ETV Bharat / state

আৰ্থিক সংকটত সংস্কৃতিক নগৰী তেজপুৰৰ শিল্পী সমাজ

author img

By

Published : May 19, 2020, 10:04 PM IST

Updated : May 20, 2020, 10:20 AM IST

কৰ'ণা মহামাৰীৰ বাবেই এইবেলি ৰাজ্যত উদযাপন কৰা নহ'ল ৰঙালি বিহু । ৰঙালীৰ সময়ছোৱাতেই আটাইতকৈ বেছি অনুষ্ঠান পৰিৱেশন কৰে ৰাজ্যৰ শিল্পীসকলে । কিন্তু ইয়াৰ বিপৰীতে এইবাৰ বহাগৰ সময়ত শিল্পীসকলে অনুস্থান পৰিৱেশন কৰাৰ পৰা বিৰত থাকিবলগীয়া হয় । যাৰ ফলত যথেষ্ট আৰ্থিক সংকটৰ সন্মুখীন হ'বলগীয়া হৈছে শিল্পীসকলৰ লগতে বাদ্যযন্ত্ৰীসকল ।

Tezpur Artist society are in danger
আৰ্থিক সংকটত সংস্কৃতিক নগৰী তেজপুৰৰ শিল্পী সমাজ

তেজপুৰ,19 মেঃ দেশজুৰি চলি আছে লক ডাউন । বিগত প্ৰায় দুমাহ ধৰি চলি থকা এই লক ডাউনে অৰ্থনৈতিক ক্ষেত্ৰখনৰ সমান্তৰালকৈ প্ৰভাৱ পেলাইছে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনতো । চৰম আৰ্থিক সংকটৰ সন্মুখীন হৈছে অসমৰ শিল্পী সমাজ ।

উল্লেখ্য যে, কৰ'ণা মহামাৰীৰ বাবেই এইবেলি ৰাজ্যত উদযাপন কৰা নহ'ল ৰঙালি বিহু । ৰঙালীৰ সময়ছোৱাতেই আটাইতকৈ বেছি অনুষ্ঠান পৰিৱেশন কৰে ৰাজ্যৰ শিল্পীসকলে । কিন্তু ইয়াৰ বিপৰীতে এইবাৰ বহাগৰ সময়ত শিল্পীসকলে অনুস্থান পৰিৱেশন কৰাৰ পৰা বিৰত থাকিবলগীয়া হয় যাৰ ফলত যথেষ্ট আৰ্থিক সংকটৰ সন্মুখীন হ'বলগীয়া হৈছে শিল্পীসকলৰ লগতে বাদ্যযন্ত্ৰীসকল ।

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে আৰ্থিক দুৰৱস্থাৰ সন্মুখীন হৈছে অসমৰ সংস্কৃতিক নগৰী তেজপুৰৰ শিল্পী সমাজ আৰু ঐতিহ্যপূৰ্ণ বান থিয়েটাৰ । 1906 চনত প্ৰতিস্থিত তেজপুৰৰ ঐতিহ্যমণ্ডিত বান থিয়েটাৰ উত্তৰ অসমৰ এক মাত্ৰ বৃহত্তম সংস্কৃতিৰ মঞ্চ । প্ৰতি মাহে 40 -50 হাজাৰ টকাৰ ৰাজহ সংগ্ৰহ কৰে বান থিয়েটাৰে । ইয়াৰ ভিতৰতে প্ৰায় 40 হাজাৰ টকাৰ কেৱল থিয়েটাৰ পৰিচালনাৰ বাবে প্ৰয়োজন হয় । কিন্তু এতিয়া লক ডাউনৰ বাবে বৃহৎ ঘাটিৰ দিশে গতি কৰিছে বান থিয়েটাৰ ।

আনহাতে, বান থিয়েটাৰত আছে এখন সংগীত মহাবিদ্যালয় । লক্ষীৰাম বৰুৱা সংগীত মহাবিদ্যালয়খনৰ উপ-সভাপতি ভবানন্দ দাসে কয় যে লক ডাউনৰ বাবে যদিও ছাত্ৰ-ছাত্ৰী সকলে অসুবিধাৰ সন্মুখীন হৈছে কিন্তু ঘৰতেই যথেষ্ট পৰিমাণে প্ৰতিভাৰ বিকাশ ঘটোৱাৰ সুযোগ গ্ৰহণ কৰিছে ছাত্ৰ-ছাত্ৰী সকলে । সমান্তৰালকৈ এমৰাচাৰ থিয়েটাৰৰ শিল্পীসকলো সন্মুখীন হৈছে বৃহৎ প্ৰত্যাহ্বানৰ ।

মহামাৰীৰ এই সময়ত চৰকাৰে দৰিদ্ৰ লোকসকলৰ সাহাৰ্যৰ বাবে যিদৰে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে থিক তেনেদৰে ৰাজ্যৰ শিল্পী তথা কলা-কুশলী সকলক কিছু সাহাৰ্য প্ৰদানৰ ব্যৱস্থা কৰিলে বহু পৰিমাণে লভান্বিত হ'ব শিল্পী সমাজ ।

লগতে পঢ়ক- ঔষধি গুণ সম্পন্ন চাহপাত তৈয়াৰ শিৱসাগৰৰ বিজ্ঞানীৰ

Last Updated : May 20, 2020, 10:20 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.