চতিয়া,5চেপ্তেম্বৰঃ অসম চাহ কৰ্মচাৰী সংঘৰ আহ্বানমৰ্মে বুধবাৰে জামুগুৰিহাটৰ নিকটৱৰ্তী দিকৰাই চাহ বাগিছা গোটেও ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ২০১৭ চনৰ এপ্ৰিল মাহৰপৰা বৰ্ধিত হাৰত দিবলগীয়া দৰমহা এইপৰ্যন্ত মালিকপক্ষই আঁকোৰগোজ মনোভাৱ লৈ দৰমহাৰ চুক্তিত স্বাক্ষৰ নকৰি বঞ্চিত কৰাৰ বাবেই কৰ্মচাৰীসকলে এনেদৰে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি মালিকপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ কৰ্মচাৰীসকলে প্ৰতিকূল বতৰকো নেওচি নিজা প্ৰাপ্য ধন বিচাৰি বাগিছাৰ পৰিৱেশ উত্তাল কৰা তোলে
ইয়াৰ পিছতো যদি মালিকপক্ষই কৰ্মচাৰীসকলৰ দাবীৰ প্ৰতি সহাৰি নজনাই তেন্তে অনাগত দিনত জংগী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে ৷ উল্লেখ্য যে বৰ্ধিত হাৰত পাবলগীয়া দৰমহা লাভ কৰাৰ দাবীত যোৱা দুটা দিনতো এইদৰেই বাগিছাৰ কৰ্মচাৰীসকলে ধৰ্ণা কাৰ্যসুচী ৰূপায়ণ কৰি আহিছে ৷