ETV Bharat / state

চৰকাৰী সাহাৰ্যৰ পৰা বঞ্চিত এগৰাকী বিশেষভাৱে সক্ষম মহিলা - শোণিতপুৰ

শোণিতপুৰ জিলাৰ ৰঙাপৰাত আজিলৈকে চৰকাৰী সাহাৰ্যৰ মুখ দেখা নাই এগৰাকী বিশেষভাৱে সক্ষম মহিলাই ৷ জয়মতী কৰোৱা নামৰ দুয়োটা চকুৰে নেদেখা মহিলা গৰাকীয়ে কটাই আছে এক দুৰ্বিসহ জীৱন ৷

specially-disabled-woman
বিশেষভাৱে সক্ষম মহিলা
author img

By

Published : Apr 9, 2021, 2:35 PM IST

ৰঙাপৰা,9 এপ্ৰিল : বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন আঁচনি প্ৰদান কৰি আহিছে যদিও শোণিতপুৰ জিলাৰ ৰঙাপৰাত আজিও চৰকাৰী সাহাৰ্য লাভ কৰা নাই এগৰাকী 58 বছৰীয়া মহিলাই ৷ দুয়োটা চকুৰে নেদেখা অৰ্থাৎ বিশেষভাৱে সক্ষম জয়মতী কৰোৱা নামৰ মহিলা গৰাকীয়ে এতিয়াও কটাই আছে এক দুৰ্বিসহ জীৱন ৷

বিশেষভাৱে সক্ষম মহিলা

ৰঙাপৰাৰ বৰজুলি চাহ বাগিচাৰ অন্তৰ্গত ৰূপাজুলি ভঙাবিলত বসবাস কৰি থকা মহিলাগৰাকীয়ে কেন্দ্ৰীয়-ৰাজ্য চৰকাৰে ৰূপায়ণ কৰি অহা কোনো চৰকাৰী আঁচনিয়ে ঢুকি পাবলৈ সক্ষম নহ’ল । উল্লেখ্য যে, 2019 চনত স্বামীৰ মৃত্যু হোৱাৰ পাচৰে পৰা দুৰ্বিসহ জীৱন কটাবলগীয়া হৈছে এইগৰাকী মহিলাই । ইফালে মহিলা গৰাকীৰ একমাত্ৰ পুত্ৰ সন্তান বিৰ্জু কৰোৱাই বহিঃৰাজ্যলৈ কাম কৰিবলৈ গৈ আজিলৈকে উভতি অহা নাই মাতৃৰ কাষলৈ ৷

শেহতীয়াকৈ ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা 'অৰুণোদয়' আঁচনিখনৰ পৰাও বঞ্চিত হৈ হয় মহিলা গৰাকী । বিশেষভাৱে সক্ষম জয়মতী কৰোৱাই সুলভ মূল্যৰ সামগ্ৰীও লাভ কৰিবলৈ সক্ষম হোৱা নাই । ৰাজ্য চৰকাৰে দিব্যাংগসকলৰ বাবে গ্ৰহণ কৰি অহা বিশেষ আঁচনিসমূহে ৰঙাপৰাৰ এইগৰাকী মহিলাক ঢুকি নোপোৱাতো অতি দুৰ্ভাগ্যজনক হিচাপে বিবেচিত হৈছে ।

লগতে পঢ়ক : বকোত চেগুন কাঠৰ কুণ্ডা ভৰ্তি টাটা ডিআই বাহন জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.