তেজপুৰ, ১ জানুৱাৰী : ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনাই শোণিতপুৰ জিলা কৃষি বিভাগৰ ব্যতিক্ৰমী পদক্ষেপ । বিগত সময়ছোৱাত জিলাখনৰ কৃষিখণ্ডৰ বাবে আগবঢ়োৱা উল্লেখনীয় পদক্ষেপ আৰু সামাজিক ক্ষেত্ৰখনিত বিশেষ অৱদানৰ যোগেদি বিভিন্ন স্থানত প্ৰশংসা বুটলাৰ লগতে সম্বর্ধনা লাভ কৰিবলৈ সক্ষম হোৱা শোণিতপুৰৰ ৭ গৰাকীকৈ প্ৰগতিশীল কৃষকক সম্বর্ধনা জ্ঞাপন কৰে জিলা কৃষি বিভাগে ।
![Farmers felicitation program](https://etvbharatimages.akamaized.net/etvbharat/prod-images/01-01-2024/as-tezpur-03-1jan-pix-agriaward-pranabkumardas-7203907_01012024211822_0101f_1704124102_633.jpg)
এই সভাত জিলাখনৰ প্ৰগতিশীল কৃষক ঘনশ্যাম নাথ, শৰৎ বৰুৱা, জিতুমণি কলিতা, জিতেন কুজুৰ, আব্দুল খালেক, সুভাষ সিং আৰু কমল কুমাৰী বড়োক সম্বর্ধনা জ্ঞাপন কৰা হয় । এই অনুষ্ঠানত উপস্থিত থাকে জিলা কৃষি বিষয়া পংকজ কুমাৰ শইকীয়া, অৱসৰপ্ৰাপ্ত যুটীয়া কৃষি সঞ্চালক হৰেশ্বৰ দাস, সহকাৰী কৃষি সঞ্চালক মিজানুৰ ৰহমান, মহকুমা কৃষি বিষয়া প্ৰণৱ বৰা, অঞ্জুমণি ভাগৱতী, ধীৰেন শৰ্মা, কৃষি উন্নয়ন বিষয়াসকল আৰু জিলা কৃষি বিভাগ, এপাৰ্ট-আত্মাৰ অন্যান্য বিষয়া কৰ্মচাৰীসকল ৷
জিলা মিডিয়া বিশেষজ্ঞ বিতোপন শইকীয়াই আঁতধৰা অনুষ্ঠানটোত আদৰণী ভাষণ প্ৰদান কৰে জিলা কৃষি বিষয়া পংকজ কুমাৰ শইকীয়াই । সকলোৰে জ্ঞাত যে যোৱা ১৬ ৰ পৰা ১৮ ডিচেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা ‘অসম আন্তর্জাতিক কৃষি-উদ্যান শস্য মেলা ২০২৩' ৷ এই মেলাত পশুপালন ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ৰাজ্যৰ ‘শ্ৰেষ্ঠ কৃষক’ৰ সন্মানেৰে সন্মানিত কৰা ডিপোটা কৃষি চক্ৰৰ অন্তৰ্গত দ-বেছেৰীয়াৰ ঘনশ্যাম নাথকো সম্বর্ধনা জ্ঞাপন কৰা হয় ।
জিলা কৃষি বিভাগ আৰু আত্মাৰ সহযোগত গাহৰি, হাঁহ, ছাগলী ইত্যাদি ফাৰ্মৰ জৰিয়তে বছৰি কেইবা লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱা নাথক আন্তৰ্জাতিক কৃষি উদ্যান শস্য মেলা ২০২৩ ত শ্ৰেষ্ঠ কৃষকৰ বঁটাসহ, পঞ্চাশ হাজাৰ টকাৰ চেক প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাই । অনুষ্ঠানতে সম্পূর্ণ প্ৰাকৃতিকভাৱে কৃষিকাৰ্য কৰি বহুজনৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হোৱাৰ লগতে আন্তৰ্জাতিক কৃষি উদ্যান শস্য মেলা ২০২৩ ত প্ৰগতিশীল কৃষকৰ সন্মান লাভ কৰা চিলাবন্ধা কৃষি চক্ৰৰ অন্তৰ্গত আদৰ্শ কৃষক শৰৎ বৰুৱা, পশুপালনৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰি তোলাৰ লগতে বহুজনক কৰ্ম সংস্থাপনৰ বাট মুকলি কৰিবলৈ সক্ষম হোৱা ঢেকিয়াজুলি কৃষি চক্ৰৰ জিতুমণি কলিতা আৰু ৰঙাপাৰাৰ আদৰ্শ কৃষক জিতেন কুজুৰকো সম্বর্ধনা জ্ঞাপন কৰা হয় ।
আনহাতে, তেজপুৰ লিচুৰ জৰিয়তে বিশ্বৰ বজাৰ দখল কৰিবলৈ সক্ষম হোৱা একমাত্ৰ কৃষক উৎপাদক কোম্পানী ‘অগ্নিগড়' এফ পি চিৰ, বি অ ডি আব্দুল খালেককো সম্বর্ধনা জ্ঞাপন কৰা হয় । শেহতীয়াকৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত উত্তৰ লখিমপুৰস্থিত মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ উদ্যোগত আৰু লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত ‘মাণ্ডলিক কৃষক সমাৰোহ ২০২৩' ত অসমৰ উদ্যান শস্যৰ বাবে আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে খালেকক সম্বর্ধনা জ্ঞাপন কৰিছিল ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই ।
এই সমাৰোহতে সন্মান লাভ কৰা তেজপুৰ পৰোৱাৰ আন এজন কৃষক সুভাষ সিংকো সম্বর্ধনা জ্ঞাপন কৰা হয় । কুঁহিয়াৰ খেতিৰ জৰিয়তে গুৰ উৎপাদন কৰি লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে সুভাষে । ইয়াৰ উপৰিও নাৰী শক্তিৰ প্ৰতীক জয়মতী কৃষক উৎপাদক কোম্পানীটোক নেতৃত্ব দি কৃষি বিপ্লৱৰ সূচনা কৰা কমল কুমাৰী বড়োক সম্বর্ধনা জ্ঞাপন কৰিলে জিলা কৃষি বিষয়া পংকজ কুমাৰ শইকীয়াই ।
উল্লেখ্য যে, দেশৰ ভূতপূৰ্ব প্ৰধানমন্ত্ৰী, ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ সোঁৱৰণত গঠিত অটল ফাউণ্ডেশ্যন’ৰ অন্তৰ্গত দেশৰ ৰাজধানী নতুন দিল্লীৰ ‘প্ৰধানমন্ত্ৰী সংগ্ৰহালয়’ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত সামাজিক উন্নয়ন আৰু দেশৰ বিকাশত আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে প্ৰেৰণাদায়ক ‘অটল গৌৰৱ' সন্মানেৰে সন্মানিত হৈ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে কমল কুমাৰী বড়োৱে ৷
লগতে পঢ়ক : নৱবৰ্ষৰ পহিলা দিনটোত অসম গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমীৰ বিপুল সমাৱেশ