ETV Bharat / state

Swashthya sewa utsav 2023: স্বাস্থ্য বিভাগৰ উদ্যোগত শোণিতপুৰ জিলাত আৰম্ভ স্বাস্থ্য সেৱা উৎসৱ ২০২৩

author img

By

Published : Apr 7, 2023, 10:08 PM IST

স্বাস্থ্য বিভাগৰ আন্তঃগাঁথনি উন্নীতকৰণ আৰু সাধাৰণ জনসাধাৰণক উন্নত মানদণ্ডৰ চিকিৎসা সেৱা প্ৰদান সুনিশ্চিত কৰাৰ উদ্দেশ্যে সমগ্ৰ ৰাজ্যতে স্বাস্থ্য সেৱা উৎসৱ অনুষ্ঠিত কৰা হৈছে ৷ স্বাস্থ্য বিভাগৰ উদ্যোগত শোণিতপুৰ জিলাতো আৰম্ভ হৈছে এই স্বাস্থ্য সেৱা উৎসৱ (Swashthya sewa utsav 2023) ৷

Swashthya sewa utsav
স্বাস্থ্য সেৱা উৎসৱ

শোণিতপুৰ, ৭ এপ্ৰিল : সমগ্ৰ অসমৰ লগতে শোণিতপুৰ জিলাটো ৬ এপ্ৰিলৰ পৰা স্বাস্থ্য সেৱা উৎসৱ উদযাপন কৰা হয় । স্বাস্থ্য সেৱা উৎসৱৰ দ্বিতীয় দিনটোত জিলাখনৰ ১২ খনকৈ চিকিৎসা প্ৰতিষ্ঠানত ৪ গৰাকী শীৰ্ষ পৰ্যায়ৰ বাহ্যিক মান নিৰ্ধাৰণকাৰী (External Evaluators) আৰু ২৪ জন মূল্যায়নকাৰীৰ জৰিয়তে জিলাখনৰ চিকিৎসা প্ৰতিষ্ঠানৰ মূল্যায়ন কৰা হয় ৷

জিলাখনৰ নগৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, বিহগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, ৰঙাপাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, হুগৰাজুলি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, ঢেকিয়াজুলি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, হলেশ্বৰ নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, ১নং বছাচিমালু নৈপৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, জামুগুৰি SHC, বান্দৰমাৰী ৰাজ্যিক চিকিৎসালয়, বালিপাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, বৰচলা নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, ডেকাৰগাঁও ৰাজ্যিক চিকিৎসালয়ত নিৰীক্ষকৰ দ্বাৰা আন্তঃমূল্যায়ন আৰু বহিঃমূল্যায়ন কৰা হয় (Swashthya sewa utsav) ৷

আজি শোণিতপুৰ জিলাৰ জিলা উপায়ুক্ত দেব কুমাৰ মিশ্ৰ দেৱে বালিপাৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত চাৰিদুৱাৰ সামূহিক স্বাস্থ্য কেন্দ্ৰটি পৰ্য্যাবেক্ষণ কৰে ৷ চিকিৎসালয় খনৰ বিভিন্ন চিকিৎসা ব্যৱস্থা সমূহ পৰিদৰ্শন কৰাৰ লগতে উপ পৰিদৰ্শক ডাঃ বিভাননি কেওঁটৰ লগত চিকিৎসালয় খনৰ মানদণ্ড আৰু অধিক উন্নতমানৰ কৰিব বাবে আলোচনাত মিলিত হয় ৷ চিকিৎসালয়খনৰ কৰ্মচাৰী সকলৰ লগতো তেওঁ মত বিনিময় কৰে ৷

উল্লেখযোগ্য যে, স্বাস্থ্য সেৱা উৎসৱৰ জৰিয়তে স্বাস্থ্য সেৱাত থাকি যোৱা আসোঁৱাহ তথা ক্ৰটিসমূহ দূৰ কৰাৰ ব্যৱস্থা কৰি ৰাজ্যৰ স্বাস্থ্য প্ৰতিষ্ঠানসমূহক ভাৰতীয় জনস্বাস্থ্য মানলৈ উন্নীত কৰাৰ লক্ষ্য লোৱা হৈছে (Improve medical infrastructure) । এই উৎসৱৰ সময়ত আন্তঃমূল্যায়ন আৰু বহিঃমূল্যায়নৰ ব্যৱস্থা থাকিব ।

ৰাজ্যত সুৰক্ষিত আৰু গুণগত মানসম্পন্ন স্বাস্থ্য সেৱা প্ৰদানৰ দিশত এই পদক্ষেপ হাতত লোৱা হৈছে (Provide quality health services to the public) । শোণিতপুৰ জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাক্তৰ জিয়াওদ্দিন আহমেদে উৎসৱৰ দ্বিতীয় দিনটো সফলতাৰে সমাপ্ত কৰাৰ বাবে নিৰীক্ষক, সংবাদ মাধ্যম, স্বাস্থ্য বিষয়া তথা স্বাস্থ্যকৰ্মী সকলক ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক : Swashthya sewa utsav: স্বাস্থ্য সেৱা উৎসৱৰ সময়তে ৰোগীৰ পৰিয়ালে উদঙালে স্বাস্থ্যখণ্ডৰ প্ৰকৃত স্বৰূপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.