ETV Bharat / state

APPSC Paper Scam : অৰুণাচলত লোকসেৱা আয়োগৰ কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰক লৈ চেপা উত্তেজনা - Arunachal Pradesh Public Service Commission

অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগৰ নিলম্বিত কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ (Body of suspended APPSC official recovered) । চেপা উত্তেজনা অব্যাহত । শনিবাৰে লোকসেৱা আয়োগৰ কাৰ্যালয়ৰ সন্মুখত এই মৃত্যুৰ ন্যায় বিচাৰি গৃহমন্ত্ৰীৰ হস্তক্ষেপ দাবী ৰাইজৰ । অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগৰ সন্মুখত অৱস্থান ধৰ্মঘট ।

APPSC
APPSC
author img

By

Published : Feb 25, 2023, 9:18 PM IST

তেজপুৰ, ২৫ ফেব্ৰুৱাৰী : অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰ পুনৰ উত্তপ্ত । লোকসেৱা আয়োগৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰীত (APPSC question paper leaked case) জড়িত থকাৰ অভিযোগত নিলম্বিত অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগৰ সচিব তুমি গংকাক শুকুৰবাৰে ৰাজ্যৰ ৰাজধানীখনৰ বাহিৰৰ অঞ্চলত ৰহস্যজনক পৰিস্থিতিত মৃত অৱস্থাত উদ্ধাৰ কৰা হয় (Body of suspended APPSC official recovered) । এই ঘটনাৰ পিছতে শুকুৰবাৰে সন্ধিয়াৰ পৰা ৰাজধানী চহৰখনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

ইফালে শনিবাৰে লোকসেৱা আয়োগৰ কাৰ্যালয়ৰ সন্মুখত স্থানীয় ৰাইজে এই মৃত্যুৰ ন্যায় বিচাৰি গৃহমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰে (tense situation in Arunachal) । তাৰবাবে আয়োগৰ সন্মুখত অৱস্থান কৰে প্ৰতিবাদকাৰীসকলে (Arunachal Pradesh Public Service Commission) । আনহাতে, আৰক্ষী অধীক্ষক (ৰাজধানী) জিমি চিৰামে জনোৱা মতে, ইটানগৰ চিৰিয়াখানাৰ পথ ট্ৰাই-জংচন আৰু গংগা হ্ৰদৰ মাজৰ এটা স্থানত গছত ওলমি থকা অৱস্থাত গংকাকৰ মৃতদেহ উদ্ধাৰ হয় । তেওঁ কয় যে এই তথ্য পোৱাৰ পিছতে আৰক্ষীৰ এটা দলে ততাতৈয়াকৈ উক্ত গৈ স্থানত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে (APPSC paper scam issue) ।

অৱশ্যে এই সন্দৰ্ভত সবিশেষ তথ্য প্ৰদান নকৰি আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, ‘এই বিষয়ত তদন্ত আৰম্ভ কৰা হৈছে । সূত্ৰ অনুসৰি, গ্ৰুপ কে কে ডব্লিউ এছত বৃহস্পতিবাৰে বিয়লি ৪.৫৮ বজাত গংকাকৰ শেষ বাৰ্তাত লিখা আছিল, “মোৰ প্ৰিয় সন্মানীয় সদস্যসকল, মই কেতিয়াও এপিপিএছচিৰ কাগজ ফাদিলৰ সৈতে জড়িত হোৱা নাই । মই নিৰ্দোষী । কিন্তু মোকো টাৰ্গেট কৰা হৈছে, যেনেকৈ পৰীক্ষাৰ সহকাৰী নিয়ন্ত্ৰক আছিল ।” জানিব পৰা মতে, যোৱা ২২ ফেব্ৰুৱাৰীৰ বিয়লি প্ৰায় ৩.৩০ বজাত গংকাকক (৪৫) লোকসেৱা আয়োগৰ কাৰ্যালয়লৈ মাতি অনা হৈছিল । বৃহস্পতিবাৰে বিয়লি ৪ বজাত গংকাকে ঘৰৰ পৰা ওলাই যায় আৰু সন্ধিয়া প্ৰায় ৫.৩০ বজাত তেওঁৰ মোবাইল ফোনটোত সংযোগ পোৱা নগ’ল বুলি আৰক্ষী অধীক্ষক জিমি চিৰামে জানিবলৈ দিয়ে । অৱশ্যে এয়া হত্যা নে আত্মহত্যা আছিল সেয়া মৰণোত্তৰ পৰীক্ষাৰ পিছতহে গম পোৱা যাব বুলিও আৰক্ষীয়ে কয় ।

