ETV Bharat / state

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিজেপিৰ নিৰ্বাচনৰ ইচ্ছু হ'ব নেকি ? - মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ

আজি নগাঁও জিলাৰ বটদ্ৰৱাৰ প্ৰকল্পৰ শুভাৰম্ভ কৰাৰ পিচতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বিজেপিয়ে নিৰ্বাচনৰ ইচ্ছু হিচাপে ব্যৱহাৰ কৰিব বুলি সচেতন মহলত চৰ্চা হোৱা পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে, বৃহস্পতিবাৰে এদিনীয়া ভ্ৰমণ সূচীৰে অসমত উপস্থিত হয়হি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷

Shrimanta Shankardev topic
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বিজেপিৰ নিৰ্বাচনৰ ইচ্ছু হ'ব নেকি ?
author img

By

Published : Feb 25, 2021, 10:08 PM IST

Updated : Feb 26, 2021, 11:05 AM IST

তেজপুৰ, ২৫ ফেব্ৰুৱাৰী: আজি নগাঁও জিলাৰ বটদ্ৰৱা প্ৰকল্পৰ শুভাৰম্ভ কৰাৰ পিচতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বিজেপিয়ে নিৰ্বাচনৰ ইচ্ছু হিচাপে ব্যৱহাৰ কৰিব বুলি সচেতন মহলত চৰ্চা হোৱা পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে, বৃহস্পতিবাৰে এদিনীয়া ভ্ৰমণ সূচীৰে অসমত উপস্থিত হয়হি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷

প্ৰথমে নগাঁৱৰ পুৰণিগুদামত মৃত্যুঞ্জয় যজ্ঞত অংশগ্ৰহণ কৰা পিচতে বটদ্ৰৱালৈ ৰাওনা হয় অমিত শ্বাহ ৷ বটদ্ৰৱা থানত উপস্থিত হৈ বটদ্ৰৱা প্ৰকল্প শুভাৰম্ভণি কৰে অমিত শ্বাহে ৷ ইয়াৰ পিচতে কাৰ্বি আংলঙলৈ ৰাওনা হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকী ৷ তেখেতৰ লগত সংগ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

বিজেপিৰ নিৰ্বাচন কেন্দ্ৰীক ৰাজনীতি পূৰ্বে প্ৰকাশিত অসমৰ কলাকৃষ্টি, সংস্কৃতিৰ লগতে ধৰ্মীয় অনুষ্ঠান সমূহ সুৰক্ষিত কৰাৰ । 2016 বৰ্ষৰ নিৰ্বাচনী ইস্তাহাৰত বিজেপিয়ে প্ৰকাশ কৰিছিল অসমৰ পৰা বিদেশী নাগৰিকৰ বহিস্কৃত কৰা হ’ব কিন্তু এইবাৰ দলটোৱে অসমৰ ধৰ্মীয় ক্ষেত্ৰসমূহ সংৰক্ষিত কৰা আৰু পুনৰ নিৰ্মাণৰ যোগেদি নিৰ্বাচনৰ খেল খন অন্য ধৰণে খেলা যেন অনুমান কৰিব পৰা গৈছে ।

13ৰ পৰা15 শ শতিকাৰ অসমীয়া সমাজৰ সংস্কৃতিৰ ধ্বজা বাহক তথা অসমত নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰবর্তনৰ জৰিয়তে একেডাল দুলৰে বান্ধি থৈ যোৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ হয়তো এইবাৰ বিজেপিয়ে নিৰ্বাচনৰ ‘পোষ্টাৰ বয়’, হিচাপে ব্যৱহাৰ কৰিব পাৰে । কাৰণ বিজেপিয়ে ইতিমধ্যে অসমত সৰহ সংখ্যক ধর্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান নিৰ্মান কৰি তুলিছে ৷ যি এক শুভ লক্ষণ ।

উল্লেখ্য যে, 2016 চনত বটদ্ৰৱা সমষ্টিৰ পৰা অভিনেত্ৰী আঙুৰলতাই বিজেপিৰ পৰা নিৰ্বাচনত জয়ী হোৱা সমষ্টিতো সাম্প্ৰদায়িক মুছলমানৰ ভোটাৰ যথেষ্ট পৰিমাণে বেছি । 2016 চনত মুছলমান ভোটাৰ দুটা ভাগত বিভক্ত হৈছিল বিজেপি আৰু কংগ্ৰেছৰ মাজত যাৰ ফলত বিজেপি লাভান্বিত হৈছিল । কিন্ত এইবাৰ কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতা আৰু মহাজোঁটৰ বাবে বিজেপিৰ নীতি সলনি হ’ব । যাৰ বাবে বিজেপিয়ে সামগ্ৰিক উন্নয়নৰ লগতে পৌৰাণিক ধৰ্মীয় সাংস্কৃতিক মঠ সমূহৰ নিৰ্মাণ আৰু অসমীয়া থলুৱা লোক-সংস্কৃতিক সংৰক্ষিত কৰি ৰাজনৈতিক বৈতৰণী পাৰ হোৱাৰ চেষ্টা চলাব আগন্তুক নিৰ্বাচনত ।

লগতে পঢ়ক : গুৱাহাটীৰ চিটি বাছেৰে ভৰি পৰিল অমিত শ্বাহৰ সভা

Last Updated : Feb 26, 2021, 11:05 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.