তেজপুৰ, ১৮ জুন : ৰাজ্যত পুনৰ অনুভূত ভূমিকম্পৰ জোকাৰণি । শুকুৰবাৰে পুৱতি নিশা ২.০৪ বজাত ভূমিকম্পৰ জোকাৰণি অনুভূত হয় । ৰিখতাৰ স্কেলত ইয়াৰ প্ৰাৱল্য আছিল ৪.১ আৰু গভীৰতা ২২ কিলোমিটাৰ ।
ভূমিকম্পৰ অভিকেন্দ্ৰ শোণিতপুৰ জিলাৰ পশ্চিম দিশত । উল্লেখ্য যে, ভূমিকম্পটোৰ ফলত কোনো ধৰণৰ ক্ষয় ক্ষতিৰ খবৰ এই মূহুৰ্তত পোহৰলৈ অহা নাই ৷ অসমৰ উপৰিও মণিপুৰ আৰু মেঘালয়তো এই ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ৷