ৰঙাপৰা,11অক্টোবৰঃ ৰাজ্য কঁপোৱা SI কেলেংকাৰীৰ লগত জড়িত ইজনৰ পিছত সিজন খলনায়ক আৰক্ষীৰ জালত পৰিছে ৷ কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড পি কে দত্ত, দিবন ডেকা, সুৰজ শৰ্মা, ৰূপম দাসক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সমান্তৰালকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ কৰিছে এজনৰ পৰা আনজন অভিযুক্ত ৷ শনিবাৰে আন এজন অভিযুক্ত জিন্টু নাথ নামৰ আন এজন অভিযুক্তও পৰিল আৰক্ষীৰ জালত ।
![SI SCAM ONE ARRESTED AT RANGAPARA](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-rangapara-11october-801-802-visbytestill-rangaparanews-pankajnath-id-asc10041_11102020103623_1110f_1602392783_115.jpg)
শনিবাৰে নিশা চাৰিদুৱাৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া আলিমুদ্দিন আহমেদৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে জামুগুৰিৰ বামুনীবাৰীৰ পৰা আটক কৰিবলৈ সক্ষম হয় জিন্টু নাথক। জিন্তু নাথৰ ঘৰ উত্তৰ গুৱাহাটিৰ চাংসাৰিত বুলি জানিব পৰা গৈছে। অভিযুক্ত জিন্টু নাথক বৰ্তমান চাৰিদুৱাৰ আৰক্ষী থানাত ৰাখি জেৰা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়কঃ শনিবাৰে শুভমুক্তি দৰ্শন শইকীয়াৰ নতুন এলবাম "আবেগ"