ETV Bharat / state

Tezpur Sahitya Utsav 2022: ৯ ডিচেম্বৰৰ পৰা তেজপুৰ সাহিত্য উৎসৱ ২০২২ - অধ্যাপক জের্নাইল সিং আনন্দ

দেশৰ জনপ্ৰিয়, বিশিষ্ট লেখক – সাহিত্যিক, কার্টুনিষ্ট, অভিনেতাৰ অংশ গ্ৰহণেৰে তেজপুৰত প্ৰথমবাৰৰ বাবে ৯ ৰ পৰা ১১ ডিচেম্বৰলৈ "তেজপুৰ সাহিত্য উৎসৱ - ২০২২" আয়োজন কৰা হৈছে (Tezpur Sahitya Utsav 2022 in Tezpur)৷

Tezpur Sahitya Utsav 2022 in Tezpur
Tezpur Sahitya Utsav 2022: তেজপুৰত প্ৰথমবাৰৰ বাবে তেজপুৰ সাহিত্য উৎসৱ ২০২২
author img

By

Published : Nov 29, 2022, 5:19 PM IST

তেজপুৰ, ২৯ নৱেম্বৰ: শিলে কথা কোৱা প্ৰকৃতিৰ ৰম্যভূমি তেজপুৰত হ’ব কথা আৰু কবিতাৰ বৰষুণ ৷ দেশ আৰু উত্তৰ পূৰ্বাঞ্চলৰ একাংশ জনপ্ৰিয় লেখক-সাহিত্যিকৰ সমাৱেশেৰে অহা ৯, ১০ আৰু ১১ ডিচেম্বৰত প্ৰথমবাৰৰ বাবে তেজপুৰত আয়োজন কৰিবলৈ লোৱা "তেজপুৰ সাহিত্য উৎসৱ - ২০২২" (Tezpur Sahitya Utsav 2022)( তেজপুৰ লিটফেষ্ট'২২) ৰ প্ৰস্ততি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৷ মঙলবাৰে সন্ধিয়া ৬ বজাত ফেচবুকৰ মেটা ভাৰচন যোগেদি "তেজপুৰ সাহিত্য উৎসৱ - ২০২২" ৱেবছাইট মুকলি কৰা হ’ব ৷ উল্লেখ্য যে অসমত প্ৰথম বাৰৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

তেজপুৰত প্ৰথমবাৰৰ বাবে তেজপুৰ সাহিত্য উৎসৱ ২০২২

তেজপুৰৰ সাহিত্য আৰু শৈক্ষিক অনুষ্ঠান "তেজপুৰ একাডেমী অৱ লিটাৰেচাৰ এণ্ড এডুকেশ্বন" (টেল) ৰ উদ্যোগত শোণিতপুৰ জিলা প্ৰশাসনৰ লগতে তেজপুৰীয়া ৰাইজৰ সহযোগত তেজপুৰৰ নেৰিয়ালম চৌহদত অনুষ্ঠিত হ'ব এই সাহিত্য উৎসৱ (Tezpur Sahitya Utsav 2022 in Tezpur) ৷ সাহিত্য উৎৱৰ প্ৰতিটো দিনতে আয়োজিত হ’ব লগা বিভিন্ন কার্যসূচীত অংশ গ্ৰহণ কৰিব প্ৰসিদ্ধ লেখক ধ্ৰুৱজ্যোতি বৰা, মামাং দাই, মিত্ৰা ফুকন, ধ্ৰুব হাজৰিকা, অনুৰাধা শৰ্মা পূজাৰী, য়েছে দৰজে ঠংছি, অৰিন্দম বৰকটকী, জেনিচ প্যাৰিয়ট , শৰ্মিষ্ঠ প্ৰীতম আদি লেখক-লেখিকা সকলৰ লগতে চেলিব্ৰিটি চিনে তাৰকা ৰজত কাপুৰে ৷ শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ আয়োজক সমিতিৰ সভাপতি হিচাপে থাকি দেশৰ এই জনপ্ৰিয় লেখক - সাহিত্যিক সকলক আদৰিবলৈ "টেল" ৰ কৰ্মকৰ্তাৰ লগতে আয়োজক সমিতিয়ে ব্যাৱস্থা গ্ৰহণ কৰিছে।

