ETV Bharat / state

Tezpur Sahitya Utsav: কাইলৈৰ পৰা তেজপুৰ সাহিত্য উৎসৱ-2022

author img

By

Published : Dec 8, 2022, 8:41 PM IST

কাইলৈৰ পৰা অনুষ্ঠিত হ’ব তেজপুৰ সাহিত্য উৎসৱ-2022(Tezpur Sahitya Utsav 2022) ৷ কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে তেজপুৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব এই উৎসৱ ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব দেশৰ বহু প্ৰসিদ্ধ লেখক-লেখিকাই ৷ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে তেজপুৰৰ উপস্থিত বলিউড তাৰকা ৰজত কাপুৰ ৷

Tezpur Sahitya Utsav
কাইলৈৰ পৰা তেজপুৰ সাহিত্য উৎসৱ-2022

তেজপুৰ, 8 ডিচেম্বৰ: শুকুৰবাৰ অৰ্থাৎ কাইলৈৰ পৰা তেজপুৰত অনুস্থিত হ’ব ‘তেজপুৰ সাহিত্য উৎসৱ ২০২২’(Tezpur Sahitya Utsav) ৷ তেজপুৰৰ নেৰিয়ালম (NERIWALM) প্ৰাংগনত অনুষ্ঠিত হ’ব এই সাহিত্য উৎসৱ ৷ উল্লেখ্য যে কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে তেজপুৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব ’তেজপুৰ সাহিত্য উৎসৱ ২০২২’ (Tezpur literary festival)।

কাইলৈৰ পৰা তেজপুৰ সাহিত্য উৎসৱ-2022

ইয়াৰ বাবে ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে সকলো যাৱতীয় প্ৰস্তুতি ৷ আজি আয়োজনস্থলী পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বুজ লয় আয়োজক সমিতিৰ সভাপতি তথা শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই(DC Deba Kumar Mishra) । উপায়ুক্ত গৰাকীয়ে তেজপুৰৰ দোলাবাৰীস্থিত নেৰিয়ালম প্ৰাংগনৰ উদযাপনস্থলীৰ গ্ৰন্থ বিপনীৰ পৰা মূল প্ৰেক্ষাগৃহৰ সকলো দিশ তন্ন তন্নকৈ পৰ্যবেক্ষণ কৰে(Tezpur lit fest) ৷ কোনো দিশতে যাতে আসোঁৱাহ নাথাকে তাৰ বাবে আয়োজক সমিতিৰ আন আন বিষয়ববীয়া সকলক চকু দিবলৈ আহ্বান জনায় উপায়ুক্তগৰাকীয়ে ।

ইতিমধ্যে এই সাহিত্য উৎসৱত অংশ গ্ৰহণৰ বাবে মুম্বাইৰ পৰা তেজপুৰত আহি উপস্থিত হৈছেহি মুম্বাইৰ চিনে তাৰকা ৰজত কাপুৰ(Actor Rajat Kapur)। এই আয়োজনক লৈ এতিয়া ৰাজ্য আৰু দেশৰ প্ৰখ্যাত সাহিত্যিকৰ লক্ষ্যস্থান হৈ পৰিছে তেজপুৰ । ১১ ডিচেম্বৰলৈ তেজপুৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব লগা এই ‘তেজপুৰ সাহিত্য উৎসৱ - ২০২২’ত অনুষ্ঠিত হ’ব কেইবাটাও অনুষ্ঠান(Tezpur Sahitya Utsav 2022) ৷

লেখকৰ সৈতে মুখামুখি অন্তৰংগ আলাপ, সৃজনশীল লেখাৰ কৰ্মশালা, বহুভাষিক গদ্য - কবিতা পাঠ, সমূহীয়া বক্তৃতা, কুইজ, গল্প পাঠ আদিৰো আয়োজন কৰা হৈছে এই অনুষ্ঠানত ৷ ইয়াৰ বাবে ব্যস্ত হৈ পৰিছে আয়োজক তথা উদ্যোক্তাসকল ৷ শুকুৰবাৰে পুৱা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট কথাশিল্পী ডাঃ ধ্ৰুৱজ্যোতি বৰাই উদ্বোধন কৰিব এই অনুষ্ঠান (Dr Dhruba Jyoti Bora) ৷

য’ত অংশ গ্ৰহণ কৰিব বহু প্ৰসিদ্ধ লেখক-লেখিকাই ৷ দেশৰ এই জনপ্ৰিয় লেখক-সাহিত্যিক সকলক আদৰিবলৈ আয়োজক সমিতিয়ে গ্ৰহণ কৰিছে ব্যাপক তৎপৰতা ৷ অনুষ্ঠানৰ প্ৰস্ততি সুকলমে সম্পন্ন হৈ যোৱাৰ কথা সংবাদমাধ্যৰ আগত উল্লেখ কৰে উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই ৷

লগতে পঢ়ক: Dibrugarh Ragging case: ৰেগিংকাণ্ডত অভিযুক্ত আৰু এজন ছাত্ৰক আটক ডিব্ৰুগড় আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.