তেওঁ লগতে কয়, "অস্বাভাৱিক মৃত্যুৰ সকলো দিশৰ তদন্ত কৰা হ’ব । তেওঁৰ ওচৰলৈ জীৱনলৈ ভাবুকিপূৰ্ণ কোনো ফোন বা মেছেজ আহিছিল নেকি সেই সন্দৰ্ভতো তদন্ত কৰা হ’ব ।" উল্লেখ্য, বৃহস্পতিবাৰে মৃত গংকাকে ৱাটছএপ গ্ৰুপত লিখিছিল, ‘মোৰ প্ৰিয় সন্মানীয় সদস্যসকল, মই কেতিয়াও এপিপিএছচিৰ কাগজ ফাদিলৰ সৈতে জড়িত হোৱা নাই । মই নিৰীহ, কিন্তু পৰীক্ষাৰ সহকাৰী নিয়ন্ত্ৰক হোৱাৰ বাবে মোক টাৰ্গেট কৰা হৈছে ।” ইফালে, নিলম্বিত বিষয়াজনৰ ৰহস্যজনক মৃত্যুৰ তদন্ত বিচাৰি চিম্পু থানাত এফআইআৰ দাখিল কৰে গংকাকৰ পৰিয়ালৰ লোকে ।

সূত্ৰই জনোৱা মতে, মৃতদেহটো ইটানগৰৰ ৰামকৃষ্ণ মিছন হাস্পতালৰ মৰ্গত ৰখা হৈছিল আৰু শনিবাৰে মৰণোত্তৰ পৰীক্ষাৰ বাবে টোমো ৰিবা ইনষ্টিটিউট অব হেল্থ এণ্ড মেডিকেল ছায়েন্স (TRIHMS), নাহৰলগুনলৈ লৈ যোৱাৰ পিছত পৰিয়ালৰ লোকে ৰাজধানী চহৰৰ সমীপত শেষকৃত্য সম্পন্ন কৰাৰ ব্যৱস্থা কৰে । উল্লেখ্য, যোৱা বছৰৰ ২৯ আগষ্টত ইটানগৰ আৰক্ষী থানাত গ্যামাৰ পাডুং নামৰ এজন প্ৰাৰ্থীয়ে এজেহাৰ দাখিল কৰাৰ পিছত এপিপিএছচিৰ দ্বাৰা পৰিচালিত সহকাৰী অভিযন্তা (চিভিল) পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনা পোহৰলৈ আহে ।

ইয়াৰ পূৰ্বে ২৬ আৰু ২৭ আগষ্টত অনুষ্ঠিত পৰীক্ষাত ৪ শতাধিক পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল । অক্টোবৰ মাহত ৰাজ্য চৰকাৰে গোচৰটো তদন্তৰ বাবে চিবিআইক গতাই দিছিল । ৰাজ্যখনক জোকাৰি যোৱা গোচৰটোত কেইবাজনো বিষয়াক ইতিমধ্যে নিলম্বন, পদত্যাগ কৰা আৰু গ্ৰেপ্তাৰ কৰা হৈছে । ২০১৪ চনৰ পৰা ২০২২ চনলৈকে এপিপিএছচিৰ অধ্যক্ষ, সম্পাদক আৰু সদস্য-বিষয়াসকল এই তদন্তৰ অধীনত আছে বুলি চৰকাৰে জানিবলৈ দিয়ে । যোৱা সপ্তাহত ইটানগৰত এই অনিয়মৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগত ব্যাপক হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল ।

এই পৰ্যন্ত প্রশ্ন কাকত ফাদিল কেলেংকাৰিৰ সৈতে জড়িত ২০ জন নিয়মীয়া কৰ্মচাৰী, ২০ জন পৰীক্ষামূলক কৰ্মচাৰী আৰু এজন ঠিকাভিত্তিক কৰ্মচাৰীকে ধৰি ৪১ জন চৰকাৰী কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰা হৈছে । এই ২০ জন নিয়মীয়া কৰ্মচাৰীৰ সকলোকে নিলম্বন কৰি তেওঁলোকৰ বিৰুদ্ধে বিভাগীয় তদন্ত আৰম্ভ কৰা হৈছে ।

লগতে পঢ়ক :Diphu murder : পাকাআলিৰ নেপালী বস্তিত নৃশংস হত্যাকাণ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.