ETV Bharat / state

মহানগৰীৰ গ্ৰেণেড বিস্ফোৰণৰ পাচতে গা লৰিল শোণিতপুৰ আৰক্ষীৰ

তেজপুৰ চহৰৰ ভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ সৈতে বৈঠকত মিলিত আৰক্ষী অধীক্ষক ৷ জিলাখনত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী ৷

মহানগৰীৰ গ্ৰেণেড বিস্ফোৰণৰ পাচতে গা লৰিল শোণিতপুৰ আৰক্ষীৰ
author img

By

Published : May 17, 2019, 5:26 PM IST

তেজপুৰ, 17 মে': গুৱাহাটীত সংঘটিত হোৱা গ্ৰেণেড বিস্ফোৰণৰ পাচতেই গা লৰিল শোণিতপুৰ আৰক্ষীৰ। জিলাখনত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিবলৈ শোণিতপুৰ জিলা সদৰ, তেজপুৰ চহৰৰ ভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ সৈতে এক সতৰ্কতামূলক বৈঠকত মিলিত হয় জিলাখনৰ আৰক্ষী অধীক্ষক সঞ্জীত কৃষ্ণ। চহৰৰ মুঠ ৬ টা শ্বপিং ম'লৰ স্বত্বাধিকাৰী, নিৰাপত্তা এজেঞ্চিৰ লগত এক জৰুৰী বৈঠকত মিলিত হৈ সম্পূৰ্ণ সুৰক্ষা ব্যৱস্থাৰ বিষয়ে বিশদভাৱে আলোচনা কৰাৰ লগতে চহৰৰ বিভিন্ন স্থানত চি চি টিভি কেমেৰা স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে। আনহাতে,জিলাখনৰ অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী এলেকাসমূহতো কটকটীয়া কৰা হৈছে সুৰক্ষা ব্যৱস্থা।

Intro:তেজপুৰ,১৭ মে': শেহতীয়াকৈ গুৱাহাটী মহানগৰীৰ গ্ৰেণেড বিস্ফোৰণৰ পিছতে শোণিতপুৰ আৰক্ষী ৰ বিশেষ পদক্ষেপ ।
শোণিতপুৰ জিলাৰ সদৰ তেজপুৰ চহৰৰ বিভিন্ন বেয়াবসায়ী প্ৰতিষ্ঠান ৰ সৈতে ইতিমধ্যেই আৰক্ষী অধীক্ষক ৰ লগত এলানি সতৰ্কতা মূলক বৈঠক অনুষ্ঠিত হৈছে । এই কথা সদৰী কৰিছে শোণিতপুৰ জিলাৰআৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণই ।

Body:তেজপুৰ চহৰৰ মুঠ ৬ টা শ্বপিং মল ৰ স্বতসাধিকাৰী চিকুৰীতি এজেঞ্চি ৰ লগত ইতিমধ্যেই এখন জৰুৰী বৈঠকত সম্পূৰ্ণ সুৰক্ষা ব্যৱস্থাৰ বিষয়ে বিশদ ভাবে আলোচনা কৰিছে আৰু চহৰৰ বিভিন্ন স্থানত চি চি কেমেৰা স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিব দিছে ।
আনহাতে শোণিতপুৰ জিলা খনৰ অৰুণাচল প্ৰদেশৰ সীমান্ত বৰ্তি এলেকা সমূহত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰিছে ।উল্লেখযোগ্য যে জিলা খনৰ এই সীমান্ত এলেকা সমূহত বিগত 2014 চনত নেচনেল ডেমক্ৰেটি ফ্ৰণ্ট অফ বড়োলেণ্ড ৰ চমুকৈ NDFB(S) ৰ ভয়াবহ কোটাঘাত সংঘটিত হৈছিল ।
Bite: কুমাৰ সঞ্জীত কৃষ্ণ , আৰক্ষী অধীক্ষক শোণিতপুৰ ।

Conclusion:কৃষ্ণ ই পুনৰ কয় যে শোণিতপুৰ আৰক্ষী নিৰাপত্তা দিশ সম্পূৰ্ণ সষ্টম হৈ এক যুদ্ধ কালীন প্ৰস্তুতি অৱলম্বন কৰিছে ।
প্ৰণৱ কুমাৰ দাস, ইটিভি ভাৰত অসম ।
তেজপুৰ ।
১৭/৫/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.