ETV Bharat / state

Sonitpur District Day: দিনজোৰা কাৰ্যসূচীৰে উদযাপন শোণিতপুৰ জিলা দিৱস

author img

By

Published : Aug 3, 2023, 2:07 PM IST

দিনজোৰা কাৰ্যসূচীৰে বৃহস্পতিবাৰে উদযাপন কৰা হয় শোণিতপুৰ জিলা দিৱস ৷ শোণিতপুৰ জিলা দিৱসৰ লগত সংগতি ৰাখি জিলা প্ৰশাসনৰ উদ্যোগত বহুকেইটা অনুষ্ঠান হাতত লোৱা হয় ৷

Sonitpur District Day
শোণিতপুৰ জিলা দিৱস

শোণিতপুৰ জিলা দিৱস

তেজপুৰ, ৩ আগষ্ট : আজি শোণিতপুৰ জিলা দিৱস ৷ বিগত বৰ্ষৰ দৰে এই বছৰো জিলা প্ৰশাসনৰ উদ্যোগত পূৰ্বৰ দৰং জিলাৰ পৰা ১৯৮৩ চনৰ ৩ আগষ্টত শোণিতপুৰ জিলা প্ৰতিষ্ঠা হোৱাৰ দিনটো জিলা দিৱস হিচাপে উদযাপন কৰা হৈছে ৷ এই উপলক্ষে জিলা মহিলা আৰু শিশু উন্নয়ন বিভাগৰ লগতে জিলা ক্ৰীড়া কাৰ্যালয়ৰ যৌথ উদ্যোগত আজি অৰ্থাৎ বৃহস্পতিবাৰে পুৱা ৬ বজাত তেজপুৰৰ বিধায়ক পৃথিৰাজ ৰাভা, জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ উপস্থিতিত এক চাইকেল ৰেলীৰে দিনজোৰা কাৰ্যসূচী মুকলি কৰে ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে ।

ইয়াৰ পিচতে পুৱা ৭ বজাত তেজপুৰ পাৰিপাৰ্শ্বিক সমাজৰ দ্বাৰা পৰিচালিত পুনঃনিৰ্মিত কৰা আনন্দ চন্দ্ৰ আগৰৱালা উদ্যান উদ্বোধন কৰি পুৱা ৭:১০ বজাৰ পৰা উদ্যানখনত এক যোগ শিবিৰ অনুষ্ঠিত কৰা হয় । পুৱা ৮:৩০ বজাত এই উদ্যানতে ‘বেটি বচাও, বেটি পঢ়াও’ শীৰ্ষক চিত্ৰাংকন প্ৰতিযোগিতা আৰু জিলা দিৱসৰ লগত সংগতি ৰাখি জিলাখনৰ কেইবাগৰকীও প্ৰখ্যাত শিল্পীসকলৰ দ্বাৰা কলা শিবিৰ আৰু লাইভ প্ৰদৰ্শনী মুকলি কৰে ।

একে সময়তে জিলা আয়ুক্ত কাৰ্যালয়ত “দেৱাল অংকন” কাৰ্যসূচীও শুভাৰম্ভ কৰা হয় ৷ পৰৱৰ্তী সময়ত পুৱা ৯:৩০ বজাত শোণিতপুৰ জিলাৰ কৃষকসকলে জৈৱিক উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে জিলা কৃষি বিষয়াৰ কাৰ্যালয় চৌহদত এটা জৈৱিক সামগ্ৰী বিক্ৰী কেন্দ্ৰ (অৰ্গেনিক হাব) উদ্বোধন কৰে আৰু এই কেন্দ্ৰটো গ্ৰাহকৰ বাবে প্ৰতিদিনে খোলা থাকিব ।

জিলা দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি ৪০ বছৰৰ উৰ্দ্ধৰ মহিলাসকলৰ মাজত স্তন কেন্সাৰ সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত তেজপুৰৰ ৰটাৰী ক্লাবৰ সহযোগত এক মেডিকেল মেম’গ্ৰাফী সজাগতা শিবিৰৰ আয়োজন কৰা হ’ব । এই শিবিৰত প্ৰায় ২০০ অংগনবাড়ী কৰ্মী উপস্থিত থাকিব ৷

