তেজপুৰ, 15 জুলাই : শিল্পীৰ হাতত প্ৰাণ পাই উঠে নানান শিল্প ৷ ৰং-তুলিকাৰ সৌন্দৰ্য, ভাস্কৰ্য শিল্পৰ জীৱন্ত কলা তথা সুন্দৰ সাধনাবোৰত জীপাল হৈ থাকে নতুনত্বৰ সুবাস ৷ অসমৰ বিশিষ্ট ভাস্কৰ্য শিল্পী জয়চন্দ্ৰ দাসে নিজ সাধনা আৰু সৃষ্টিৰাজিক অফুৰন্ত ৰূপ দি সজাই তুলিছে বিভিন্ন প্ৰকাৰৰ ভাস্কৰ্য ৷
শোণিতপুৰ জিলাৰ প্ৰসিদ্ধৰ বিষয়ে পাহৰিছে অসম চৰকাৰে ৷ তেজপুৰস্থিত অগ্নিগড়, চিত্ৰলেখা উদ্যান, মহাভৈৰৱ মন্দিৰ, ইতিহাস প্ৰসিদ্ধ গণেশঘাট আদি এলেকাত দেখিবলৈ পোৱা যায় পৰ্যটকক আকৰ্ষিত কৰিব পৰা অনেক ভাস্কৰ্য ৷ এই ভাস্কৰ্যসমূহ প্ৰাণ পাই উঠিছে এইগৰাকী বিশিষ্ট শিল্পীৰ হাতত ৷
এসময়ত জয়চন্দ্ৰ দাস এতিয়া শাৰীৰিক অসুস্থতা আৰু আৰ্থিক সংকটৰ ভুক্তভোগী । এই শিল্পীগৰাকীৰ কাষত দ্যা ছচিয়েলিষ্ট অৰ্গেনাইজেছন উপস্থিত হৈ প্ৰয়োজনীয় খাদ্য সামগ্ৰী প্ৰদান কৰি পৰৱৰ্তী সময়ত অধিক সহায়ৰ কথা অৱগত কৰে । লগতে তেজপুৰ তথা অসমবাসী ৰাইজক সামৰ্থ অনুযায়ী তেখেতক সহায় কৰিবলৈ অনুৰোধ জনায় ।
সংবাদ মাধ্যমৰ জৰিয়তে অৰ্গেনাইজেছনটোৰ সাধাৰণ সম্পাদক তৃষাণু ভূঞাই অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰাক সমস্যা সমাধানৰ স্থায়ী উপায়েৰে সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনায় । এটুকুৰা শিল যেতিয়া এজন শিল্পীয়ে খোদিত কৰে, তাতেই প্ৰাণ পাই উঠে সুন্দৰৰ সাধনা ৷ উকা কেনভাচত শিল্পীয়ে আকে ৰঙীন তুলিকা ৷
সৌন্দৰ্যৰ নগৰী তেজপুৰত বুঢ়া লুইতৰ পাৰৰ বাণাসুৰে গঢ়া অগ্নিগড়ৰৰ মনোৰম পৰিৱেশৰ মাজত প্ৰাক ঐতিহাসিক যুগৰ সাক্ষ্য বহন কৰি তেজপুৰে পৰ্যটকক সদায়ে আকৰ্ষিত কৰি আহিছে ৷ তেজপুৰৰ সৌন্দৰ্যক আৰু অধিক আকৰ্ষিত কৰি তোলা এইগৰাকী ভাস্কৰ্য শিল্পী জয়চন্দ্ৰ দাসে ভাস্কৰ্য শিল্পৰ উপৰিও বাণ থিয়েটাৰ হলত “ভক্ত প্ৰহ্লাদ” নামৰ শিশু নাটকখন লিখি মঞ্চস্থ কৰাৰ উপৰিও নৰসিংহৰ ৰূপত অভিনয় কৰিছিল ৷ বহু নাটকৰ গীত ৰচনা কৰাৰ উপৰিও “জাহ্নৱী গংগা” নামৰ এটি অডিঅ’ কেছেটৰ গীতসমূহো ৰচনা কৰিছিল ৷ তেখেতৰ সৃষ্টি কৰা নব্বৈ দশকৰ অত্যন্ত জনপ্ৰিয় “আকাশৰে গংগা মই জাহ্নৱী গংগা” শীৰ্ষক গীতটিত এতিয়াও বহু নৃত্যশিল্পীয়ে নৃত্য কৰা দেখা যায় ৷ সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ সান্নিধ্য লাভ কৰা জয়চন্দ্ৰ দাসক ভূপেনদাই কৈছিল “জয়, তুমি জয় জয় ময় ময় হোৱা”৷