ETV Bharat / state

প্ৰতিৰক্ষা বিভাগত অন্তৰ্ভূক্ত হ’ব 9 এম এম কাৰ্বাইন

জইণ্ট ভেঞ্চাৰ প্ৰটেকটিভ কাৰ্বাইন অকল সেনাৰ হাততেই নহয়, ই কেন্দ্ৰীয় সুৰক্ষা কৰ্মীৰ হাততো উপলব্ধ হ’ব ৷ বিশ্বৰ সৰ্বাধিক দূৰত্ব ভেদ কৰিব পৰা এই অস্ত্ৰই 2017 চনত নতুন বিশ্ব ৰেকৰ্ড গঢ়ি 155 এম এম গান 47.2 কিল’মিটাৰ দৈৰ্ঘ অতিক্ৰম কৰিছিল ৷

author img

By

Published : Mar 13, 2021, 11:02 PM IST

Tezpur chairman at DRDO
ভাৰতৰ প্ৰতিৰক্ষা বিভাগত অন্তৰ্ভূক্ত হ’ব বিশ্বৰ অধিক দূৰত্ব ভেদ কৰিব পৰা 9 এম এম কাৰ্বাইন

তেজপুৰ,১৩ মাৰ্চ: ভাৰতৰ প্ৰতিৰক্ষা বিভাগত আগন্তুক এক বছৰৰ ভিতৰত স্থান লাভ কৰিব অন্যতম আধুনিক অস্ত্ৰ 9 এম এম কাৰ্বাইন ৷ 9 এম এম কাৰ্বাইন বিশ্বৰ অধিক দূৰত্ব ভেদ কৰিব পৰা অস্ত্ৰ । ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা উন্নয়ন সংস্থাৰ অধ্যক্ষ ড৹ জি সতীশ ৰেড্ডীয়ে শনিবাৰে তেজপুৰ প্ৰতিৰক্ষা গৱেষণা কেন্দ্ৰত উপস্থিত হৈ এখন সংবাদমেলত এই তথ্য সদৰী কৰে । দেশৰ এৰ’নেটিক বিভাগৰ সঞ্চালক প্ৰধান ড৹ জি সতীশ ৰেড্ডীয়ে লগতে কয় যে, জইণ্ট ভেঞ্চাৰ প্ৰটেকটিভ কাৰ্বাইন ইতিমধ্যে ভাৰতীয় সেনাৰ হাতত ট্ৰাইল চলি আছে আৰু ই সম্পন্ন হোৱাৰ দিশে ৷ জইণ্ট ভেঞ্চাৰ প্ৰটেকটিভ অকল সেনাৰ হাততেই নহয়, ই কেন্দ্ৰীয় সুৰক্ষা কৰ্মীৰ হাততো উপলব্ধ হ’ব ৷ আনহাতে বিশ্বৰ সৰ্বাধিক দূৰত্ব ভেদ কৰিব পৰা এই অস্ত্ৰই 2017 চনতে নতুন বিশ্ব ৰেকৰ্ড গঢ়ি 155 এম এম গান 47.2 কিল’মিটাৰ দৈৰ্ঘ অতিক্ৰম কৰিছিল ৷

এই পৰীক্ষণৰ পাছত আন এক সফল পৰীক্ষণত প্ৰায় 48 কিল’মিটাৰ অতিক্ৰম কৰা এই আধুনিক অস্ত্ৰ ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা উন্নয়ন সংস্থাৰ আৰু সেনাৰ এগৰাকী বিষয়াই নক্সা তৈয়াৰ কৰি উলিয়াইছে ৷ আগন্তুক এক বছৰৰ ভিতৰত ভাৰতীয় সেনাৰ হাতত উপলব্ধ হ’ব বুলি তেওঁ জানিবলৈ দিয়ে । আনহাতে দেশৰ এৰ’নটিক বিভাগক প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীয়ে 83 খন লাইট কমবেত তেজস্ব ফাইটাৰ ডেভেলপ কৰিবলৈ দিয়াত তেওঁ অত্যন্ত সুখী ৷ ইয়াৰ পিছত আৰু নতুন ফাইটাৰ উন্নত কৰাৰ প্ৰয়াস আছে বুলি জানিবলৈ দিয়ে ।

প্ৰতিৰক্ষা বিভাগত অন্তৰ্ভূক্ত হ’ব 9 এম এম কাৰ্বাইন

তদুপৰি বিশ্বৰ অন্যতম দূৰত্ব ভেদ কৰা আৰু বাফোছতকৈও উন্নত এ টি এ জি 9 এম এম কাৰ্বাইন (Advanced Towed Artillery Gun System ATAGS) বহু দূৰত্বত শত্ৰুক নাশ কৰিব পাৰিব বুলি প্ৰতিৰক্ষা গৱেষণা উন্নয়ন সংস্থাৰ অধ্যক্ষ গৰাকীয়ে জনিবলৈ দিয়ে । উল্লেখ্য যে, এই অস্ত্ৰৰে ইতিমধ্যে ছিকিমৰ চীন সীমান্তত আৰু পোখৰাণৰ পাকিস্তান সীমান্তত প্ৰায় 2000 ৰাউণ্ড ফায়াৰিং কৰা হৈছে বুলি ড৹ জি সতীশ ৰেড্ডীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক : শিৱসাগৰত স্মৃতি ইৰাণীৰ নিৰ্বাচনী প্ৰচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.