ETV Bharat / state

তেজপুৰত উলংগ অৱস্থাত উদ্ধাৰ কিশোৰীৰ মৃতদেহ - দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ

ফিল্ডত সুৰাৰ বটল উদ্ধাৰ হোৱা বাবেই কিশোৰী গৰাকীক দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ কৰে আৰক্ষী তথা স্থানীয় ৰাইজে

তেজপুৰত উলংগ অৱস্থাত উদ্ধাৰ কিশোৰীৰ মৃতদেহ
author img

By

Published : Sep 22, 2019, 11:18 PM IST

Updated : Sep 25, 2019, 5:20 PM IST

তেজপুৰ,২২ চেপ্তেম্বৰ : তেজপুৰ চলাগাঁৱত উলংগ অৱস্থাত উদ্ধাৰ কিশোৰীৰ মৃতদেহ ৷ কিশোৰী গৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ আৰক্ষীৰ ৷ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্য সৃষ্টি হৈছে ৷

বিবস্ত্ৰ অৱস্থাত চলাগাঁৱৰ এখন নিৰ্জন ফিল্ডত উদ্ধাৰ হয় গৰৈমাৰী বঢ়িগিৰী আহোম গাঁৱৰ প্ৰায় ১৬/১৭ বছৰীয়া এগৰাকী কিশোৰীৰ মৃতদেহ ৷ ফিল্ডত সুৰাৰ বটল উদ্ধাৰ হোৱাৰ বাবেই দলবদ্ধভাৱে কিশোৰী গৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষী তথা স্থানীয় ৰাইজে ৷

তেজপুৰত উলংগ অৱস্থাত উদ্ধাৰ কিশোৰীৰ মৃতদেহ

উল্লেখ্য যে, শনিবাৰে সন্ধিয়া ঘৰৰ পৰা ওলাই গৈছিল কিশোৰী গৰাকী ৷ সন্ধিয়া 5 বজালৈকে পৰিয়ালৰ লগত ফোনযোগে যোগাযোগ হৈছিল কিশোৰী গৰাকীৰ ৷ আনহাতে, একাধিক যুৱকৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল বুলি আৰক্ষীক অবগত কৰে পৰিয়ালৰ লোকে ৷ অপৈণত প্ৰেমৰ কৰুণ পৰিণতি বাবেই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

আনহাতে, ঘটনাস্থলীত উচ্চপদস্থ আৰক্ষী বিষয়াৰ দল উপস্থিত হৈ তদন্ত কৰি সোধপোছৰ বাবে আটক কৰিছে দুজনক ৷ তাৰোপৰি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷

Intro:তেজপুৰ,২২ ছেপ্তেতেম্জবৰ : তেজপুৰ চলাগাঁৱত এগৰাকী কিশোৰীৰ উলংগ অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ কিশোৰী গৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷
Body:মানৱতাক ভূ-লুণ্ঠিত কৰা আধুনিক প্ৰেমৰ তেজপুৰ চলাগাঁৱৰ নৃশংস আৰু নিৰ্লজ্জ এই ছবিখন আমি আপোনালোকক সম্পূৰ্ণকৈ দেখাব নোৱাৰিম ৷বিবস্ত্ৰ অৱস্থাত চলাগাঁৱৰ এখন নিৰ্জন ফিল্ডত পৰি আছে গৰৈমাৰী বঢ়িগিৰী আহোম গাঁৱৰ প্ৰায় ১৬/১৭ বছৰীয়া কিশোৰী গৰাকী ৷দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষী আৰু চলাগাঁৱৰ ৰাইজে ৷
মৃতদেহ উদ্ধাৰ হোৱা ফিল্ডত সুৰাৰ আড্ডা বহিছিল ৷ পৰি থকা সুৰাৰ এই বটলবোৰেই তাৰ প্ৰমাণ ৷ উক্ত অঞ্চলত একাধিক হত্যাকাণ্ডও সংঘটিত হৈছিল বুলি ৰাইজৰ অভিযোগ ৷ সুৰাপায়ীৰ কামনাৰ বলি হল নেকি কিশোৰী গৰাকী ?শনিবাৰে সন্ধ্যা ঘৰৰ পৰা ওলাই আহিছিল কিশোৰী গৰাকী ৷
প্ৰেমত পৰিছিল কিশোৰী গৰাকী ৷
শনিবাৰে ৫ বজালৈকে ফোনত যোগাযোগ আছিল পৰিয়ালৰ লগত ৷
Conclusion:একাধিক যুৱকৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল বুলি পৰিয়ালৰ লোকে আৰক্ষীক জানিবলৈ দিছে ৷ একাধিক অপৈণত প্ৰেমৰ কৰুণ পৰিণতি নেকি এই হত্যাকাণ্ড ?
ঘটনাস্হলীত উচ্চপদস্থ আৰক্ষী বিষয়াৰ দল উপস্থিতহৈ তদন্ত কৰি সোধপোছৰ বাবে দুজনক আটক কৰিছে ৷ প্ৰথম অৱস্থাত ধৰ্ষণ কৰি হত্যা কৰা হৈছিল বুলি আৰক্ষীয়ে সন্দেহ কৰিছিল যদিও মৰনোত্তৰ পৰীক্ষাৰ পিছত নৃশংসভাৱে হত্যা কৰি উলংগ অৱস্থাত পেলাই গৈছিল বুলি আৰক্ষী নিশ্চিত হৈছে ৷ একাধিক প্ৰেমৰ কৰুণ পৰিণতি বুলি আৰক্ষীয়ে এতিয়া সন্দেহ কৰি অনুসন্ধান অব্যাহত ৰাখিছে ৷

Pranab kumar Das
Tezpur
22/9/19
Last Updated : Sep 25, 2019, 5:20 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.