ETV Bharat / state

Ganja seized: শোণিতপুৰত জব্দ প্ৰায় ২১ কিলোগ্ৰাম গাঞ্জা

শোণিতপুৰ আৰক্ষীৰ বৃহৎ সফলতা । শুকুৰবাৰে নিশা আৰক্ষীৰ তালাচীত জব্দ ২০.৯৯২ কিলোগ্ৰাম গাঞ্জা (Huge quantity of ganja seized in Sonitpur)। গাঞ্জা সৰবৰাহত ব্যৱহাৰ কৰা এখন চাৰিচকীয়া বাহন জব্দ । দুজন লোককো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

author img

By

Published : Jul 30, 2022, 1:35 PM IST

Ganja seized
শোণিতপুৰত জব্দ প্ৰায় ২১ কিলোগ্ৰাম গাঞ্জা

তেজপুৰ, ৩০ জুলাই : নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহ বন্ধ কৰাৰ ক্ষেত্ৰত অধিক তৎপৰ হৈছে অসম আৰক্ষী । ঠায়ে ঠায়ে অভিযান চলাই প্ৰায় প্ৰতিদিনে আৰক্ষীয়ে জব্দ কৰিছে গাঞ্জা, ড্ৰাগছ আদি নিষিদ্ধ সামগ্ৰী । ইয়াৰ মাজতে শোণিতপুৰ জিলাত জব্দ হৈছে বৃহৎ পৰিমাণৰ গাঞ্জা (Ganja seized in Sonitpur)।

আৰক্ষীৰ তালাচীৰ সময়ত এখন চাৰিচকীয়া বাহনৰ পৰা জব্দ গাঞ্জাখিনি । গাঞ্জাখিনিৰ পৰিমাণ ২০.৯৯২ কিলোগ্ৰাম বুলি জানিব পৰা গৈছে (Sonitpur police seized about 21 kg Ganja)। ঘটনা সন্দৰ্ভত আৰক্ষী তদন্ত আৰম্ভ ।

শুকুৰবাৰে নিশা আৰক্ষী বিষয়া প্ৰদীপ ৰাজখোৱাৰ নেতৃত্বত চাৰিদুৱাৰ আৰক্ষী আৰু AISF দলৰ যুটীয়া তালাচী অভিযানত জব্দ কৰা হয় গাঞ্জাখিনি । গাঞ্জাখিনি উদ্ধাৰ হোৱা AS-২৭-A-২৯৫৬ নম্বৰৰ চাৰিচকীয়া বাহনখনো আৰক্ষীয়ে জব্দ কৰে । আনহাতে সৰবৰাহত জড়িত দুজন লোকক আটক কৰে শোণিতপুৰ আৰক্ষীয়ে (Two Ganja supplier arrested in Sonitpur)।

আৰক্ষীয়ে জানোৱা মতে ওদালগুৰি জিলাৰ ফৈজুল ইছলাম আৰু তেজপুৰৰ শিঙিতলীৰ মজিবুৰ ৰহমানক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে । দুয়োজন লোকক জেৰাৰ সময়ত তেওঁলোকে স্বীকাৰ কৰে যে তেওঁলোকে ওদালগুৰি জিলাৰ মাজবাটৰ পৰা গাঞ্জাখিনি ফৈজুল ইছলামে আনিছিল আৰু তেজপুৰৰ বাৰঘাট আৰক্ষী থানাৰ অধীনত শিঙিতলীৰ মজিবুৰ ৰহমানক বিক্ৰী কৰিছিল । ইফালে গাঞ্জাখিনি মজিবুৰে অন্য এক স্থানত লুকুৱাই ৰাখিছিল ।

লগতে পঢ়ক :Ganja seized in Nalbari : নলবাৰীৰ কাপলাবড়ীত আটক দুই গাঞ্জা ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.