তেজপুৰ,১ মে': তেজপুৰৰ অগ্ৰণী সাংবাদিক সংস্থা শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰণৱ সিংহৰ সপ্তম মৃত্যু তিথিৰ দিনটোত শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ কাৰ্যালয়ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সংগঠনটোৰ সদস্য তথা একাংশ শুভাকাংক্ষীয়ে ৷ কৰ’ণা প্ৰতিৰোধী নিয়ম অনুসৰি সংবাদকৰ্মীসকলে প্ৰয়াত জ্যেষ্ঠ সাংবাদিকগৰাকীলৈ অনুষ্টুপীয়াকৈ আয়োজিত কাৰ্যসূচীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷
উল্লেখযোগ্য যে, পিটিআইকে ধৰি বিভিন্ন মাধ্যমত দীঘলীয়া সময়জুৰি সংবাদ সেৱা আগবঢ়োৱাৰ লগতে অধুনালুপ্ত মহাজাতি নামৰ কাকতৰ সম্পাদনাৰ দায়িত্বও পালন কৰিছিল প্ৰয়াত সাংবাদিক গৰাকীয়ে ৷ এগৰাকী খেলুৱৈ তথা সাংস্কৃতিক সংগঠক হিচাপে সুপৰিচিত প্ৰয়াত সিংহৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ শইকীয়াই ৷
সাংবাদিক অৰ্ণৱ নাথে আঁত ধৰা এই অনুষ্ঠানত সাংবাদিক সংস্থাটোৰ সভাপতি সঞ্জীৱ হাজৰিকাই প্ৰয়াত সিংহৰ স্মৃতিচাৰণ কৰি কয় যে যথেষ্ট সুযোগ থকা স্বত্বেও সিংহই সাংবাদিকতাৰ ক্ষেত্ৰখন নিৰ্বাচন কৰিছিল ৷ এই অনুষ্ঠানতে কৰ’ণাত আক্ৰান্ত হৈ অকাল মৃত্যুক আঁকোৱালি ল’বলগীয়া হোৱা সকলো সাংবাদিকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয় ৷
লগতে পঢ়ক : ক'ভিড-১৯ ত আক্ৰান্ত হৈ প্ৰাক্তন আৰজেডি সাংসদৰ মৃত্যু