ETV Bharat / state

Darrang college girl missing case: নাটক শেষ, উদ্ধাৰ হ’ল তেজপুৰৰ পৰিস্মীতা

author img

By

Published : Jan 22, 2022, 8:31 PM IST

যোৱা ২০ জানুৱাৰীত তেজপুৰ দৰং মহাবিদ্যালয়ৰ বাণিজ্য শাখাৰ ছাত্ৰী পৰিস্মীতা দেৱী নিৰুদ্দেশ (Darrang college girl missing) হোৱাৰ ঘটনাই ল’লে নতুন মোৰ ৷ ছাত্ৰীগৰাকীৰ পৰিয়ালে এই ঘটনাক অপৰণ বুলি অভিযোেগ তুলিছিল যদিও ছাত্ৰীগৰাকী উদ্ধাৰ হোৱাৰ পিছতে ঘটনাই লয় অন্য ৰূপ ৷

Darrang college girl missing
নাটক শেষ, উদ্ধাৰ হ’ল তেজপুৰৰ পৰিস্মীতা

তেজপুৰ, 22 জানুৱাৰী: ক্লাছলৈ বুলি ওলাই গৈ নিৰুদ্দেশ হৈছিল তেজপুৰৰ দৰং মহাবিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী পৰিস্মীতা দেৱী (Darrang college girl missing case) ৷ ছাত্ৰীগৰাকী নিৰূদ্দেশ হোৱাৰ পিছতে এই ঘটনা অপহৰণ বুলি ধাৰণা কৰা হৈছিল ৷ আৰক্ষীৰ অনুসন্ধানৰ পিছতে এই ঘটনাই লৈছে নতুন মোৰ ।

শুকুৰবাৰে নিৰুদ্দিষ্ট ছাত্ৰীগৰাকীক নলবাৰীত উদ্ধাৰ কৰে আৰক্ষীয়ে । তেজপুৰ সদৰ আৰক্ষীয়ে ছাত্ৰীগৰকীক সোধপোচ কৰাত মুন ডেকাৰ নামৰ প্ৰেমিকৰ লগত নলবাৰীলৈ যোৱা বুলি স্বীকাৰ কৰাৰ লগতে এয়া অপহৰণৰ নাছিল বুলি কয় পৰিস্মীতা দেৱীয়ে ।

ছাত্ৰীগৰাকী নিৰুদ্দেশ হোৱাৰ পিছত জীয়ৰীৰ মুক্তিপণ হিচাপে পাঁচ লাখ টকা দাবী কৰা বুলি মিছা মাতিছিল পৰিস্মীতাৰ মাতৃয়ে । এই কথাও তেজপুৰ আৰক্ষীৰ সন্মুখত কয় পৰিস্মীতাই । আনহাতে মুন ডেকা নামৰ যুৱকজনক বৰ্তমানেও আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ।

নাটক শেষ, উদ্ধাৰ হ’ল তেজপুৰৰ পৰিস্মীতা

উল্লেখযোগ্য যে, যোৱা ২০ জানুৱাৰীত তেজপুৰ দৰং মহাবিদ্যালয়ৰ বাণিজ্য শাখাৰ একাদশ শ্ৰেণীৰ ছাত্ৰী পৰিস্মীতা দেৱীক অপহৰণৰ অভিযোগ তুলিছিল পিতৃ-মাতৃয়ে । উক্ত দিনা বিয়লি একমান বজাত মাতৃ মৃদুলা দেৱীৰ লগত শেষবাৰৰ বাবে কথা পতাৰ সময়ত পৰিস্মীতাই ক্লাছ শেষ হৈছে আৰু ঘৰলৈ গৈ আছো বুলি কয় । কিন্তু ডেৰমান বজাত পৰিস্মীতাৰ মবাইলৰ পৰা এজন যুৱকে তেওঁলোকৰ কন্যাক অপহৰণ কৰা বুলি কৈ মুক্তিপণ হিচাপে পাঁচ লাখ টকা দাবী কৰা বুলি পৰিস্মীতাৰ মাতৃ মৃদুলাই দেৱীয়ে সাংবাদিকৰ আগত ব্যক্ত কৰিছিল ।

লগতে পঢ়ক: লখিমপুৰত আৰক্ষীৰ বেষ্টনীৰ মাজৰ পৰাই পলাল গেৰেজাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.