তেজপুৰ, 23 অক্টোবৰঃ অক্টোবৰ মাহৰ ২১ৰ পৰা আৰম্ভ হোৱা দি আছাম ভেলী স্কুলৰ ফাউণ্ডেশ্যন দিৱসৰ বুধবাৰে সমাপ্তি পৰে ৷ উইলিয়ামচন মেগৰ শৈক্ষিক ন্যাসৰ অধীনষ্ঠ দেশৰ অন্যতম শ্ৰেষ্ঠ বিদ্যালয় "শ্ৰেণীৰ" মৰ্যদা আহৰণ কৰিবলৈ সক্ষম হোৱা আবাসিক বিদ্যালয় দি আছাম ভেলী স্কুলে এইবাৰ ২৪তম ফাউণ্ডেশ্যন দিৱসৰ উদযাপন কৰে । এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভূটানৰ Centre OF Bhutan Studiseৰ গৱেষক কাৰমা ওৰা। অনুষ্ঠানত ভাগ লৈ ভূটানৰ গৱেষক ওৰাই কয় যে ভাৰত আৰু ভূটানৰ মাজত এটা সু সম্পৰ্ক আছে আৰু বিশেষকৈ অসমৰ সাংস্কৃতিক বৈচিত্ৰক লৈ ভূটান অভিভূত। উত্তৰ পূৰ্বাঞ্চলৰ কেবাখনো প্ৰদেশ ভূটানৰ দাতি কাষৰীয়া হোৱাৰ বাবে ইয়াৰ শৈক্ষিক পৰিৱেশৰ লগত বাৰুকৈয়ে এটা সু সম্পৰ্ক আছে বুলি উল্লেখ কৰে। গৱেষক কাৰমা ওৰাই তেজপুৰৰ দি আছাম ভেলী স্কুলৰ পৰিৱেশ আৰু শৈক্ষিক দিশৰ ওপৰত শলাগ লয় ।
![TEZPUR ASSAM VELLY SCHOOL FOUNDATION DAY](https://etvbharatimages.akamaized.net/etvbharat/prod-images/4845983_tezpur.jpg)
আছাম ভেলী স্কুলৰ এই অনুষ্ঠানত বিশিষ্ট চলচিত্ৰ অভিনেতা ভিক্টৰ বেনাৰ্জীও উপস্থিত থাকে। বিদ্যালয়খনৰ প্ৰধান শিক্ষক ডঃ ভেদুকেশ ভীমলে আগন্তুক বৰ্ষত হ'বলগীয়া ৰূপালী জয়ন্তী পালন কৰিবলৈ স্থিৰ কৰা বিদ্যালয়খনে ২৫ টা কাৰ্যসূচী ৰূপায়ণ কৰিব আৰু দেশৰ বিভিন্ন স্থানত শৈক্ষিক,সাংস্কৃতিক,ক্ৰীড়া আৰু সামাজিক ক্ষেত্ৰত অৰ্জন কৰা সফলতা প্ৰচাৰ কৰিব বুলি জানিবলৈ দিয়ে ৷