ETV Bharat / state

ঢেকীয়াজুলিত ১০ খন চুৰি বাইক উদ্ধাৰ

শোণিতপুৰত জিলাখনৰ ভিন্ন স্থানৰ পৰা চুৰি হোৱা 10 খন বাইক উদ্ধাৰ আৰক্ষীৰ (Sonitpur police recovere 10 Stolen bikes ) ৷ ঢেকিয়াজুলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজা সৰকাৰৰ নেতৃত্বত অভিযান চলাই এই বৃহৎ পৰিমাণৰ চুৰি বাইক উদ্ধাৰ ৷

author img

By

Published : Jun 1, 2022, 2:13 PM IST

Sonitpur police recovere 10 Stolen bikes
ঢেকীয়াজুলিত ১০ খন চুৰি বাইক উদ্ধাৰ

তেজপুৰ, 1 জুন: শোণিতপুৰৰ আৰক্ষীৰ বৃহৎ সাফল্য । ঢেকিয়াজুলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজা সৰকাৰৰ নেতৃত্বত অভিযান চলাই ঢেকিয়াজুলিত 10 খন চুৰি বাইক উদ্ধাৰ কৰিলে আৰক্ষীয়ে (Sonitpur police recovere 10 Stolen bikes ) ৷

এক গোপন সূত্ৰৰ পম খেদি ঢেকিয়াজুলি আৰক্ষীয়ে ঢেকিয়াজুলিৰ ৰহমানপুৰ,বাটাচীপুৰ,বাটাচীপুৰৰ স্বৰ্গপুৰী ইত্যাদি স্থানৰ পৰা অভিযান চলাই চুৰি বাইকসমূহ উদ্ধাৰ কৰে ৷ এই চুৰি বাইকসমূহ গুৱাহাটী, মাজবাট, নগাওঁ, তেজপুৰ ইত্যাদি স্থানৰ পৰা চুৰি কৰা হৈছিল বুলি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজা সৰকাৰে জনায় ৷

লগতে চুৰি বাইকসমূহত যি নম্বৰ প্লেট লগোৱা আছে সকলোবোৰ নম্বৰেই ভুৱা বুলিও উল্লেখ কৰে আৰক্ষী বিষয়াগৰাকীয়ে ৷ ইতিমধ্যে দুৰ্ধৰ্ষ বাইক চোৰ 6 টাক আৰক্ষীয়ে চিনাক্ত কৰি প’ষ্টাৰ মুকলি কৰিছে বুলি আৰক্ষী বিষয়াগৰাকীয়ে জনায় ৷

ঢেকীয়াজুলিত ১০ খন চুৰি বাইক উদ্ধাৰ

ইয়াৰ মাজৰ কুখ্যাত বাইক চোৰ ঠেলামৰাৰ ইক্ৰামূল ওৰফে কেল্টুৰ নামত 20 হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে ঢেকিয়াজুলি আৰক্ষীয়ে ৷ ইফালে পলাতক অৱস্থাত থকা বাইক চোৰকেইটা চহৰ আলী (তেজপুৰ), হাবিজুল (ঠেলামৰা), মইনুল হক (ঠেলামৰা,গাণ্ডু (ঠেলামৰা ), হাবিবুৰ, জুলাছ শ্বেখ বুলি আৰক্ষীয়ে জনায় ৷

এই বাইক চুৰি কাৰ্যৰ লগত জড়িত চক্ৰটোক অতি সোনকালে আৰক্ষীয়ে কৰায়ত্ত কৰিব পাৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷

লগতে পঢ়ক : Robbery in Nagaon: ধিঙৰ জাৰমাৰীত চাঞ্চল্যকৰ ডকাইতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.