এই সাহিত্য উৎসৱত লেখক-সাহিত্যিক সকলৰ সৈতে পাঠকৰ "মেজমেল", "লেখকৰ সৈতে মুখামুখি - অন্তৰংগ আলাপ", "সৃজনশীল লেখাৰ কৰ্মশালা", "বহুভাষিক গদ্য - কবিতা পাঠ", "থিতাতে কবিতা ৰচনা", "শ্লেম কবিতা বা দৃশ্য শ্ৰাব্য কবিতা", "ঘূৰণীয়া মেজমেল", "সমূহীয়া বক্তৃতা", "কুইজ", "গল্প পাঠ" আদি কাৰ্য্যসূচীৰ লগতে ৰুচিশীল সাংস্কৃতিক অনুষ্ঠানকে ধৰি বিভিন্ন কাৰ্য্যসূচীৰ বাবে সাজু হৈছে আয়োজক সমিতি ৷ উল্লেখ্য যে তেজপুৰ চহৰৰ সমীপৰ দোলাবাৰীৰ নেৰিয়ালম চৌহদত (Neriwalm Campus) ত অনুষ্ঠিত হ’ব লগা এই সাহিত্য উৎসৱ প্ৰতিদিনে পুৱা ১০ বজাৰ পৰা বিয়লি ৫.৩০ বজালৈ সকলোৰে বাবে মুকলি থাকিব আৰু সকলো অনুষ্ঠানতে সকলোৱে বিনামূলীয়াকৈ অংশ গ্ৰহণ কৰিব পাৰিব ৷

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড৹ ধ্ৰুৱজ্যোতি বৰাই উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশ গ্ৰহণ কৰাৰ লগতে ভাৰতীয় তেল নিগমৰ মুখ্য সাধাৰণ পৰিচালক মাধুর্য্য বৰুৱা, তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাস, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই সন্মানীয় অতিথি , শোণিতপুৰৰ উপায়ুক্ত দেৱকুমাৰ মিশ্ৰ আৰু জিলা আৰক্ষী অধীক্ষক সুশান্তবিশ্ব শর্মা বিশেষ আমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকিব ৷

উদ্বোধনী অনুষ্ঠানৰ অন্তত দুপৰীয়া ১২ বজাত কটন বিশ্ববিদ্যালয়ৰ উপাচার্য ড৹ ৰমেশ ডেকাই মূল বক্তব্য প্ৰদান কৰাৰ লগতে বিয়লি ২-৩০ বজাত অনুষ্ঠিত পেনেল আলোচনাত সাহিত্যিক মিত্ৰা ফুকন, অধ্যাপক জের্নাইল সিং আনন্দ , মামাং দাই, ধ্ৰুৱ হাজৰিকা আৰু অংকুশ শইকীয়াই অংশ ল’ব ৷ বিয়লি ৪-৩০ বজাত দেশৰ চেলিব্ৰিটি চিনে তাৰকা ৰজত কাপুৰৰ সতে বিশিষ্ট সাংবাদিক জাৰিৰ হুছেইনৰ কথোপকথন ৷

