ETV Bharat / state

Suspicious Death in Tezpur : তেজপুৰত কিশোৰৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা

author img

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 10:10 PM IST

এগৰাকী কিশোৰৰ মৃত্যুক লৈ তেজপুৰত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ ৷ কিশোৰগৰাকীৰ সমনীয়াই পানীত পৰি মৃত্যু হোৱা বুলি মন্তব্য কৰিলেও মানি লোৱা নাই পৰিয়ালৰ লোকে ৷ মৃত কিশোৰগৰাকীৰ পৰিয়ালৰ অভিযোগ অনুসৰি এয়া এক পৰিকল্পিত হত্যাকাণ্ড ৷

Suspicious Death in Tezpur
তেজপুৰত কিশোৰৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা

তেজপুৰ, ২৬ অক্টোবৰ : তেজপুৰৰ মাজদেউৰী গাঁৱত আজি এগৰাকী কিশোৰৰ মৃত্যুক লৈ অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰে ৷ উল্লেখযোগ্য যে আজি দুপৰীয়া লগৰীয়াৰ সৈতে সমীপৰে এটা পুখুৰীৰ পৰা পদুম ফুল সংগ্ৰহ কৰিবলৈ গৈছিল মানস বৰা (১৭) নামৰ কিশোৰগৰাকী ৷ পদুম ফুল সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়তে পিচলি পৰি পুখুৰীৰ পানীত ডুব গৈ মানসৰ মৃত্যু হোৱা বুলি লগৰীয়াকেইজনে স্থানীয় লোকৰ আগত প্ৰকাশ কৰে ৷

ইয়াৰ পাচতে অঞ্চলটোত হুৱাদুৱা লাগে আৰু মানসৰ পৰিয়ালে ইয়াক এক হত্যাকাণ্ড বুলি অভিযোগ কৰে৷ মানসৰ মাতৃয়ে অভিযোগ কৰা অনুসৰি, মানসক শুই থকাৰ পৰা তিনি বন্ধুৱে মাতি নিছিল ৷ আনহাতে উক্ত তিনিজনৰ সৈতে মানসৰ যোৱা ১৭ অক্টোবৰত কোনো কথাক লৈ কাজিয়াৰ সুত্ৰপাত ঘটিছিল ৷ ইয়াৰ পোতক তুলিবলৈকে আজি গাঁৱৰ ভাওনাৰ বাবে পদুম ফুল আনিবলৈ যোৱাৰ সুযোগতে এই ঘটনা সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰিছে মানসৰ মাতৃয়ে ৷

আনহাতে স্থানীয় আৰক্ষীয়ে ৰাইজৰ সহযোগত মানসৰ মৃতদেহ পুখুৰীটোৰ পৰা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ ইফালে মানসৰ তিনি সমনীয়াই প্ৰকাশ কৰা অনুসৰি পুখুৰীৰ পাৰৰ পৰা পিচলি পানীত পৰাৰ বাবেই এই ঘটনা সংঘটিত হয় ৷

সমান্তৰালকৈ কিশোৰগৰাকীৰ মৃত্যুৰ উচিত তদন্তৰ দাবীৰ লগতে অভিযুক্তক গ্ৰেপ্তাৰ তথা শাস্তিৰ দাবীত আজি বিয়লি বহুসংখ্যক লোকে স্থানীয় কছাৰীগাঁও আৰক্ষী চকী ঘেৰাও কৰি পৰিস্থিতি উত্তাল কৰি তোলে ৷ ঘটনা সন্দৰ্ভত তিনি অভিযুক্তক আৰক্ষীয়ে কৰায়ত্ত কৰিছে আৰু ঘটনাৰ উচিত তদন্তৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাত প্ৰতিবাদী ৰাইজ আৰক্ষী চকীৰ পৰা উভতি আহে ৷

লগতে পঢ়ক : FIR against Badruddin Ajmal at Tezpur : তেজপুৰত আজমলৰ বিৰুদ্ধে এজাহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.