ETV Bharat / state

শোণিতপুৰত আগষ্ট মাহত পুনৰ লক ডাউন ঘোষণা

author img

By

Published : Jul 31, 2020, 10:55 PM IST

শোণিতপুৰ জিলাত আগষ্ট মাহৰ প্ৰথম আৰু দ্বিতীয় শনিবাৰ আৰু দেওবাৰে জিলাখনৰ সকলো পৌৰসভা এলেকাসমূহক পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে ৷ জিলাখনত কৰ'ণা ভাইৰাছক গণসক্ৰমণ বৃদ্ধি পোৱাৰ বাবেই জিলা দণ্ডাধীশ মানবেন্দ্ৰ প্ৰতাপ সিঙে ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত জাৰি কৰিছে এই নিৰ্দেশ ৷

শোণিতপুৰত আগষ্ট মাহত পুনৰ লকডাউন ঘোষণা
শোণিতপুৰত আগষ্ট মাহত পুনৰ লকডাউন ঘোষণা

তেজপুৰ, ৩১ জুলাই : ৰাজ্যত ক'ভিড-১৯ ভাইৰাছৰ সংক্ৰমনক লৈ সৃষ্টি হোৱা শেহতীয়া পৰিস্থিতিৰ প্ৰৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰৰ পৰা পোৱা নিৰ্দেশনাৱলীৰ ওপৰত ভিত্তি কৰি শোণিতপুৰ জিলাত আগষ্ট মাহৰ প্ৰথম আৰু দ্বিতীয় শনিবাৰ আৰু দেওবাৰে জিলাখনৰ সকলো পৌৰসভা এলেকাসমূহক পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে ৷ জিলাখনত কৰ'ণা ভাইৰাছক গণসক্ৰমণ বৃদ্ধি পোৱাৰ বাবেই জিলা দণ্ডাধীশ মানবেন্দ্ৰ প্ৰতাপ সিঙে ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত জাৰি কৰিছে এই নিৰ্দেশ ৷ তেজপুৰ পৌৰ সভা এলেকাক সামৰি, ঢেকিয়াজুলি পৌৰ সভা, ৰঙাপাৰা পৌৰ সভা, জামুগুৰীহাট পৌৰ সভা আৰু বালিপৰা গাঁও পঞ্চায়তৰ লগতে লখৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত এলেকাসমূহক লকডাউন ঘোষণা কৰা হৈছে ৷ সন্ধিয়া ৭.০০ বজাৰ পৰা আৰম্ভ হোৱা প্ৰথম পৰ্যায়ৰ লকডাউন ৩ আগষ্ট সোমবাৰে পুৱা পৰ্যন্ত ৭ বজালৈকে বাহাল থাকিব ৷ ঠিক সেইদৰে, পৰবৰ্তী ৭ আগষ্টৰ সন্ধিয়া ৭ বজাৰ পৰা ১০ আগষ্ট পুৱা ৭বজালৈ ২ টা পৰ্যায়ত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে ৷

