তেজপুৰ,১১জুলাই: শোনিতপুৰ জিলাৰ তেজপুৰ চহৰৰ নিকটৱৰ্তী দ'বেছেৰীয়া কলিতাগাঁৱত শনিবাৰে নিশা বৰষা দেৱী (২০) নামৰ এগৰাকী বোৱাৰীৰ আত্মহত্যাক কেন্দ্ৰ কৰি দেওবাৰে বিয়লি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় (Tense in Tezpur over daughter in laws suicide) ৷ উল্লেখ্য় যে পাঁচ মাহ পূৰ্বে হুগ্ৰাজুলিৰ বৰষা দেৱীৰ বেছেৰীয়াৰ উৎপল নাথৰ লগত বিয়া হৈছিল ৷ কিন্তু শনিবাৰে সন্ধিয়া বোৱাৰী গৰাকীৰ মৃতদেহ স্বামীগৃহতে ৰহস্য়জনক ভাবে চিপ লোৱা অৱস্থাত উদ্ধাৰ হয়।
উল্লেখ্য় যে ঘটনাৰ সময়ত নৱ-বিবাহিতা বোৱাৰী গৰাকীৰ স্বামী বাসগৃহত নাছিল ৷ শনিবাৰে সন্ধিয়া স্বামীৰ স'তে হুগ্ৰাজুলিৰ মাতৃগৃহলৈ যোৱাৰ কথা আছিল ৷ কিন্তু উৎপলে ঘৰলৈ উভতি আহি শোৱনিকোঠাৰ দুৱাৰ ভিতৰৰ পৰা বন্ধ থকাত পত্নীক মাতে যদিও কোনো সঁহাৰি নাপালে । ইয়াৰ পাছতে উৎপলে ঘৰৰ দুৱাৰ ভাঙি প্ৰৱেশ কৰি বৰষাক চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰে । লগে লগে তেওঁ উক্ত ঘটনাৰ বিষয়ে বৰষাৰ পৰিয়ালৰ লগতে আৰক্ষীক অৱগত কৰে ।
দেওবাৰে দিনত বৰষাৰ মৰোনোত্তৰ পৰীক্ষা তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত সম্পন্ন হোৱাৰ পিছত মৃতদেহটো বেছেৰীয়াৰ স্বামী গৃহলৈ অনা হয়( Post Mortem at Tezpur Kanakalata Civil Hospital)। ইয়াৰ পাছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে ৷ বৰষাৰ পৰিয়ালে মৃতদেহ স্বামীগৃহৰ চোতালতে দাহ কৰাৰ দাবী জনায় । অৱশ্য়ে পৰিস্থিতিৰ অধিক অৱনতি হোৱাৰ পূৰ্বেই শোণিতপুৰৰ উপ-আৰক্ষী অধীক্ষক আৰু তেজপুৰ সদৰ ৰাজহ চক্ৰ বিষয়া ঘটনাস্থলীত উপস্থিত হয় । আৰক্ষীয়ে পিছত মৃতদেহটো ৰাজহুৱা শ্মশানত দাহ কৰাৰ ব্যৱস্থা কৰে।
ইতিমধ্য়ে শোণিতপুৰ আৰক্ষীয়ে তেজপুৰ সদৰ থানাত ভাৰতীয় দণ্ডবিধিৰ 302/34 ধাৰাৰ অধীনত ৭৮০/২২ নম্বৰত গোচৰ ৰুজু কৰি উৎপল নাথৰ লগতে শহুৰ মহেন্দ্ৰ নাথ আৰু শাহুৱেকক গ্ৰেপ্তাৰ কৰে ( Case registered at Tezpur Sadar Police Station)। ইপিনে, বৰষাৰ আত্মহত্যাৰ বিপৰীতে তেওঁৰ পৰিয়ালে এয়া এক হত্যাকাণ্ড বুলি দাবী কৰিছে । বৰষাৰ পৰিয়ালে অভিযোগ কৰি কয় যে স্বামীগৃহত তেওঁক মানসিক নিৰ্যাতন চলোৱা হৈছিল ।
লগতে পঢ়ক:Crime in Guwahati: দোকানৰ ভিতৰতেই দাৰে ঘপিয়ালে একে পৰিয়ালে 5 জনক