ETV Bharat / state

পাঁচ বছৰে তলা ওলমি আছে এটা উপ-স্বাস্থ্য কেন্দ্ৰত

author img

By

Published : Jun 15, 2022, 12:22 PM IST

বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে ভূত বাংলাত পৰিণত হৈছে এটা উপ-স্বাস্থ্য কেন্দ্ৰ ৷ নিৰ্মাণ সম্পূৰ্ণ হোৱা পাঁচ বছৰৰ পিছতো কাৰ্যক্ষম নহ’ল স্বাস্থ্য কেন্দ্ৰটো (Sub-health center not operational in Sonitpur) ।

sub-health-center-has-not-been-operational-in-five-years
ভূত বাংলালৈ পৰিণত শোণিতপুৰৰ এটি উপ স্বাস্থ্য কেন্দ্ৰ

ৰঙাপৰা, 15 জুন : ৰাজ্যৰ স্বাস্থ্য খণ্ডত আমূল পৰিৱৰ্তন সাধন হোৱা বুলি চৰকাৰখনে ধাক-ঢোল বজাই থকাৰ সময়তে বিভাগটোৰ এক ফোঁপোলা স্বৰূপ উন্মোচিত হৈছে মিছামাৰীত । বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে বৰ্তমান পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে চৰকাৰী ধন সাপেক্ষে নিৰ্মাণ কৰা এটা উপ স্বাস্থ্য কেন্দ্ৰ ৷ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত কলাকুছিৰ নৱ নিৰ্মিত কলাকুছি উপ স্বাস্থ্য কেন্দ্ৰটো একমাত্ৰ বিভাগীয় কৰ্তৃপক্ষৰ হেমাহি আৰু অদূৰদৰ্শিতাৰ ফলত বিগত প্ৰায় পাঁচ বছৰে নহ’ল কাৰ্যক্ষম (Sub-health center not operational in Sonitpur) ৷

নৱ নিৰ্মিত কলাকুছি স্বাস্থ্য কেন্দ্ৰটো বিগত পাঁচ বছৰে কাৰ্যক্ষম হৈ নুঠাত ইয়াৰ সামগ্ৰীসমূহ এপদ দুপদকৈ জৰাজীৰ্ণ হোৱাৰ লগতে পৰিত্যক্ত অৱস্থাত পৰিণত হৈছে ৷ উল্লেখ্য যে, বিগত ২০১৮ চনত স্বাস্থ্য বিভাগে কেইবালাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা নৱ নিৰ্মিত কলাকুছি উপস্বাস্থ্য কেন্দ্ৰটোত এতিয়া ওলমিছে তলা ৷ অঞ্চলটোৰ লোকসকলৰ স্বাস্থ্য সেৱা প্ৰদান কৰাৰ বাবে ২০১৮ চনতে নিৰ্মাণ সম্পূৰ্ণ হোৱা উপস্বাস্থ্য কেন্দ্ৰটোৰ এনে অৱস্থাত খৱৰ ল'বলৈও আহৰি নাই স্বাস্থ্য বিভাগৰ বিষয়াৰ ৷

যাৰ পৰিণতিত গৰু ছাগলীৰ চৰণীয়া পথাৰলৈ পৰিণত হৈছে স্বাস্থ্য কেন্দ্ৰটোৰ চৌহদ ৷ ইপিনে, স্বাস্থ্য কেন্দ্ৰটোৰ দৰ্জা খিৰিকী আদি ভাঙি যোৱাৰ উপক্ৰম ঘটিছে ৷ স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক কলাকুছিৰ উপ স্বাস্থ্য কেন্দ্ৰটো কাৰ্যক্ষম কৰি ৰাইজক স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত উপকৃত কৰিবলৈ দাবী বৰ্তমান দাবী উত্থাপন কৰিছে ।

লগতে পঢ়ক : কৃত্ৰিম বানৰ কবলত বৰপেটাৰ চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.