ETV Bharat / state

বিজয়া দশমীত অশুভ শক্তি নিয়ন্ত্ৰণ কৰি মাৰণাস্ত্ৰ উদ্ধাৰ আৰক্ষীৰ - মাৰণাস্ত্ৰ

উৎসৱৰ বেলা শোণিতপুৰ আৰক্ষীয়ে অশুভ শক্তি নিয়ন্ত্ৰণ কৰি উদ্ধাৰ কৰিলে মাৰণাস্ত্ৰ ৷ সবিশেষ জানো আহক ৷

sonitpur Police recovers  arms ammunition in vijaya dashami
বিজয়া দশমী: অশুভ শক্তি নিয়ন্ত্ৰণ কৰি উদ্ধাৰ কৰিলে মাৰণাস্ত্ৰ উদ্ধাৰ আৰক্ষীৰ
author img

By

Published : Oct 15, 2021, 10:23 PM IST

তেজপুৰ, ১৫ অক্টোবৰ : বিজয়া দশমীৰ দিনটোত অশুভ শক্তিৰ ওপৰত সত্য আৰু শুদ্ধৰ জয় উদযাপন কৰে ভক্তগণে । সমগ্ৰ ৰাজ্যতে ৰাইজে শাৰদীয় দুৰ্গা পূজাৰ আনন্দ লভিছে ৷ এনে সময়তে শোণিতপুৰত আৰক্ষীয়ে এটা ০.৩২ পিষ্টল, ৬ ৰাউণ্ড সজীৱ গুলী আৰু ২ টাকৈ মেগজিন উদ্ধাৰ কৰি অপৰাধৰ বিৰুদ্ধে বিজয় পালন কৰিছে । উক্ত মাৰণাস্ত্ৰ তথা আনুসংগিক সামগ্ৰী সমূহ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত আকাবস্তীৰ নিৱাসী মঃ আজীমুদ্দীন আলীৰ পুত্ৰ মঃ আকাশ আলীৰ ঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ৷

ইয়াৰ লগতে ঘটনাৰ সৈতে জড়িত লোকজনকো আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । সম্প্ৰতি উক্ত ঘটনা সন্দৰ্ভত আইনী প্ৰক্ৰিয়া বৰ্তমান অব্যাহত আছে আছে বুলি শোণিত পুৰ জিলা আৰক্ষীয়ে টুইট যোগে জানিবলৈ দিছে । উল্লেখযোগ্য যে, ৰাজ্যত উৎসৱৰ বতৰত সংঘটিত হ’ব পৰা কূটাঘাট নিয়ন্ত্ৰণৰ বাবে এইবেলিৰ দুৰ্গা পূজাৰ আগৰে পৰাই সমগ্ৰ ৰাজ্যতে আৰক্ষীয়ে বিশেষ ভূমিকা পালন কৰা দেখা গৈছিল ৷

এনে সময়তে এতিয়া শোণিতপুৰ আৰক্ষীয়ে এইদৰে উৎসৱৰ মাজতে মাৰণাস্ত্ৰ উদ্ধাৰ কৰা কাৰ্যক সম্প্ৰতি সচেতন মহলে শলাগ লৈছে ৷

লগতে পঢ়ক : শিৱসাগৰত ছজন শিশুৱে অনুষ্ঠিত কৰিলে এখন দুৰ্গা পূজা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.