তেজপুৰ ,28 জুন : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মৰাণত ভয়াৱহভাৱে বাঢ়িছে ক’ভিড আক্ৰান্ত শিশুৰ সংখ্যা ৷ বিগত 10 দিনত আক্ৰান্ত হৈছে 38 টা শিশু ৷ কেৱল ডিব্ৰুগড় জিলাৰ মৰাণ আৰু খোৱাঙতে 38 টাকৈ শিশু আক্ৰান্ত হৈছে কৰ'ণাত । যোৰহাটৰ শেহতীয়া ক'ভিড পৰিস্থিতিৰ সন্দৰ্ভত সোমবাৰে সাংবাদিকৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে যোৰহাট জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে ৷ কৰ’ণাৰ দ্বিতীয়টো ঢৌত 18 বছৰৰ তলৰ 200 ৰো অধিক শিশু ক'ভিডত আক্ৰান্ত হৈছে ৷
![special-medical-committee-for-covid-positive-specially-abled-children](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-28june-03-pix-childcovid-pranabkumardas-7203907_28062021180348_2806f_1624883628_892.jpg)
বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ত 5 টা শিশু ক'ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৷ শোণিতপুৰ জিলাত ক’ভিড -19 ত শিশু আক্ৰান্ত হোৱাৰ পিছতে Assam State Commission for Protection of Child Rights(ASCPCR) ৰ সদস্য ৰূপান হাজৰিকাই 11 গৰাকী ক’ভিড -19 ত আক্ৰান্ত শাৰীৰিক ভাবে সক্ষম শিশুৰ স্বাস্থ্যৰ বুজ লয় । আনহাতে এক সুকীয়া সমিতিৰ গঠন কৰি শিশুৰ সুৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে । ৰাজ্যত 34 হাজাৰৰো অধিক শিশু আক্ৰান্ত হৈছে দ্বিতীয় লহৰত এই তথ্য ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ।
কৰ’ণাৰ দ্বিতীয় ঢৌত শোণিতপুৰত এই পৰ্যন্ত মুঠ 298 টা শিশু আৰু কিশোৰ আক্ৰান্ত হৈছে ৷ শোণিতপুৰৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডা৹ জে আহমেদে প্ৰকাশ কৰা তথ্য অনুসৰি,এই আক্ৰান্ত শিশুসকলৰ ভিতৰত দুমহীয়া শিশুও আছে ৷ অৱশ্য সম্পূৰ্ণ তথ্য প্ৰকাশৰ পৰা বিৰত থাকে যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকী ৷
![special-medical-committee-for-covid-positive-specially-abled-children](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-28june-03-pix-childcovid-pranabkumardas-7203907_28062021180348_2806f_1624883628_353.jpg)
অৱশ্যে আক্ৰান্ত শিশুসকলৰ ভিতৰত যোৱা 15 জুনত তেজপুৰৰ নিকটৱৰ্তী গুডামঘাটৰ তাইজুল ইছলাম নামৰ দুমাহ 9 দিন বয়সৰ শিশুটিৰ মৃত্যু ঘটাৰ বাহিৰে বৰ্তমান একাংশৰ চিকিৎসা অব্যাহত থকাৰ বিপৰীতে বাকীসকল সুস্থ হৈ উঠিছে ৷ উল্লেখযোগ্য যে,কৰ’ণাৰ দ্বিতীয়টো ঢৌত জিলাখনত বহু সংখ্যক শিশু সংক্ৰমিত হোৱাক লৈ চৰ্চা অব্যাহত থকাৰ সময়তে দেওবাৰে তেজপুৰৰ ধনোৱা নগৰত থকা মিছনেৰী অফ ছেৰিটীৰ শিশু ভৱনত 11 টাকৈ দিব্যাংগ শিশু তথা কিশোৰ আক্ৰান্ত হয় কৰ’ণাত ৷ এই সকলৰ চিকিৎসাৰ বাবে স্বাস্থ্য বিভাগে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰাৰ লগতে কৰ’ণাত আক্ৰান্ত পৰিচৰ্যাকাৰী সকলকো তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসা প্ৰদান কৰি থকা হৈছে ৷
![special-medical-committee-for-covid-positive-specially-abled-children](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-28june-03-pix-childcovid-pranabkumardas-7203907_28062021180348_2806f_1624883628_268.jpg)
ইপিনে, শোণিতপুৰ জিলা স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালক আহমেদে এই সন্দৰ্ভত কয় যে,ইতিমধ্যে কৰ’ণাত আক্ৰান্ত কৰুণালয় শিশু ভৱনৰ কৰ্মচাৰীৰ পৰাই দিব্যাংগ সকললৈ সংক্ৰমণ হোৱা বুলি আশংকা কৰা হৈছে । আনহাতে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ কৰুণা হাজৰিকাই চিকিৎসাধীন 11 গৰাকী দিব্যাংগৰ চিকিৎসাৰ বাবে ক’ভিড ৱাৰ্ডত নিয়োজিত চিকিৎসকৰ উপৰিও এগৰাকী শিশু বিশেষজ্ঞ, এগৰাকী অস্থিৰোগ বিশেষজ্ঞ আৰু এগৰাকী ঔষধ বিশেষজ্ঞকলৈ এখন বিশেষ চিকিৎসা সমিতি গঠন কৰা বুলি জনাইছে । আনহাতে শোণিতপুৰৰ উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে কৰ’ণাত আক্ৰান্ত দিব্যাংগ শিশু সকলৰ প্ৰয়োজনীয় চিকিৎসা ব্যৱস্থা তদাৰকৰ বাবে শোণিতপুৰৰ স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালকক নিৰ্দেশ দিছে বুলি উপায়ুক্ত গৰাকীয়ে সদৰি কৰিছে ৷ ASCPCR ৰ তৰফৰ পৰা জিলা শিশু সুৰক্ষা বিষয়াৰ লীগৰ আলোচনা কৰি অনাথ আশ্ৰমখনত অন্যান্য শিশু সকলৰ মাজত যাতে সংক্ৰমণৰ বৃদ্ধি নহয় তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনায় ।