ETV Bharat / state

তেজপুৰত মৰেল পুলিচগিৰিত প্ৰাণ গ'ল এজন যুৱকৰ

author img

By

Published : May 22, 2021, 10:13 PM IST

তেজপুৰত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তেজনা ৷ মৰেল পুলিচগিৰিত প্ৰাণ গ'ল সাগৰ দাস নামৰ এজন যুৱকৰ ৷ পথ দুৰ্ঘটনাটোত নিহত হয় এটি কিশোৰো ৷

তেজপুৰত মৰেল পুলিচগিৰিত প্ৰাণ গ'ল এজন যুৱকৰ
তেজপুৰত মৰেল পুলিচগিৰিত প্ৰাণ গ'ল এজন যুৱকৰ

তেজপুৰ, ২২ মে' : তেজপুৰ কলিতা গাঁৱত পথ দুৰ্ঘটনা কেন্দ্ৰ কৰি উত্তেজনা ৷ মৰেল পুলিচগিৰিত মৃত্যু হয় এজন যুৱকৰ ৷

ঘটনা অনুসৰি, ২১ মে'ত সাগৰ দাস আৰু দেৱজিৎ দাসে বান্দৰ মাৰিৰ পৰা মটৰ চাইকেলৰে আহি থকা সময়তে কলিতা গাঁৱত ১০ বছৰীয়া এটি কিশোৰৰ সৈতে দুৰ্ঘটনাত পতিত হয় । ইয়াৰ পিচতে প্ৰত্যক্ষদৰ্শী আৰু একাংশ স্থানীয় ৰাইজ উত্তেজিত হৈ বাইক আৰোহী দুজনক মাৰপিট কৰে ।

ৰাইজৰ আক্ৰমণত সাগৰ দাস নামৰ যুৱকজনৰ থিতাতে মৃত্যু হোৱাৰ লগতে গুৰুতৰ ভাৱে আহত হয় দেৱজিৎ দাস ৷ আহত দেৱজিৎ দাসক ভৰ্তি কৰা হয় চিকিৎসালয়ত ৷ ইপিনে, দুৰ্ঘটনাৰ খবৰ ল'বলৈ যোৱা আন দুজন বন্ধুকো মাৰপিট কৰে উত্তেজিত ৰাইজে ।

ইয়াৰ উপৰিও দুৰ্ঘটনাত পতিত হোৱা ১০ বছৰীয়া কিশোৰটিক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱাৰ পথতে মৃত্যু হয় । মৰেল পুলিচগিৰিত মৃত্যু হোৱা সাগৰ দাসৰ পিতৃয়ে এতিয়া মৰেল পুলিচগিৰিত জড়িত একাংশ ব্যক্তি চিনাক্ত কৰি বিহগুৰি আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ ।

অন্য এক খবৰৰ বাবে: শপত গ্ৰহণ এৰি ক'ত গ'ল বিধায়ক চিৰাজুদ্দিন আজমল ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.