ETV Bharat / state

তেজপুৰত কৃষি মন্ত্ৰী অতুল বৰাৰ জৰুৰী বৈঠক - অসমৰ কৃষকৰ দ্বাৰা উৎপাদিত এই কৃষি সামগ্ৰী অনিষ্ট হৈছে

তেজপুৰত উপস্থিত হৈ জিলা পৰ্যায়ৰ কৃষি বিষয়া সকলৰ লগত এক জৰুৰী আলোচনাত মিলিত হয় ৰাজ্যৰ কৃষিমন্ত্ৰী মন্ত্ৰী অতুল বৰা ৷

State agriculture minister Atul Borah meet in a meeting in Tezpur
তেজপুৰত কৃষি মন্ত্ৰী অতুল বৰাৰ জৰুৰী বৈঠক
author img

By

Published : Apr 15, 2020, 8:29 PM IST

তেজপুৰ, 15 এপ্ৰিল: লক ডাউনৰ সময়ছোৱাত ৰাজ্যজুৰি হাজাৰ হাজাৰ কৃষকৰ দ্বাৰা উৎপাদিত শাক-পাচলি নষ্ট হোৱাৰ পাছত বুধবাৰে তেজপুৰত উপস্থিত হৈ জিলা পৰ্যায়ৰ কৃষি বিষয়া সকলৰ লগত এক জৰুৰী আলোচনাত মিলিত হয় ৰাজ্যৰ কৃষিমন্ত্ৰী মন্ত্ৰী অতুল বৰা ৷ সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে যে শোণিতপুৰ জিলাত কৃষক ৰাইজৰ কৃষি খণ্ডত যথেষ্ট উৎপাদন হৈছে ৷ কিন্তু কৰ'ণা ভাইৰাছৰ বাবে অসমৰ কৃষকৰ দ্বাৰা উৎপাদিত এই কৃষি সামগ্ৰীসমূহ অনিষ্ট হৈছে আৰু তাৰ বাবে কৃষি মন্ত্ৰী হিচাপে মই ব্যথিত ৷

তেজপুৰত কৃষি মন্ত্ৰী অতুল বৰাৰ জৰুৰী বৈঠক

আনহাতে তেওঁ কয় যে বহি ৰাজ্য,বিশেষকৈ অৰুণাচল প্ৰদেশলৈ বেছি ভাগ কৃষি সামগ্ৰী শোণিতপুৰ জিলাৰ পৰা সৰবৰাহ হয় ৷ কিন্তু যোৱা 21 দিনৰ লক ডাউনৰ সময়ত কোনো ধৰণৰ কৃষিজাত সামগ্ৰী ৰাজ্যখনলৈ নিব পৰা নাই ৷ যদি অৰুণাচল প্ৰদেশ চৰকাৰে বা যিকোনো লোকে সেউজীয়া শাক পাচলি নিব বিচাৰে তেন্তে তাৰ কোনো অসুবিধা নহয় ৷ ইয়াৰ বাবে মুখ্য সচিব পৰ্যায়ত এক আলোচনা কৰা হৈছে । আৰু এক বিশেষ টাস্ক ফৰ্চ গঠন কৰি দিয়া হৈছে বুলি উল্লেখ কৰে কৃষি মন্ত্ৰী গৰাকীয়ে ৷ যদি অৰুণাচল প্ৰদেশৰ চৰকাৰে বিচাৰে তেন্তে জিলা পৰ্যায়ৰ উপায়ুক্তৰ জৰিয়তে এইয়া সম্ভৱ হৈ পৰিব বুলি মন্তব্য কৰে অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাই ৷

লগতে পঢ়কঃ মধ্য প্ৰদেশত COVID-19ৰ প্ৰভাৱ : ঘৰ বিক্ৰী কৰিবলৈ বাধ্য এজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.