অহা ১০ ডিচেম্বৰৰ দ্বিতীয় দিনৰ কার্যসূচী অনুসৰি পুৱা ৮ বজাৰ পৰা ড৹ শোভ্ৰা দেৱীৰ তত্বাৱধানত তেজপুৰ হেৰিটেজ ট্যুৰ ( ঐতিহাসিক তেজপুৰ পৰিভ্ৰমন), দিনৰ ১০ বজাত সাহিত্য অকাডেমী বঁটা বিজয়ী বিশিষ্ট সাহিত্যিক ড. অনুৰাধা শর্মা পূজাৰীৰে অন্তৰংগ আলোচনা ৷ আলোচনাৰ আঁত ধৰিব অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী ড৹ চাৰু চহৰীয়া নাথে ৷ দিনৰ ১১ বজাত বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংছি, অৰিন্দম বৰকটকী, নাং অজন্তা বুঢ়াগোঁহাই আৰু মৌচুমী বৰকটকীৰ অংশ গ্ৰহণেৰে অনুষ্ঠিত হ’ব ‘সমসাময়িক অসমীয়া সাহিত্যৰ দিশ: সাম্প্ৰতিক অসমীয়া সাহিত্যৰ গতিপথ’ শীর্ষক বিষয়ৰ পেনেল আলোচনা ৷ আলোচনাৰ আঁত ধৰিব সাহিত্যিক ড৹ সঞ্জীৱপল ডেকাই ৷

দিনৰ ১২-৩০ বজাত হ’ব লগা লেখকৰে মুখামুখি(মিট দ্য অথৰ) অনুষ্ঠানত অংশ ল’ব জনপ্ৰিয় লেখিকা শৰ্মিষ্ঠা প্ৰীতমে ৷ সেইদিনা বিয়লি ২ বজাত সাহিত্যিক মামাং দাইৰ অংশ গ্ৰহণেৰে প্লেনাৰী চেছন, ৩-১৫ বজাত বিশিষ্ট সাহিত্যিক মিত্ৰা ফুকনৰে মুখামুখি অনুষ্ঠান আৰু গ্ৰন্থ উন্মোচন, ৪ বজাত ‘লিটাৰেচাৰ ইন টাইমচ অৱ ক্ৰাইচিচ' বিষয়ত সাহিত্যিক ধ্ৰুৱ হাজৰিকা, মিত্ৰা ফুকন, জেনিচ পেৰিয়ট আৰু অন্তৰ আত্ৰেয়ৰ অংশ গ্ৰহণেৰে পেনেল আলোচনা ৷ আলোচনাখনিৰ আঁত ধৰিব ড৹ হেমজ্যোতি মেধিয়ে ৷ সন্ধিয়া ৫-৩০ বজাত আয়োজিত হ’ব ‘লাফলাইনচ উইথ পংকজ থাপা’ ৷

১১ ডিচেম্বৰৰ অন্তিম দিনৰ কাৰ্যসূচী দিনৰ ১০ বজাত সৃজনীমূলক লেখাৰ সন্দৰ্ভত জেনিছ পাৰিয়াটৰ সৈতে অন্তৰংগ আলোচনা ,দুপৰীয়া ১২ বজাত ‘আমি কি পঢ়ো ?’ শীৰ্ষক অধ্যপিকা ড৹ পল্লবী ঝাৰ পৰিচালনাত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ অনুষ্ঠান, বিয়লি ১.৪০ বজাত কুইজ , ৫-১২ বছৰ বয়সৰ শিশুৰ সাধু কোৱা অনুষ্ঠান, বিয়লি ৩ বজাত নাট্যকাৰ সাংবাদিক পুলক ডেকাৰ পৰিচালনাত বহু ভাষিক কবিতাৰ অনুষ্ঠান ৷

সন্ধিয়া ৫ বজাত বঁটা প্ৰদান, সম্বৰ্ধনা আৰু বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী আদিৰে হ'বলগীয়া সামৰণি অনুষ্ঠানত তেজপুৰ বিশ্ববিদ্যাল়য়ৰ পঞ্জীয়ক ড৹ বীৰেণ দাস, ড৹ পলাশমনি শইকীয়া, ড৹ প্ৰদীপ কুমাৰ বৰা, আৰু ড৹ অমিত জুগ্ৰনে মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰিব ৷

লগতে পঢ়ক: Birds Killing in Jonai: জোনাই টালি বিলত বিহ দি নিধন বিভিন্ন পক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.