তেজপুৰ, 25 জুন: তেজপুৰৰ শালনিবাৰী বিমানবন্দৰত দেওবাৰৰে পৰা সংযোগ ঘটিল তৃতীয়খন যাত্ৰীবাহী বিমানৰ । প্ৰথম দিনাই মুঠ 30 গৰাকী যাত্ৰীলৈ তেজপুৰৰ পৰা কলকাতালৈ উৰা মাৰে যাত্ৰীবাহী বিমানখনে । স্পাইছ জেটৰ বিমানখনত আছে 70 খন আসন ৷
![Salonibari Airport at Tezpur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/25-06-2023/as-tezpur-01-25june-pix-spysjet-pranabkumardas-7203907_25062023095556_2506f_1687667156_573.jpg)
উল্লেখ্য যে, তেজপুৰৰ পৰা কলকাতা অভিমুখী অৰ্থাৎ কলকাতা সংযোগী বিমানৰ বাবে তেজপুৰৰৰ যাত্ৰীসকলে দীৰ্ঘদিন ধৰি দাবী জনায় আহিছিল । ইয়াৰ উপৰিও দুখন এয়াৰলাইন্সৰ বিমান গুৱাহাটী, পাছিঘাট, তেজপুৰ হৈ কলকাতালৈ দৈনিক চলাচল কৰি আছে । পূৰ্বতে সপ্তাহত তিনিদিন কলকাতা সংযোগী বিমান চলাচল কৰিছিল যদিও সেয়া বিমান কৰ্তৃপক্ষই নিজৰ খেয়াল খুচি মতে যাত্ৰীৰ বাবে সেৱা আগবঢ়াইছিল । তেজপুৰ চহৰৰ পৰা দীৰ্ঘদিনীয়া দাবী থকা স্বত্বেও চৰকাৰী কৰ্তৃপক্ষই সেই দাবীলৈ কোনো ভ্ৰুক্ষেপ কৰা নাছিল ।
![Tezpur Calcutta connecting SpiceJet flights from Tezpur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/25-06-2023/as-tezpur-01-25june-pix-spysjet-pranabkumardas-7203907_25062023095556_2506f_1687667156_681.jpg)
উল্লেখযোগ্য যে তেজপুৰ বিমানবন্দৰ তেজপুৰ বায়ুসেনা ঘাটিৰ সৈতে সংযোগ থকাৰ বাবে বিমানবন্দৰটোত বহু যাত্ৰীয়ে প্ৰৱেশত অসুবিধাৰ সন্মুখীন হৈ আহিছে । ইয়াৰ ফলস্বৰূপে যাত্ৰী কমি যোৱাৰ লগে লগেই বিমানৰো চলাচল হ্ৰাস পায় আহিছে বুলি জানিবলৈ পৰা গৈছে । পূৰ্বৰ দুই এয়াৰলাইন্সৰ বিমান 10.30 আৰু 1.30 বজাত তেজপুৰ বিমানবন্দৰ পৰা চলাচল কৰি আছিল আৰু 25 জুনৰ দিনা সংযোগ কৰা স্পাইছ জেটৰ লগতে মুঠ তিনিখন বিমান এতিয়াৰে পৰা দৈনিক চলাচল কৰিব ৷ তেজপুৰ বিমানবন্দৰৰ উপৰিও পৱনহংস সেৱা জিলাখনত চলাচল আছিল যদিও সেয়া অত্যাধিক ভাড়াৰ বাবে বেছিদিন নচলিব বুলি জানিবলৈ পৰা গৈছে । যিহেতু, এই সেৱাৰ যাত্ৰী তেনেই সীমিত ।
![Salonibari Airport at Tezpur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/25-06-2023/as-tezpur-01-25june-pix-spysjet-pranabkumardas-7203907_25062023095556_2506f_1687667156_516.jpg)
তেজপুৰত বিভিন্ন সুৰক্ষা বিভাগৰ মুখ্য কাৰ্যালয় থকা স্বত্বেও আজি পৰ্যন্ত তেজপুৰ-কলকাতা সংযোগী পোনপটীয়াকৈ বিমান চলাচলৰ ব্যৱস্থা নোহোৱাটো এক দুৰ্ভাগ্যজনক বিষয় । মন কৰিবলগীয়া যে , তেজপুৰ বিমানবন্দৰত নিজা অগ্নিনিৰ্বাপক ব্যৱস্থাও নাই । 1942 চনত ব্ৰিটিছ শাসনৰ সময়ত শালনিবাৰীত স্থাপন কৰা এই বিমানবন্দৰত এটা টাৰ্মিনেল আছে আৰু মুঠ 400 যাত্ৰীয়ে একেলগে উঠা-বহা কৰিবৰ বাবে ব্যৱস্থা আছে ।
আজিৰ উদ্বোধনী অনুষ্ঠানত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা আৰু শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ উপস্থিত আছিল ।
লগতে পঢ়ক : Anundoram Borooah Award 2023 : যোগ্য শিক্ষাৰ্থীক নাম পঞ্জীয়ন কৰাৰ আহ্বান শিক্ষামন্ত্ৰীৰ