তেজপুৰ, 2 আগষ্ট : কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত (UPSC) উজলিল তেজপুৰৰ আশীষ কুমাৰ শাকল্য ৷ তেজপুৰ চান্দমাৰীৰ আশীষ কুমাৰ শাকল্যই ৰাষ্ট্ৰীয় পযাৰ্য়ত সপ্তম স্থান দখল কৰা বাতৰিয়ে উৎফুল্লিত কৰি তুলিছে চহৰবাসীক ৷ উল্লেখ্য যে, কেন্দ্ৰীয় লোকসেৱা আয়োগৰ দ্বাৰা আয়োজিত ভূ-তত্ব বিজ্ঞানী(Geo-Scientist and Geologist Exam)ৰ পৰীক্ষাত তেওঁ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা একমাত্ৰ বিজ্ঞানী হিচাপে এই বছৰ নিৰ্বাচিত হোৱাৰ উপৰিও সৰ্বভাৰতীয় পৰ্যায়ত সপ্তম স্থান দখল কৰিছে ৷

সৰুৰে পৰাই অত্যন্ত মেধাৱী আশীষৰ পিতৃ জয়ন্ত শৰ্মা তেজপুৰৰ আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ এগৰাকী আৰক্ষী বিষয়া ৷ তেজপুৰ চেক্ৰেট হাৰ্ট বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত আশীষে কটন মহাবিদ্যালয় আৰু পৰৱৰ্তী সময়ত দিল্লী বিশ্ববিদ্যালয়ৰ অধীনত বিজ্ঞান বিভাগত উত্তীৰ্ণ হৈ বাংগালুৰুৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগত অধ্যয়ন কৰিছিল ৷