ETV Bharat / state

Student leader death: ছাত্ৰনেতা জয়ন্ত সন্দিকৈৰ মৃত্যু - শিৱসাগৰত শোকাবহ পৰিস্থিতি

ছাত্ৰনেতাৰ মৃত্যুক লৈ শিৱসাগৰত শোকাবহ পৰিস্থিতি । শিৱসাগৰ জিলা সদৌ টাই আহোম ছাত্র সন্থা সভাপতি জয়ন্ত সন্দিকৈ ৰহস্যজনক মৃত্যু কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য(Student leader Jayant Sandikai passes away) ।

Student leader Jayant Sandikai passes away
ছাত্ৰনেতা জয়ন্ত সন্দিকৈৰ মৃত্যু
author img

By

Published : Nov 20, 2022, 9:46 AM IST

শিৱসাগৰ,২০ নৱেম্বৰ: এগৰাকী ছাত্র নেতা মৃত্যুক কেন্দ্ৰ কৰি শিৱসাগৰত শোকাবহ পৰিস্থিতি । শিৱসাগৰ জিলা সদৌ টাই আহোম ছাত্র সন্থা সভাপতি জয়ন্ত সন্দিকৈ ৰহস্যজনক মৃত্যু কেন্দ্ৰ কৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্য । শিৱসাগৰ নগৰৰ কিছু নিলগত শনিবাৰে নিশা প্ৰায় ১২ মান বজাত হাঁহচৰাৰ সমীপৰ হাইপ' আলি নগাগাঁৱৰ ওচৰত ৰহস্যজনক পৰিস্থিতিত উদ্ধাৰ কৰা হয় শিৱসাগৰ জিলা আটাছু সভাপতি জয়ন্ত সন্দিকৈৰ মৃতদেহ(Student leader Jayant Sandikai passes away) ।

শিৱসাগৰ নগৰৰ হাঁহচৰা বোকানগৰৰ বাসিন্দা আছিল ছাত্ৰনেতা জয়ন্ত সন্দিকৈ(Sivasagar District ATASU President Jayanta Sandikai) । ঘৰৰ পৰা কিছু নিলগত ৰহস্যজনক অৱস্থাত নিজৰ গাড়ীৰ ভিতৰত উদ্ধাৰ কৰা হয় জয়ন্ত সন্দিকৈৰ মৃতদেহ । নিশা ঘৰত শুই থকা অৱস্থাত কোনো অজ্ঞাত লোকে প্ৰায় ৯ মান বজাত ফোন কৰাত ঘৰৰ পৰা ওলাই আহিছিল জয়ন্ত সন্দিকৈ । তাৰ পাছতে প্ৰায় ১১ মান বজাত ঘৰৰ কিছু নিলগত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ কৰা হয় ।

ছাত্ৰনেতা জয়ন্ত সন্দিকৈৰ মৃত্যু

বিগত সময়ত শিৱসাগৰ জিলা সভাপতি লগতে প্ৰায় তিনিটা কাৰ্যকাল কেন্দ্ৰীয় সমিতি সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল সন্দিকৈ । আটাছু শিৱসাগৰ জিলাক সন্মুখৰ পৰা নেতৃত্ব দিয়া এজন সুদক্ষ নেতাক হেৰুৱাই শোকত ভাগি পৰিছে সতীৰ্থসকল । নেতাগৰাকীৰ মৃত্যু আহোম জনগোষ্ঠীৰ বৃহৎ ক্ষতি বুলি উল্লেখ কৰে সংগঠনটোৰ নেতৃবৃন্দই । জয়ন্ত সন্দিকৈয়ে মৃত্যুৰ সময়ত তেখেতৰ মাতৃ আৰু পত্নীক এই সংসাৰত এৰি থৈ গৈছে ।

লগতে পঢ়ক: Real Love story of Bitupan-Parthana : প্ৰেমৰ সন্দৰ্ভত কি ক’লে বিতুপনে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.