তেজপুৰ, ১৭ জানুৱাৰী : ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কৰ্মসাধনাৰ স্থলী তেজপুৰত ৰাজ্যৰ সংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে পালন কৰা হয় শিল্পী দিৱস ৷ অনুষ্ঠানত অসম চৰকাৰে ঘোষণা কৰা শিল্পী বঁটাসমূহ প্ৰদান কৰা হয় ৷
অনুষ্ঠানত সাংস্কৃতিক মন্ত্ৰী বিমল বড়া, নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহল, সাংসদ পল্লব লোচন দাস , বিধায়ক পৃথিৰাজ ৰাভা আৰু সাংস্কৃতিক সঞ্চালক মীনাক্ষি দাস নাথ, সাংস্কৃতিক সচিব উপস্থিত থাকি শিল্পী পেন্সন আৰু বঁটাসমূহ প্ৰদান কৰে ।
উক্ত অনুষ্ঠানতে ৰাজ্যখনৰ যশস্বী কণ্ঠশিল্পী মনীষা হাজৰিকাক ২০২৪ বৰ্ষৰ শিল্পী বঁটা প্ৰদান কৰা হয় ৷ তেওঁক অংগবস্ত্ৰ, শৰাই, প্ৰশস্তি পত্ৰ আৰু ২ লাখ টকাৰ চেক প্ৰদান কৰা হয় । আনহাতে উক্ত অনুষ্ঠানতে অসমৰ কলা-সংস্কৃতি, সমাজ আৰু সাহিত্য জগতলৈ অমূল্য অৱদান আগবঢ়াই অহা সাতগৰাকী স্বনামধন্য ব্যক্তিৰ তিনিগৰাকীক ৰাষ্ট্ৰীয় আৰু চাৰিগৰাকীক ৰাজ্যিক বঁটাৰে বিভূষিত কৰা হয় ৷
২০২৩ বৰ্ষৰ তিনিটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা ক্ৰমে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় সংহতি বঁটা প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীক প্ৰদান কৰা হয় যদিও তেওঁ অসুস্থতাৰ বাবে উপস্থিত থাকিব নোৱাৰে ৷ বিপৰীতে ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ পুত্ৰ সমৰজিৎ চক্ৰৱৰ্তীয়ে বঁটা গ্ৰহণ কৰে ৷ উক্ত বঁটাত আছে এখন শৰাই, প্ৰশস্তি পত্ৰ আৰু পাঁচ লাখ টকাৰ চেক ৷
আনহাতে কৃষ্ণকান্ত সন্দিকৈ বঁটা প্ৰদান কৰা হয় বিশিষ্ট পণ্ডিত, গৱেষক ড৹ প্ৰদীপজোতি মহন্তক ৷ উক্ত বঁটাত আছে প্ৰশস্তি পত্ৰ, শৰাই আৰু ৩ লাখ টকাৰ চেক ৷ ছ্যু-কা-ফা বঁটা প্ৰদান কৰা হয় বিশিষ্ট সাংবাদিক, সাহিত্যিক ধীৰেন্দ্ৰ নাথ বেজবৰুৱাক । বেজবৰুৱা অসুস্থ হৈ থকাৰ বাবে তেওঁৰ ঘৰত গৈ চৰকাৰৰ তৰফৰ পৰা সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই প্ৰদান কৰিব উক্ত বঁটা ৷
আনহাতে উক্ত অনুষ্ঠানতে ২০২৩ বৰ্ষৰ চাৰিটা ৰাজ্যিক পৰ্য্যায়ৰ বঁটাও প্ৰদান কৰা হয় ৷ সেই অনুসৰি অভিনেত্ৰী চেতনা দাসক নটসূৰ্য্য ফণী শৰ্মা বঁটা প্ৰদান কৰা হয় ৷ উক্ত বঁটাত আছে শৰাই, প্ৰশস্তি পত্ৰ, অংগবস্ত্ৰ আৰু ২ লাখ টকাৰ চেক ৷ ড৹ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বঁটা প্ৰদান কৰা হয় বিশিষ্ট সাংবাদিক প্ৰশান্ত বৰুৱাক ৷
ইয়াৰোপৰি সতী ৰাধিকা বঁটা প্ৰদান কৰা সমাজসেৱিকা ড৹ মালতী বৰুৱাক ৷ শিল্পী সৈনিক ব্ৰজনাথ শৰ্মা বঁটা প্ৰদান কৰা হয় লোকশিল্পী জগদীশ বৰ্মনক ৷ আনহাতে একেটা অনুষ্ঠানতে অসমৰ শিল্প-কলা ক্ষেত্ৰখনলৈ অনবদ্য বৰঙণি আগবঢ়াই অহা ৰাজ্যখনৰ ৬২ গৰাকী শিল্পীক শিল্পী পেন্সন, ১৪৯ গৰাকী শিল্পীক বাৰ্ষিক শিল্পী সন্মানৰ অন্তৰ্গত ৫০ হাজাৰ টকাকৈ এককালিন সাহায্য, ১০ গৰাকী দিব্যাংগ শিল্পীক ৫০ হাজাৰ টকাৰ এককালীন সাহায্য আৰু ১০ গৰাকী প্ৰয়াত শিল্পীৰ পৰিয়ালক ৫০ হাজাৰ টকাৰ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হয় ।
লগতে পঢ়ক: চৰকাৰৰ সাহায্য নলয় সদানন্দ গগৈয়ে, সামাজিক মাধ্যমত ক্ষোভ