ETV Bharat / state

ক'ভিডত আক্ৰান্ত হৈ মৃত্যু লোকশিল্পী তৰুণ ওজাৰ

author img

By

Published : Sep 17, 2020, 2:26 PM IST

১১ ছেপ্টেম্বৰত হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা প্ৰবীণ লোকশিল্পী তৰুণ বৰাৰ পৰলোক প্ৰাপ্তি ৷ পৰৱৰ্তী সময়ত তেওঁৰ দেহত ধৰা পৰিছিল ক'ভিড-১৯ পজিটিভ ভাইৰাছ ৷

ক'ভিড-১৯ ত আক্ৰান্ত হৈ পৰলোকপ্ৰাপ্তি ঘটে প্ৰখ্যাত ঢোলৰ ওজা তৰুণ ওজাৰ

তেজপুৰ,১৭ ছেপ্টেম্বৰ: অসমৰ প্ৰখ্যাত ঢোলৰ ওজা, প্ৰবীণ লোকশিল্পী তৰুণ বৰাৰ পৰলোকপ্ৰাপ্তি ৷ বৃহস্পতিবাৰে শিল্পীগৰাকীৰ শৰীৰত ক'ভিড-১৯ পজিটিভ ভাইৰাছ ধৰা পৰে ৷ একে দিনাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাতে পুৱা ৬:৩০ বজাত তেখেতৰ মৃত্যু ঘটে ৷ উল্লেখ্য যে, যোৱা ১১ ছেপ্টেম্বৰত হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আছিল শিল্পীগৰাকী ৷ পৰৱৰ্তী সময়ত তেওঁৰ দেহত ক'ভিড-১৯ পজিটিভৰ ভাইৰাছ ধৰা পৰে ৷

ইপিনে প্ৰবীণ শিল্পী গৰাকীৰ চিকিৎসাৰ ক্ষেত্ৰত অসমৰ স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিশেষ ভাৱে সহায় আগবঢ়োৱা পৰিলক্ষিত হয় ৷ ১৯৪২ চনৰ ১০ এপ্ৰিল তাৰিখে তেজপুৰৰ দেউৰী গাঁৱত জন্ম গ্ৰহণ কৰা তৰুন বৰাই সাত বছৰ বয়সতে ঢোল বজাই সকলোকে চমক দেখুৱাইছিল । যাৰ বাবে তেওঁক কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাই প্ৰদান কৰিছিল ওজা’ উপাধি ।

তেজপুৰৰ বিভিন্ন প্ৰান্তত কান্ধত জয়ঢোল লৈ সকলো অনুষ্ঠানতেই নিজৰ প্ৰতিভাৰে চৰ্চা লাভ কৰা এই শিল্পীগৰাকীৰ মৃত্যুত এতিয়া সমগ্ৰ অঞ্চলটোতেই শোকৰ ছাঁ পৰিছে ৷ ইফালে অসম সাহিত্য সভা, তেজপুৰ বাণ থিয়েটাৰ, উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভা , শোণিতপুৰ জিলা সাহিত্য সভা , শোণিতপুৰ জিলা কবি সন্মিলন, জ্যোতি সংগম ,মিলনপুৰ আঞ্চলিক ৰঙালী বিহু সমিটি , মিলন বাকৰি ৰাস মহোৎসৱ সমিতি, তেজপুৰ সাহিত্য সভা, শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়ন, শোণিতপুৰ প্ৰেছ ক্লাবৰ তৰফৰ পৰা শিল্পীগৰাকীৰ আত্মাৰ সদগতি কামনা কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে । উল্লেখযোগ্য যে, ক’ভিড পজিটিভ চিনাক্ত হৈ মৃত্যু মুখত পৰা লোকশিল্পী তৰুণ ওজাৰ শেষকৃত সম্পূৰ্ণ ক’ভিড প্ৰটকলৰে গুৱাহাটীতেই সম্পন্ন কৰা হ’ব বুলি পৰিয়ালৰ লোকে জানিব দিয়ে ।

লগতে পঢ়ক : 'পথাৰ আমাৰ বজাৰ আমাৰ' ধাৰণাৰে এজন আদৰ্শ কৃষকৰ 30 বছৰীয়া যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.