তেজপুৰ, 1 এপ্ৰিল: শোণিতপুৰৰ ভালুকপুঙত পুৱতি নিশা এনকাউন্টাৰ (Encounter in Assam Arunachal border)৷ চাৰিদুৱাৰ আৰক্ষী আৰু নিষিদ্ধ ঘোষিত সংগঠন NLFB ৰ মুখামুখী সংঘৰ্ষ ৷ অসম-অৰুণাচল সীমান্তৰ ভালুকপুঙৰ বাৰ মাইলত সংঘটিত হৈছে এই ঘটনা ৷ এনকাউণ্টাৰত দুজনকৈ NLFB কেডাৰ গুৰুতৰভাৱে আহত হোৱাৰ লগতে আন এজনক আটক কৰে আৰক্ষীয়ে ।
পুনৰ ঠন ধৰি উঠিছে নেশ্যনেল ডেম’ক্ৰেটিক ফ্ৰণ্ট অব্ বড়োলেণ্ড চমুকৈ এন ডি এফ বি । পূৰ্বে নিষিদ্ধ ঘোষিত এই সংগঠনৰ সদস্যসকলে অস্ত্ৰ সম্বৰণ কৰি মূলসূতিলৈ উভতি অহাৰ পিছত পুনৰ হাতত অস্ত্ৰ লৈ ধন সংগ্ৰহৰ এক নতুন যাত্ৰা আৰম্ভ কৰিছে । এই কথা জানিবলৈ দিয়ে শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক ডাঃ ধণঞ্জয় ঘনৱাটে । শোণিতপুৰ জিলাৰ অসম অৰুণাচল প্ৰদেশ সীমান্তৰ বাৰ মাইলত শুকুৰবাৰে পুৱতি নিশা আৰক্ষীৰ লগত হোৱা সংঘৰ্ষই ৰাজ্যৰ আইন শৃংখলাজনিত দিশত পুনৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে ৷
উল্লেখ্য যে, বিগত বহুদিন ধৰি বাৰ মাইলত বাহৰ পাতি আছিল নিষিদ্ধ ঘোষিত সংগঠনটোৰ কেডাৰকেইজনে । আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত অভিযান চলাই ইৰাকদাও নাৰ্জাৰী নামৰ আত্মসমৰ্পণ কৰা উগ্ৰপন্থীজনক আটক কৰে ৷ আনহাতে অভিযানৰ সময়ত পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীৰ গুলীত আহত উগ্ৰপন্থী গেন্দ্ৰা বসুমতাৰী আৰু খাম্পান্দাৰ বসুমতাৰী বৰ্তমান তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ হস্পিতালত চিকিৎসাধীন হৈ আছে ৷ চিকিৎসাধীন দুয়োজন উগ্ৰপন্থীৰ স্বাস্থ্য বৰ্তমান সুস্থ বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷
আৰক্ষী অধীক্ষক ঘনৱাটে কয় যে, এই কেইজন লোক ২০১৬ চনৰ অনিল আগৰৱালা নামৰ এগৰাকী ব্যৱসায়ীৰ অপহৰণৰ লগত জড়িত আৰু সেই সম্পৰ্কে এক গোচৰ চলি আছে । বৰ্তমান তেওঁলোকে ধন দাবীৰ বাবে এক সুকীয়া পথ অৱলম্বন কৰা বুলিও জানিবলৈ দিয়ে ৷ ইৰাকদাৱে ২০২১ চনত অস্ত্ৰ সম্বৰণ কৰি অসম চৰকাৰৰ পৰা মাননিও লৈছিল আৰু ঘৰতে নিজাববীয়াকৈ প্ৰিন্টিং প্ৰেছ খুলি ব্যৱসায় চলাই আছিল ৷
ইৰাকদাৰ প্ৰিণ্টিং প্ৰেছত গেন্দ্ৰা আৰু খাম্পান্দাৰে এন এল এফ বি ৰ নামত পত্ৰ চপা কৰিবলৈ বাধ্য কৰাইছিল বুলিও আৰক্ষীৰ জেৰাত প্ৰকাশ কৰিছে ইৰাকদাৱে ৷ মনকৰিবলগীয়া যে, কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰৰ মাজ নিশাৰ পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায়সমূহ অঞ্চলৰ পৰা সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন বাতিল কৰাৰ লগে লগেই পুৱতি নিশা শোণিতপুৰ জিলাত সংঘৰ্ষৰ সূত্ৰপাত হয় উগ্ৰপন্থীৰ লগত ।
আটকাধীন উগ্ৰপন্থীকেইজনৰ পৰা আৰক্ষীয়ে বহুকেইটা মোবাইল ফোনৰ লগতে লেপটপ আৰু এন এল এফ বিৰ মোহৰ থকা পত্ৰ জব্দ কৰিছে । আনহাতে আৰক্ষীৰয়ে এই সংঘৰ্ষৰ বাবেও এক ন্যায়িক পৰ্যায়ৰ তদন্ত কৰাৰ কথা জানিবলৈ দিয়ে আৰক্ষী অধীক্ষক ঘনৱাটে ।
লগতে পঢ়ক: Firing in Dibrugarh: ডিব্ৰুগড়ত নিজকে গুলীয়ালে কিশোৰীয়ে