তেজপুৰ, 26 জুলাই: সমগ্ৰ দেশৰ লগতে অসমতো আৰম্ভ হৈছে হৰ ঘৰ তিৰংগা কাৰ্যসূচী (Har Ghar Tiranga)৷ সশস্ত্ৰ সীমা বলৰ তেজপুৰ ফ্ৰণ্টিয়াৰৰ(SSB Tezpur frontier) মহাপৰিদৰ্শক বিনোদ নায়কৰ নেতৃত্বতো আজিৰে পৰা আৰম্ভ হৈছে এই কাৰ্যসূচী ৷ সেই অনুসৰি অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ ডিৰাঙত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আজি ৰাষ্ট্ৰীয় পতাকা বিতৰণ কৰা হয় (National flag distribution in Arunachal) ।

এছ এছ বিৰ 30 নং বাহিনীৰ বমদিলাৰ উপ-মহাপৰিদৰ্শক এ কে চি সিঙৰ(SSB officer SK Singh) সহযোগিতাত অহা 13 আগষ্টৰ পৰা ১৫ আগষ্টলৈকে প্ৰত্যেক ঘৰে ঘৰে তিৰংগা পতাকা উত্তোলন কৰিবৰ বাবে পাহাৰীয়া সীমান্তৱৰ্তী অঞ্চলত এই ব্যৱস্থা গ্ৰহণ কৰিছে । লগতে ভাৰতৰ স্বাধীনতা আন্দোলনৰ মুক্তি যুঁজাৰুসকলৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰে আৰু গাওঁবুঢ়াসকলক এই বিষয়ে অৱগত কৰি তিৰংগা পতাকা প্ৰদান কৰে ।

আনহাতে ভাৰত-চীন সীমান্তৱৰ্তী এলেকাৰ এছ এছ বিৰ লুমলাত আজি পুৱা নামচেৰিং প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ লগত এছ এছ বিৰ 67 বাহিনীয়ে প্ৰভাত ফেৰীৰ জৰিয়তে সীমান্তৱৰ্তী এলেকাৰ লোকসকলৰ মাজত "হৰ ঘৰ তিৰংগা'ৰ বিষয়ে অৱগত কৰাৰ লগতে জোৱানসকলৰ মাজত ৰাষ্ট্ৰীয় পতাকাৰ ফ্লেগ কোড(Flag Code of India)ৰ বিষয়ে অৱগত কৰে ।
লগতে পঢ়ক: Har Ghar Tiranga: জাতীয় পতাকা প্ৰস্তুতি ব্যস্ত তেজপুৰৰ এদল মহিলা