ETV Bharat / state

তেজপুৰত এবছুৰ প্ৰশাসনিক পৰীক্ষাৰ বাবে দিক নিৰ্ণায়ক অনুষ্ঠান

শোণিতপুৰৰ বাণ থিয়েটাৰত নিখিল বড়ো ছাত্ৰ সন্থাই আয়োজন কৰে বিশেষ দিক নিৰ্ণায়ক কাৰ্য্যসূচী (Special orientation program of ABSU)। কেন্দ্ৰীয় লোকসেৱা আয়োগ আৰু অসম লোকসেৱা আয়োগৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এই বিশেষ দিক নিৰ্ণায়ক কাৰ্য্যসূচী । ৯০ গৰাকী মেধাৱী শিক্ষাৰ্থীৰ অংশগ্ৰহণ ।

Tezpur
তেজপুৰত এবছুৰ প্ৰশাসনিক পৰীক্ষাৰ বাবে দিশ নিৰ্ণায়ক অনুষ্ঠান
author img

By

Published : Jun 29, 2022, 9:59 PM IST

তেজপুৰ, ২৯ জুন : নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুয়ে বুধবাৰে তেজপুৰৰ বাণ থিয়েটাৰত কেন্দ্ৰীয় লোকসেৱা আয়োগ আৰু অসম লোকসেৱা আয়োগৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এক বিশেষ দিক নিৰ্ণায়ক কাৰ্য্যসূচী অনুষ্ঠিত কৰে (Special orientation program of ABSU at Sonitpur)। নিখিল বড়ো ছাত্ৰ সন্থাৰ উপ সভাপতি খৰেন্দ ওৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত উক্ত বিশেষ দিক নিৰ্ণায়ক কাৰ্য্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি শোণিতপুৰ জিলাৰ ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া কবিতা ফাংচুৱে উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক কেন্দ্ৰীয় আৰু ৰাজ্যৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে কেনেদৰে নিজকে প্ৰস্তুত কৰিব লাগিব সেই সম্পৰ্কে বাখ্যা কৰে ।

Tezpur
তেজপুৰত এবছুৰ প্ৰশাসনিক পৰীক্ষাৰ বাবে দিশ নিৰ্ণায়ক অনুষ্ঠান

দিক নিৰ্ণায়ক কাৰ্য্যসূচীত ফাংচুৱেও কয় যে তেওঁ নিজে এটা সাধাৰণ পৰিয়ালৰ ছাত্ৰী হিচাপে অসম অসামৰিক পৰীক্ষাত অৱতীৰ্ণ হৈ সফল হৈছিল । সেই বিষয়ে বিতং বাখ্যা কৰি ছাত্ৰ-ছাত্ৰী সকলক উৎসাহিত কৰে বিষয়াগৰাকীয়ে ।

উল্লেখ্য যে নিখিল বড়ো ছাত্ৰ সন্থাই কোকৰাঝাৰত আৰম্ভ কৰা এনেধৰণৰ বিশেষ দিক নিৰ্ণায়ক কাৰ্য্যসূচীৰ জৰিয়তে ৰাজ্যখনৰ বিভিন্ন স্থানৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক প্ৰশাসনীয় সেৱাত নিয়োজিত কৰি দেশ সেৱাৰ বাবে আগবঢ়াই দিয়াৰ বাবে এনে পদক্ষেপ বুলি উপ সভাপতি গৰাকীয়ে সদৰি কৰে । আনহাতে দিল্লীৰ BRACON IASৰ ফেকাল্টি জিতেন্দ্ৰ কুমাৰে বিশেষ অতিথি হিচাপে অংশ গ্ৰহণ কৰা এই কাৰ্যসূচীত শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ ৯০ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে ।

লগতে পঢ়ক: ডিফু কলেজত WWF ৰ প্ৰকৃতি আৰু সংস্কৃতি সংৰক্ষণ বিষয়ক আলোচনা চক্ৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.