তেজপুৰ,১৭ অক্টোবৰ : ঢেকিয়াজুলিৰ কাটনীবাৰীত শোণিতপুৰ জিলা আৰক্ষীয়ে অভিযান চলাই উৎখাত কৰিলে এখন ভুৱা চিকিৎসালয় ৷ এইবাৰ ঢেকিয়াজুলিত মুন্নাভাই ৰূপী এম বি বি এছ । ডাঃ এম আহমেদ নামেৰে এজন ব্যক্তিয়ে কোনোধৰণৰ চিকিৎসা বিদ্যাৰ ডিগ্ৰী নোহোৱাকৈ ঢেকিয়াজুলিৰ কাটনীবাৰীত এখন চিকিৎসালয় খুলি ৰোগীৰ জীৱনৰ লগত হেতালি খেলি এক ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল ৷
অৱশ্যে আৰক্ষীয়ে অভিযান চলোৱাৰ পূৰ্বেই পলায়ন কৰে স্বয়ম্ভু চিকিৎসক মফিজুদ্দিনে ৷ চিকিৎসকৰ কোনো আনুস্থানিক শিক্ষা নোহোৱাকৈ খোলা ভুৱা চিকিৎসালয়খনত ৰোগীয়ে চেলাইন লৈ থকা দৃশ্যও প্ৰত্যক্ষ হয় ৷ মুন্নাভাই ৰূপি এমবিবিএছ মফিজুদ্দিনৰ ঘৰত খোলা ভুৱা চিকিৎসালয়খনত এখন ফাৰ্মাচীও উৎখাত কৰে আৰক্ষীৰ লগতে চিকিৎসকৰ অভিযানকাৰী দলটোৱে ৷ শোণিতপুৰ জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নোমল মাহাতাৰ নেতৃত্বত চলা অভিযানত এই ভূৱা ফাৰ্মাচীখনত বহু জীৱনদায়িনী ঔষধো উদ্ধাৰ কৰে অভিযানকাৰী দলটোৱে ৷ আৰক্ষীয়ে মুন্নাভাই ৰূপী মফিজুদ্দিনৰ ভুৱা চিকিৎসালয় খনৰ পৰা বিহাৰৰ ডাৰবাংগাত বি ফাৰ্ম কৰা এখন ভুৱা চাৰ্টিফিকেটো কৰিলে জব্দ ৷
লগতে পঢ়ক: অক্ষয় কুমাৰ সৈতে পৃথ্বীৰাজৰ ছেটত আহিবলৈ পাই উৎসুক মানুষী চিল্লাৰ