তেজপুৰ, ৩১ মে' : কৰ’ণা সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত শোণিতপুৰ আৰক্ষীয়ে বৰ্তমান জিলাখনত গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷ সোমবাৰে শোণিতপুৰৰ আৰক্ষী অধীক্ষক ডা৹ ধনঞ্জয় ঘনাৱতে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি সান্ধ্য আইনৰ সময়ত কোনো কাৰণ নোহোৱাকৈ ওলাই অহা লোকক পদপথত পালেই আৰক্ষীয়ে এতিয়াৰ পৰা সেই স্থানতে লোকজনৰ ক’ভিডৰ এন্টিজেন টেষ্ট কৰিব আৰু কৰ’ণাৰ অৱস্থিতি ধৰা পৰিলে তেওঁক তাৎক্ষণিক ভাৱে চিকিৎসালয় নতুবা গৃহ পৃথকীকৰণৰ ব্যৱস্থা কৰিব ৷
ইতিমধ্যে এনে কেবাজনো ব্যক্তিৰ দেহত কৰ’ণাৰ অৱস্থিতি ধৰা পৰিছে বুলিও কয় আৰক্ষী অধীক্ষক জনে ৷ তেওঁ লগতে কয় যে, এনে যি সকল ব্যক্তিৰ দেহত কৰ’ণা ধৰা পৰা নাই তেওঁলোককো আৰক্ষীৰ লগতে সজাগতা সৃষ্টিৰ কামত লগোৱা তথা তালাচী ক্ষেত্ৰত ৰাখি থোৱা হৈছে ৷
আৰক্ষী অধীক্ষকজনে সংবাদমেলত লগতে প্ৰকাশ কৰে যে, শোণিতপুৰ আৰক্ষীয়ে বৰ্তমান জিলাখনত কৰ’ণা সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত বিশেষ তৎপৰতা গ্ৰহণ কৰিছে ৷ ইয়াৰে অংশ হিচাপে বৰ্তমান জিলাখনত থকা ফাৰ্মাচী সমূহত জ্বৰ তথা চৰ্দিৰ ঔষধ ক্ৰয় কৰা লোকৰো তথ্য সংগ্ৰহ কৰিছে আৰক্ষীয়ে ৷
এই ক্ষেত্ৰত এক গোট গঠন কৰি শোণিতপুৰ আৰক্ষীয়ে ফাৰ্মাচী সমূহৰ সৈতে মোবাইলৰ জৰিয়তে সংযোগ ৰাখিছে আৰু কৰ’ণাৰ পৰীক্ষা নকৰা লোকসকলে জ্বৰ তথা চৰ্দিৰ ঔষধ ক্ৰয় কৰিলে লগে লগে সেই বিষয়ে আৰক্ষীয়ে তথ্য লাভ কৰে ৷ আৰক্ষীয়ে তেনে লোক সকলক যোগাযোগ কৰি কৰ’ণাৰ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিছে ৷
এইপৰ্যন্ত শোণিতপুৰত কৰ’ণাৰ পৰীক্ষা নকৰাকৈ ঔষধ ক্ৰয় কৰা পাঁচ শতাধিক লোকৰ তথ্য আৰক্ষীয়ে লাভ কৰা বুলিও তেওঁ উল্লেখ কৰে ৷ তদুপৰি, কৰ’ণাত আক্ৰান্ত হৈ গৃহ পৃথকীকৰণত থকা লোকৰ সৈতেও আৰক্ষীয়ে যোগাযোগ ৰখা বুলি প্ৰকাশ কৰে আৰক্ষী অধীক্ষক ঘনাৱটে ৷
শোণিতপুৰৰ বাবে আৰক্ষী অধীক্ষক জনৰ অনুৰোধ মৰ্মে বিশ্বজুৰি সেৱা আগবঢ়াই থকা স্বেচ্ছাসেৱী সংস্থাৰ ব্ৰিজ ফিলানি অক্সিজেন ফৰ অল নামৰ এগৰাকী প্ৰাক্তন সদস্য তথা বৰ্তমান দেশৰ মেডিকেল অক্সিজেন ফৰ অল নামৰ বেচৰকাৰী সংস্থাটোৰ বিষয়া ধ্ৰুৱ চ’গানি আৰু যতীন গুপ্তাই শোণিতপুৰৰ বাবে ১০টা ১০লিটাৰৰ অক্সিজেন কনচেনট্ৰেটৰ প্ৰেৰণ কৰিছে ৷
উল্লেখযোগ্য যে, সংস্থাটোৱে এনে কনচেনট্ৰেটৰ ৰাজ্যলৈ প্ৰেৰণ কৰিছে মুঠ ১২০টা ৷ শোণিতপুৰত এই অক্সিজেন কনচেনট্ৰেটৰ সমূহ এম্বুলেঞ্চ সমূহত সংযোগৰ ব্যৱস্থা কৰা হ’ব বুলিও কয় আৰক্ষী অধীক্ষকজনে ৷ শোণিতপুৰ আৰক্ষীয়ে কৰ’ণাৰ সংক্ৰমণ ৰোধৰ বাবে এক কৰ’ণা প্ৰহৰী নামৰে এক গোট গঠন কৰা বুলিও প্ৰকাশ কৰে ৷
আনহাতে, ড্ৰাগছৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ কথা উল্লেখ কৰি আৰক্ষী অধীক্ষক ঘনাৱটে কয় যে, এই ক্ষেত্ৰত শোণিতপুৰ আৰক্ষীয়ে অভিযান চলোৱাৰ লগতে ড্ৰাগছ আসক্ত সকলক ইয়াৰ পৰা মুক্ত কৰাৰ বাবে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰি সেই ক্ষেত্ৰতো চিন্তা চৰ্চা অব্যাহত ৰাখিছে ৷ ড্ৰাগছ বিৰোধী অভিযানৰ বাবে শোণিতপুৰ আৰক্ষীয়ে ইতিমধ্যে টাস্কফ’ৰ্চ গঠন কৰা বুলি প্ৰকাশ কৰে ৷
শেহতীয়াকৈ তেজপুৰত এগৰাকী বৃদ্ধাৰ ঘৰত হোৱা ডকাইটি ঘটনাৰো ৮০শতাংশ তদন্ত সম্পূৰ্ণ হোৱা বুলি মন্তব্য কৰি শীঘ্ৰেই এই ঘটনাৰ সবিশেষ উদ্ঘাটন হ’ব বুলি প্ৰকাশ কৰে আৰক্ষী অধীক্ষক ধনঞ্জয় ঘনাৱতে ৷ তেওঁ তেজপুৰৰ যানজঁটৰ সমস্যা সমাধানৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰে ৷
লগতে পঢ়ক : শান্তি নিৱাস বৃদ্ধাশ্ৰমলৈ কিয় আহিল বিধায়ক জয়ন্ত মল্ল বৰুৱা ?