ETV Bharat / state

কাঁহী-বাটি বজাই প্ৰাপ্য দৰমহা বিচাৰি প্ৰতিবাদত নামিল কৰ্মচাৰী - কৰ্মচাৰীসকলৰ অৱস্থাত পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি

কাঁহী-বাটি বজাই প্ৰতিবাদ ধূলাপাদুং চাহ বাগিচাত (Protest in rangapara)। প্ৰাপ্য বিচাৰি প্ৰতিবাদত নামিল চাহ বাগিচাৰ কৰ্মচাৰী ।

assam tea staff protest
কাঁহী-বাটি বজাই প্ৰাপ্য দৰমহা বিচাৰি প্ৰতিবাদত নামিল কৰ্মচাৰী
author img

By

Published : Mar 24, 2022, 5:32 PM IST

ৰঙাপৰা,২৪ মাৰ্চ: ৰঙাপৰা ধূলাপাদুং চাহ বাগিচাত আজি পুৱাই বাজি উঠিল কাঁহী, বাটি (tea estate employees protest in Rangapara) । কৰ্মচাৰীসকলে প্ৰাপ্য মজুৰিৰ আদায়ৰ দাবীত ধূলাপাদুং চাহ বাগিচাত কৰ্মৰত এক ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । এম্প্ৰেয়াৰ কোম্পানীৰ অধীনত থকা শোণিতপুৰ জিলাৰ ধুলাপাদুং, চেঁচা, ঘইৰালি, বৰজুলি আৰু ওদালগুৰিৰ বাদালাপাৰা চাহ বাগিচাত কৰ্মৰত কৰ্মচাৰীসকলে মাহেকীয়া দৰমহা বিচাৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

প্ৰকৃতি আৰু চাহপাত উৎপাদনৰ হ্ৰাস হোৱাৰ কথা দোহাই দি মালিকপক্ষই কৰ্মচাৰীসকলক ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ দৰমহা আদায় দিয়া নাই । যাৰ ফলত কৰ্মচাৰীসকলৰ অৱস্থাত পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে । প্ৰাপ্য দৰমহাৰ দাবীত অসম চাহ কৰ্মচাৰী সংঘৰ সদস্য-সদস্যাসকলে কাৰ্যালয়ৰ সন্মুখত থিয় হৈ কাহি-বাতি বজাই বিভিন্ন শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

উল্লেখযোগ্য যে সমগ্ৰ ৰাজ্যখনত এম্প্ৰেয়াৰ কোম্পানীৰ ১৬ খন চাহ বাগিচা আছে । ইফালে কৰ্মচাৰীসকলৰ প্ৰাপ্য ফেব্ৰুৱাৰী মাহৰ দৰমহা মালিকপক্ষই অহা ১৮ এপ্ৰিলত দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাত জাঙুৰ খাই উঠিছে ।

লগতে পঢ়ক: Increase in water level of Brahmaputra: পলমকৈ আৰম্ভ কমলাবাৰী-নিমাতী ফেৰী সেৱা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.