ETV Bharat / state

তেজপুৰত সংহত ক্ৰীড়া প্ৰকল্পৰ আধাৰশিলা স্থাপন বৃন্দাবন গোস্বামীৰ

author img

By

Published : Nov 30, 2020, 7:27 PM IST

অসম চৰকাৰৰ অভিলাষী বিধায়কৰ স্বাক্ষৰ প্ৰকল্পৰ অধীনত অনুমোদিত পুঁজি দহ কোটিৰ ভিতৰত ন কোটি আশী লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া হজৰাপাৰ সংহত ক্ৰীড়া প্ৰকল্পৰ সোমবাৰে শোণিতপুৰৰ উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিং লগতে বহু গণ্যমান্য ব্যক্তিৰ উপস্থিতিত তেজপুৰ সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন শিক্ষা মন্ত্ৰী বৃন্দাবন গোস্বামীয়ে আধাৰশিলা স্থাপন কৰে।

tezpur stadium story
তেজপুৰত সংহত ক্ৰীড়া প্ৰকল্পৰ আধাৰশিলা স্থাপন বৃন্দাবন গোস্বামীৰ

তেজপুৰ, ৩০ নৱেম্বৰ : তেজপুৰ হজৰাপাৰ ষ্টেডিয়ামৰ ভূমি পূজনৰ পিছত বিধায়ক বৃন্দাবন গোস্বামী আৰু জিলা উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙে নাৰিকল ভঙাৰ পিছতেই আধাৰশিলা ফলক মুকলি কৰে বিধায়ক গোস্বামীয়ে। ৰাজ্যৰ লোক নিৰ্মাণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ দ্বাৰা নিৰ্মাণ হ'বলগীয়া উক্ত সংহত ক্ৰীড়া প্ৰকল্পৰ অধীনত এতিয়ালৈকে প্ৰায় ফুটবল ট্ৰাফ, দৰ্শকৰ গেলাৰী, ৰিটেইনিঙ দেৱাল আৰু ভূমি উন্নয়ন কৰা হ'ব বুলি জানিব পৰা গৈছে।

উদ্বোধনী অনুষ্ঠানত দিয়া আদৰণি ভাষণত বিধায়ক বৃন্দাবন গোস্বামীয়ে অসমৰ মুখ্যমন্ত্ৰীয়ে ষ্টেডিয়ামৰ ফ্লাড্ লাইটৰ কাৰণে পাঁচ কোটি অনুমোদন জনোৱাৰ লগতে চি আই ডি এফৰ অধীনত ২৪ কোটি টকাৰ আন এক প্ৰকল্প দাখিল কৰা বুলি সদৰি কৰে। উদ্বোধনী অনুষ্ঠানত ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন খেলুৱৈ তেজপুৰৰ সন্তান ৰদালী বৰুৱা, বিশেষভাৱে সক্ষম ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়াবিদ প্ৰয়াসী কটকী, ৰাষ্ট্ৰীয় পৰ্যায়ৰ জ্যেষ্ঠ ক্ৰীড়াবিদ ডাঃ বিশ্ব ৰঞ্জন কলিতা প্ৰমুখ্যে কেইবাগৰাকী ক্ৰীড়াবিদক তেজপুৰ ষ্টেডিয়াম সমিতিৰ ফালৰ পৰা সম্বৰ্দ্ধনা জনোৱা হয়।

লগতে পঢ়ক: চিৰাঙত নিশাৰ সুযোগ লৈ ইউপিপিএলৰ পোষ্টাৰ ফালিলে দুৰ্বৃত্তই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.