোকৰ ঘৰত শনিবাৰে দিনৰ ভাগত কোনো নথকাৰ সুযোগ লৈ চোৰে সংঘটিত কৰে এই ঘটনা ৷ দুটা ভৰ্তি গেছ চিলিণ্ডাৰ, কাঁহৰ বাচন-বৰ্তনকে ধৰি নগদ টকা লৈ উধাও চোৰ ৷

theft in balipara on saturday
theft in balipara on saturday
author img

By

Published : May 31, 2020, 3:40 PM IST

ৰঙাপৰা, 31 মে': বালিপৰাত দিন দুপৰতে সংঘটিত চুৰিৰ ঘটনা ৷ সমগ্ৰ চুৰিৰ ঘটনা বন্দী হৈ ৰ'ল চিচিটিভি কেমেৰাত ৷ ৰঙাপৰা-বালিপৰা পথৰ সমীপত সংঘটিত হয় এই চুৰিৰ ঘটনা ৷ বালিপৰাৰ এলাইট একাডেমীৰ সমীপৰ শৈলেন বসুমতাৰী নামৰ এগৰাকী লোকৰ ঘৰত শনিবাৰে দিনৰ ভাগত কোনো নথকাৰ সুযোগ লৈ দুৱাৰৰ তলা ভাঙি চোৰে দুটা ভৰ্তি গেছ চিলিণ্ডাৰ, কাঁহৰ বাচন-বৰ্তনকে ধৰি নগদ টকা লৈ উধাও হয় ৷

বালিপৰাত দিন দুপৰতে চুৰিকাণ্ডঃ চিচি কেমেৰাত আবদ্ধ দৃশ্য

উল্লেখ্য যে, চোৰে ঘৰৰ ভিতৰত প্ৰৱেশ কৰাৰ পাচতে বন্ধ কৰি দিয়ে চিচিটিভি কেমেৰাটো ৷ ঘৰৰ মূল্যৱান সামগ্ৰীসমূহ লৈ অতি কৌশলেৰে চোৰে পলায়ন কৰে ৷ জানিব পৰা মতে, ইয়াৰ পূৰ্বেও একেজন লোকৰ ঘৰতে কেইবাবাৰো সংঘটিত হৈছে চুৰিৰ ঘটনা ৷ এই ঘটনাৰ পিচতে লোকজনে ঘৰত স্থাপন কৰিছিল চিচিটিভি কেমেৰা ৷ ঘটনা সম্পৰ্কত ভুক্তভোগী শৈলেন বসুমতাৰীয়ে চাৰিদুৱাৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ৷ আৰক্ষীয়ে চোৰৰ সন্ধানত ইতিমধ্যে অনুসন্ধান অভিযান আৰম্ভ কৰিছে যদিও বৰ্তমানলৈ কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই ৷

লগতে পঢ়কঃ এক বজাৰ শীৰ্ষ বাতৰি সমূহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.