তাৰ পিচত অনাগত দিনত তেজপুৰ কেন্সাৰ চেণ্টাৰ, টুমুকীত পৰ্যায়ক্ৰমে বিনামূলীয়াকৈ মেম’গ্ৰাফী কৰাব পাৰিব । এই কাৰ্যসূচীত মহিলা শিক্ষয়িত্ৰী আৰু অন্যান্যসকলকো পৰ্যায়ক্ৰমে সামৰি লোৱা হ’ব । জিলা দিৱসৰ এক অন্যতম কাৰ্যসূচী হিচাপে ভাৰতীয় ৰেড ক্ৰছ ছ’চাইটি, তেজপুৰ শাখা, মহিলা আৰু শিশু উন্নয়ন বিভাগ আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত আৰু জয়পুৰৰ ভগৱান মহাবীৰ বিকলাংগ সাহায়তা সমিতিৰ সৌজন্যত এক জয়পুৰ কৃত্ৰিম অংগ আৰু জয়পুৰ কেলিপাৰ ফিটমেণ্ট শিবিৰ আয়োজন কৰা হ’ব ।

পুৱা ১০.১৫ বজাত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সাংসদ পল্লৱ লোচন দাসে এই বিনামূলীয়া শিবিৰ উদ্বোধন কৰে । ইতিমধ্যে এই শিবিৰৰ বাবে প্ৰায় ৭০০ হিতাধিকাৰী চিনাক্ত কৰা হৈছে আৰু পৰৱৰ্তী সময়ত কেইমাহমানৰ মূৰে মূৰে নিয়মীয়াকৈ এই শিবিৰসমূহ অনুষ্ঠিত কৰা হ’ব । ইয়াৰ উপৰিও, জিলা বন বিভাগ আৰু গুৱাহাটী পশ্চিম ৰটাৰী ক্লাৱৰ যুটীয়া সহযোগত জিলা দিৱস উপলক্ষে বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত মুঠ ২০০ বিঘা ভূমি সামৰি এক বিস্তৃত বৃক্ষৰোপণ কাৰ্যসূচীও অনুষ্ঠিত কৰা হয় ।

আজি প্ৰায় ৫০ বিঘাত এই বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । দিনটোৰ আন এক কাৰ্যসূচীত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত এক পশু আশ্ৰয় গৃহ আৰু পশু টিকাকৰণ শিবিৰ উদ্বোধন কৰা হ’ব । তেজপুৰ বিশ্ববিদ্যালয়ৰ এনিমেল ওৱেলফেয়াৰ ক্লাৱ আৰু তেজপুৰৰ ৰটাৰী ক্লাৱৰ যৌথ উদ্যাোগত এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ।

বিয়লি ৪ বজাৰ পৰা জিলা দিৱসৰ লগত সংগতি ৰাখি তেজপুৰৰ বাণ থিয়েটাৰত অনুষ্ঠিত হ’বলগীয়া এক বিশেষ অনুষ্ঠানত বিশিষ্ট ইতিহাসবিদ তথা শিক্ষাবিদ ড৹ ৰাজেন শইকীয়াই “শোণিতপুৰৰ জীৱন গাঁথা, ইয়াৰ উদ্ভাৱন, উত্তৰণ আৰু উদযাপন” বিষয়ক বিশেষ বক্তৃতা প্ৰদান কৰিব ।

সন্ধিয়া ৬:৩০ বজাৰ পৰা বাণ থিয়েটাৰত এক মুকলি সভা আয়োজন কৰা হৈছে আৰু এই কাৰ্যসূচীৰ অংশ হিচাপে জিলাখনলৈ বিভিন্ন ক্ষেত্ৰত সুনাম কঢ়িয়াই অনা কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী আৰু ব্যক্তিক সম্বৰ্ধনা জনোৱা হ’ব । সমগ্ৰ ৰাজ্যতে পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ অসম চৰকাৰৰ লক্ষ্যৰ লগত সংগতি ৰাখি এই উপলক্ষে পথ সুৰক্ষা সজাগতাৰ ওপৰত এখন চমু নাটকৰো আয়োজন কৰা হৈছে ৷

পিচত গুৱাহাটীৰ ছিগাল থিয়েটাৰ গোষ্ঠীৰ দ্বাৰা প্ৰযোজিত আৰু বিশিষ্ট নাট্যকাৰ বাহাৰুল ইছলাম পৰিচালিত ড৹ ভৱেন্দ্ৰনাথ শইকীয়াৰ কাহিনীৰ আধাৰত “আকাশ” নামৰ নাট মঞ্চস্থ কৰা হ’ব ।

লগতে পঢ়ক : Wild elephant and Rhino terror: মাজুলীৰ চাপৰিত হাতী গঁড়ৰ বসতি; ভয়ত চাপৰি এৰিছে ম’হ গুৱালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.