শোণিতপুৰত আগষ্ট মাহত পুনৰ লকডাউন ঘোষণা
শোণিতপুৰত আগষ্ট মাহত পুনৰ লকডাউন ঘোষণা

অন্য এক খবৰৰ বাবে:কাছাৰত উদ্ধাৰ হোৱা বিদেশী বন্যপ্ৰাণীৰ নামকৰণ বনমন্ত্ৰীৰ

আনহাতে, পূৰ্বে জিলা দণ্ডাধীশ গৰাকীয়ে জিলাখনত ঘোষণা কৰা সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৭ বজালৈকে সমগ্ৰ জিলাতে বাহাল থকা এই লকডাউন পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত আব্যাহত থাকিব ৷ উক্ত লকডাউনৰ সময়ছোৱাত ৰাইজৰ চলাচলত বাধা আৰোপ কৰাৰ লগতে ব্যক্তিগত যান-বাহন তথা যাত্ৰীবাহী যান-বাহনৰ চলাচলৰ ওপৰতো বাধা আৰোপ কৰা হৈছে ৷ সকলো ধৰণৰ বাণিজ্যিক প্ৰতিষ্ঠান, দোকান-পোহাৰৰ লগতে সকলো ধৰণৰ বানিজ্যিক কাৰ্য যেনে গাখীৰ যোগান, গেলামাল দোকান, পাছলি বিক্ৰী কৰা দোকান, দৈনিক বজাৰ, সাপ্তাহিক বজাৰ, হাট ইত্যাদি বন্ধ থাকিব৷ এই সময়ছোৱাত জিলাখনৰ উদ্যোগসমূহৰ লগতে ৰাজহুৱা যাতায়ত সেৱা, আতিথ্য খণ্ডৰ লগত জড়িত সেৱা, সকলো শিক্ষানুষ্ঠান, গৱেষণাগাৰ, প্ৰশিক্ষণ কেন্দ্ৰ, কোচিং কেন্দ্ৰসমুহ বন্ধ থাকিব,বন্ধ থাকিব সকলো ধৰ্মীয় উপাসনাৰ স্থলী ৷

শোণিতপুৰত আগষ্ট মাহত পুনৰ লকডাউন ঘোষণা
শোণিতপুৰত আগষ্ট মাহত পুনৰ লকডাউন ঘোষণা

লকডাউনৰ সময়ছোৱাত প্ৰতিৰক্ষা বাহিনী, কেন্দ্ৰীয় তথা ৰাজ্যিক আৰক্ষী বাহিনী, জিলা উপায়ুক্ত কাৰ্যালয়ত নিয়োজিত লোক, আৰক্ষী আয়ুক্ত, দুৰ্যোগ প্ৰশমন, গৃহৰক্ষী বাহিনী, অসামৰিক প্ৰতিৰক্ষা, অগ্নিনিৰ্বাপক বাহিনীৰ লোকক ৰেহাই দিয়া হৈছে আৰু পানী, বিদ্যুৎ যোগান সেৱা অব্যাহত থাকিব ৷ সকলো হাস্পতাল, খুচুৰা আৰু পাইকাৰী ঔষধ বিক্ৰেতা প্ৰতিষ্ঠানো খোলা থাকিব৷ চপা আৰু বৈদ্যুতিক মাধ্যমৰ সংবাদকৰ্মীৰ লগতে বাতৰি কাকত বিতৰণৰ লগত জড়িত লোকক লকডাউনৰ পৰা ৰেহাই দিয়া হৈছে ৷ দূৰ সংযোগ, ইন্টাৰনেট সেৱা, সম্প্ৰসাৰণ আৰু কেবল টিভি, তথ্য প্ৰযুক্তি সম্বন্ধীয় সেৱাৰ মেৰামতি কাৰ্যৰ লগত জড়িত লোকক আগতীয়া অনুমতি-পত্ৰ সহ সেৱা আগবঢ়াবলৈ অনুমতি দিয়া হৈছে ৷ বিদ্যুৎ শক্তি উৎপাদন, পৰিবহন আৰু বিতৰণ, অত্যাবশ্যকীয় সামগ্ৰী কঢ়িওৱা যান-বাহন, স্বাস্থ্য, অগ্নী-নিৰ্বাপন আৰু অনান্য অত্যাবশ্যকীয় সেৱাৰ লগত জড়িত যান-বাহন চলাৰ অনুমতি থাকিব ৷ বিমান বা ৰে’লৰ টিকট থকা ব্যক্তিসকলক আন্ত:ৰাজ্যিক আৰু আন্ত:জিলা যাতায়তৰ অনুমতি দিয়া হৈছে ৷ যাত্ৰীবাহী তথা মালবাহী ৰে’লৰ কাৰ্যকৰীকৰণ লগত প্ৰতক্ষভাৱে জড়িত ভাৰতীয় ৰেলৰ সকলো কাৰ্যালয়ো খোলা থাকিব ৷ শেষকৃত্য বা শ্ৰাদ্ধ আদি অনুষ্ঠানত ২০ জনতকৈ অধিক লোকৰ সমাগম হ’ব নোৱাৰিব ৷ এই নিৰ্দেশ তৎকালীন ভাৱে বলবৎ হোৱাকৈ আৰু পৰৱৰ্তী নিৰ্দেশ জাৰি নোহোৱালৈকে বাহাল থাকিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.