ETV Bharat / state

কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতাই বিজেপিক ক্ষতি নকৰেঃসাংসদ পল্লৱ লোচন দাস

author img

By

Published : Aug 24, 2020, 10:09 PM IST

নতুন ৰাজনৈতিক দলে বিজেপি দলক কোনোধৰণৰ ক্ষতিসাধন নকৰাৰ কথা উল্লেখ কৰি বিজেপি দলে সাংগঠনিকভাৱে যথেষ্ট কষ্ট কৰি কাম কৰি থকা বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত ৰাজ্য চৰকাৰে কৰ'ণা ভাইৰাছৰ সন্ত্ৰাসৰ মাজতো ৰাজ্যৰ উন্নয়ন স্থৱিৰ নোহোৱাকৈ কঠোৰ পৰিশ্ৰমৰ মাজেৰে ৰাইজৰ সেৱাত ব্ৰতী হৈ আছে বুলিও কয় সাংসদ পল্লৱ লোচন দাসে ৷

The Congress-AIUDF alliance will not hurt the BJP
কংগ্ৰেছ-AIUDFৰ মিত্ৰতাই বিজেপিক ক্ষতি নকৰেঃসাংসদ পল্লৱ লোচন দাস

তেজপুৰ,24আগষ্টঃ কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতাই বিজেপিক ক্ষতি নকৰে ৷ এই মন্তব্য তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ তথা ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাসৰ ৷ আজি তেজপুৰত সংবাদমাধ্যমৰ আগত সাংসদ গৰাকীয়ে মন্তব্য কৰি কয় যে, কংগ্ৰেছ দলৰ নিজৰ মাজতে একাধিক মতানৈক্য আছে ৷ কংগ্ৰেছ দলৰ পূৰ্বৰ ভেটিতকৈও বৰ্তমান ভেটি আৰু অধিক দুৰ্বল হৈ পৰিছে ৷

ইপিনে নতুন ৰাজনৈতিক দলে বিজেপি দলক কোনোধৰণৰ ক্ষতিসাধন নকৰাৰ কথা উল্লেখ কৰি বিজেপি দলে সাংগঠনিকভাৱে যথেষ্ট কষ্ট কৰি কাম কৰি থকা বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত ৰাজ্য চৰকাৰে কৰ'ণা ভাইৰাছৰ সন্ত্ৰাসৰ মাজতো ৰাজ্যৰ উন্নয়ন স্থৱিৰ নোহোৱাকৈ কঠোৰ পৰিশ্ৰমৰ মাজেৰে ৰাইজৰ সেৱাত ব্ৰতী হৈ আছে বুলিও কয় সাংসদ পল্লৱ লোচন দাসে ৷

আই এম ডি টি আইন বাতিলৰ পিছত জন্ম লাভ কৰা এ আই ইউ ডি এফ দলৰ সৈতে কংগ্ৰছৰ মিত্ৰতাক অসমৰ ৰাইজে গ্ৰহণ নকৰে বুলি কোৱাৰ লগতে বৰঞ্চ এই মিত্ৰতাই বিজেপি দলকহে সহায় কৰিব বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে ৷ তদুপৰি আছুৰ নেতৃত্বত গঠন হ'ব লগা ৰাজনৈতিক দলে কংগ্ৰেছৰ মিত্ৰজোঁটৰ সৈতে অংশগ্ৰহণ কৰিলে আছু আৰু এ আই ইউ ডি এফৰ মাজত কোনো পাৰ্থক্য নাথাকিব বুলি সংবাদমাধ্যমৰ আগত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সাংসদগৰাকীয়ে ৷

আনহাতে, বিজেপিৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব সেইয়া এৰাই চলি সাংসদগৰাকীয়ে বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অতি সুন্দৰভাৱে চৰকাৰে নিজৰ দায়িত্বৰ লগতে ৰাজ্যৰ উন্নয়নত মনোনিৱেশ কৰি আছে বুলি মন্তব্য কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.