তেজপুৰ, ১৮ এপ্ৰিল: অসমত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণাৰ সংক্ৰমণ । ইয়াৰ পৰিপ্ৰেক্ষিতত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই গ্ৰহণ কৰিছে এক বিশেষ নিৰ্দেশনা । কৰ্তৃপক্ষই জাৰি কৰা এক জাননীৰৰ জৰিয়তে সকলো স্নাতক আৰু স্নাতকোত্তৰ চূড়ান্ত বৰ্ষৰ, ডক্টৰেট ডিগ্ৰীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাহিৰে সকলো শিক্ষাৰ্থীক অহা ২৩ এপ্ৰিলৰ ভিতৰত তেওঁলোকৰ হোষ্টেলসমূহ খালি কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে ।
প্ৰতিটো কোঠাৰ ছাবিসমূহ কৰ্তৃপক্ষক জমা দিবলৈ আহ্বান জনাইছে কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই । আনহাতে স্নাতক আৰু স্নাতকোত্তৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলক অহা ২৯ এপ্ৰিললৈকে হোষ্টেলত থাকিবলৈ অনুমতি দিয়া হৈছে আৰু ডক্টৰেট ডিগ্ৰীৰ ছাত্ৰ-ছাত্ৰীসকলক গৱেষণা আৰু গৱেষণাগাৰ ৩০ এপ্ৰিলৰ পাচত খালি কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই ।
লগতে পঢ়ক: ঢোল-পেঁপাৰ মাতত ৰজনজনালে নবিল পথাৰ