তেজপুৰ, ৩১আগষ্ট: অসমৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান তেজপুৰ বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকে প্ৰস্তুত কৰি উলিয়াইছে এণ্ড্ৰ’ইড ডিভাইচত বড়ো ভাষাত টাইপ কৰিব পৰা "ডেমচি" (Demsi) নামৰ এক বিশেষ এণ্ড্ৰ’ইড এপ । "ডেমচি"ৰ অৰ্থ হৈছে সুন্দৰ আৰু মসৃণ । হোৱাটছএপ ইনষ্টাগ্রাম, ইমেইল ঈত্যাদি বৰ্তমানৰ চফ্টৱেৰত ব্যৱহাৰ কৰিব পৰাকৈ সুবিধাজনক এই এপটো গুগল প্লে ষ্ট’ৰত পোৱা যাব । এই এপটোৱে শব্দৰ প্ৰথম কেইটামান আখৰ টাইপ কৰাৰ পিচত সম্ভাৱ্য শব্দৰ পৰামৰ্শ দি বড়ো ভাষাত টাইপ কৰাটো ব্যৱহাৰ কৰোতাসকলৰ বাবে সুবিধাজনক কৰি তুলিছে ।
![Android App for Bodo Typing](https://etvbharatimages.akamaized.net/etvbharat/prod-images/31-08-2023/as-tezpur-04-31aug-pix-tubodoapp-pranabkumardas-7203907_31082023210002_3108f_1693495802_90.jpg)
শিক্ষানুষ্ঠানখনৰ কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক স্মৃতি কুমাৰ সিনহাৰ তত্বাৱধানত কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্রিক বিভাগৰ এম টেক (আই টি)ৰ ছাত্ৰ সুডেন দৈমাৰীয়ে প্ৰাৰম্ভিক পৰ্যায়ত এই এপটোৰ উদ্ভাৱনৰ কাম আৰম্ভ কৰে ৷ পিচত সংশ্লিষ্ট বিভাগটোৰ প্ৰাক্তন ছাত্ৰ তথা তেজপুৰ মহকুমা জনজাতি উন্নয়ন ব'ৰ্ডৰ সভাপতি ড৹ নয়ন বসুমতাৰী তথা কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্রিক বিভাগৰ অধ্যাপক উৎপল শৰ্মা ইয়াৰ সৈতে জড়িত হৈ পৰে ৷
![Android App for Bodo Typing](https://etvbharatimages.akamaized.net/etvbharat/prod-images/31-08-2023/as-tezpur-04-31aug-pix-tubodoapp-pranabkumardas-7203907_31082023210002_3108f_1693495802_82.jpg)
বিশ্ববিদ্যালয়ৰ বিটেকৰ ছাত্ৰ সুজল কুমাৰ আৰু বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্র মানস প্রতিম লহকৰকে ধৰি আটাইৰে সহযোগিতাত এপটোৰ চূড়ান্ত প্ৰস্তুতিৰ কাম সম্পন্ন কৰা হয় ৷ বৃহস্পতিবাৰে সন্ধিয়া তেজপুৰ বিশ্ববিদ্যালয়ৰ স্কুল অৱ ইঞ্জিনিয়াৰিঙৰ ডীনছ গেলাৰীত উপাচার্য প্ৰফেছৰ শম্ভূনাথ সিঙে দেৱনাগৰী লিপিত বড়ো ভাষা লিখিব পৰা এই এপটো আনুষ্ঠানিকভাৱে মুকলি কৰে ৷
এপটো মুকলি কৰি শম্ভূনাথ সিঙে কয়, এই এপটোৱে অসমৰ অন্যতম বিশিষ্ট ভাষা বড়ো ভাষাক অধিক জনপ্ৰিয় কৰি তুলিব । উত্তৰ-পূব ভাৰতৰ ৩০ লাখতকৈ অধিক লোকে নিজৰ মাতৃভাষা হিচাপে বড়ো ভাষা কয় । কথা-বতৰা, নথি-পত্ৰ লিখন আৰু যোগাযোগৰ বাবে ইয়াক বহুলভাৱে ব্যৱহাৰ কৰা হয় । অৱশ্যে প্ৰযুক্তিৰ ক্ষেত্ৰত বড়ো ভাষা পিছপৰি আছে আৰু এই এপটোৱে বড়ো ভাষা লিখাত মানুহক সহায় কৰিব ।
এপটোৰ অন্যতম উদ্ভাৱক অধ্যাপক উৎপল শৰ্মাই এপটোৰ কিছু কাৰিকৰী দিশৰ বিষয়ে ব্যাখ্যা কৰি কয়, আজিকালি সাধাৰণতে কম্পিউটাৰ আৰু মোবাইল ডিভাইচত নথি-পত্ৰ তৈয়াৰ কৰা হয় । বড়ো শব্দৰ পৰামৰ্শ আৰু শব্দৰ পৰামৰ্শৰ অভাৱত মানুহে হিন্দী ভাষাৰ চফ্টৱেৰৰ ওপৰত নিৰ্ভৰ কৰিবলৈ বাধ্য হয়, যাৰবাবে শব্দ সৃষ্টিৰ বাবে অত্যাধিক সময়ৰ প্ৰয়োজন হয় ৷ ফলস্বৰূপে বহুতে ইয়াক ব্যৱহাৰ কৰাটো সুবিধাজনক ৰূপে বিবেচনা নকৰে ৷
তেওঁ লগতে কয়, ইয়াৰ উপৰিও মানুহে ৰোমান (ইংৰাজী) বর্ণমালাৰ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰিবলৈ বাধ্য হয়, যাৰ ফলত মানুহে নিজৰ মাতৃভাষা বড়ো ভাষাত লিখাৰ ব্যৱহাৰিক অভ্যাস পাহৰি যায় । সেয়েহে আমাৰ এই প্ৰচেষ্টাই বড়ো ভাষাৰ বাবে ভুল বানান পৰীক্ষক আৰু শব্দৰ পৰামর্শ ব্যৱস্থাৰ বিকাশ আৰু ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