ETV Bharat / state

শ্বহীদৰ স্বীকৃতিৰ বাবে প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ তেজপুৰৰ অধিবক্তাৰ - শোণিতপুৰ জিলা

সুদীৰ্ঘ 74 বছৰে বঞ্চিত শোণিতপুৰৰ শ্বহীদ সকল ৷ এই অভিযোগ এগৰাকী অধিবক্তাৰ ৷ 7 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী উপস্থিত হোৱাৰ পূৰ্বে অধিবক্তা গৰাকীয়ে পত্ৰ যোগে স্বীকৃতি প্ৰদানৰ আহ্বান ভাৰত চৰকাৰক ৷

Tezpur Advocate Letter Send PM Modi
শ্বহীদৰ স্বীকৃতিৰ বাবে প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ তেজপুৰৰ অধিবক্তাৰ
author img

By

Published : Feb 5, 2021, 10:49 PM IST

তেজপুৰ, 5 ফেব্ৰুৱাৰী : " আপুনি যেতিয়া ঘৰলৈ যাব আপোনাৰ উত্তৰ প্ৰজন্মক আমাৰ বিষয়ে ক’ব, তেওঁলোকে কাইলৈৰ বাবে আজিক জলাঞ্জলী দিছে" ৷ উপৰোক্ত পংক্তি ফাঁকি কহিমাৰ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ ৷ কাব্যিকভাৱে লিখা এই আমৰণশীল উক্তিয়ে যেন চুই যায় 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ সকলৰ ত্যাগক ।

Tezpur Advocate Letter Send PM Modi
শ্বহীদৰ স্বীকৃতিৰ বাবে প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ তেজপুৰৰ অধিবক্তাৰ

সমগ্ৰ অসমৰ লগতে শোণিতপুৰ জিলাৰ বিভিন্ন ব্যক্তিৰ ত্যাগৰ বিষয়ে আখৰে আখৰে লিখা আছে শ্বহীদ নগৰী ঢেকীয়াজুলি, গহপুৰ ইত্যাদি অঞ্চল । 1942 চনত বগা বঙালৰ (ব্ৰিটিছ চৰকাৰৰ চিপাহীৰ) গুলিত কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিয়ে গহপুৰত মৃত্যুবৰণ কৰিছিল ৷ লগতে, ঢেকীয়াজুলিৰ শ্বহীদ মণিৰাম বড়ো, ৰতন কছাৰী, মঙলু কুৰকো, সৰুনাথ চুতীয়া, কুমলী দেৱী, খহুলি দেৱী ,লেৰেলা কছাৰী, দয়াল দাস পানীকা, টিলেশ্বৰী বৰুৱা, মোহিৰাম কোঁচ আৰু মনবৰ কছাৰী এই সকল লোকে মৃত্যুবৰণ কৰিছিল ৷ কিন্তু সুদীৰ্ঘ 74 বছৰে এইসকল লোকৰ পৰিয়ালে বঞ্চিত হৈ থাকিল ৰজাঘৰীয়াৰ সু-দৃষ্টিৰ পৰা ৷

Tezpur Advocate Letter Send PM Modi
প্ৰেৰণ কৰা পত্ৰখন

ঢেকীয়াজুলিৰ এই সকল বীৰ-বীৰাংগনাৰ হৈ ৰাইজ তথা সামাজিক অনুষ্ঠানৰ অশেষ আহ্বানৰ পিচতো ৰজাঘৰীয়াৰ দ্বাৰা কোনো ধৰণৰ স্বীকৃতি লাভ নকৰাৰ অভিযোগ এগৰাকী অধিবক্তাৰ ৷ যাৰবাবে তেজপুৰৰ সমাজ সেৱক তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা সুবাস বিশ্বাসে প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰাকমুহূৰ্তত প্রধানমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰি শ্বহীদ সকলৰ স্বীকৃতিৰ বাবে আহ্বান জনাইছে ৷

লগতে পঢ়ক : মৃত্যুৰ পাচত চাকৰি নিয়মীয়াকৰণ হ’ল সোণালী বাইদেউৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.