ETV Bharat / state

গহপুৰ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ 7 অভিযুক্তক আটক - কিশোৰী এগৰাকীক ধৰ্ষণ কৰি হত্যা

গহপুৰৰ দলবদ্ধ ধৰ্ষণকাণ্ডৰ 7 অভিযুক্তক আটক ৷ গহপুৰ আৰক্ষীয়ে আটক কৰে অভিযুক্ত কেইজনক ৷ অভিযুক্তক আটকৰ পাচতেই গহপুৰ থানাত সৃষ্টি হয় উতপ্ত পৰিস্থিতি ৷

seven accused of gahpur rape and murder arrested

author img

By

Published : Mar 1, 2020, 7:31 PM IST

তেজপুৰ,1 মাৰ্চ : যি সময়ত সমগ্ৰ দেশজুৰি ধৰ্ষণকাৰীক ফাঁচি দিয়াৰ বাবে জনমত গঢ়ি উঠিছে সেই সময়তে গহপুৰত সংঘটিত হৈছে দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ এক জঘন্য কাণ্ড । গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰজাবাৰীৰ 1 নং চকলাত 7 টাকৈ নৰপিশাচে একেখন গাঁৱৰ 12 বছৰীয়া কিশোৰী এগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাই বিগত দুটা দিন ধৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ বিৰাজ কৰি আছে ।

গহপুৰ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ 7 অভিযুক্তক আটক

দেওবাৰে ঘটনাৰ লগত জড়িত 7 জন লোকক কৰায়ত্ব কৰিবলৈ সক্ষম হয় গহপুৰ আৰক্ষী । উত্তেজিত ৰাইজৰ প্ৰহাৰত আহত হৈ এজন অভিযুক্ত উমেশ পাতিৰি বিশ্বনাথৰ চিকিসালয়ত চিকিৎসাধীন হৈ আছে । আনহাতে, দেওবাৰে ৰজাবাৰীৰ চকলা গাঁৱৰ উত্তেজিত ৰাইজে গহপুৰৰ থানালৈ আহি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবীত পৰিস্থিতি উতপ্ত কৰি তোলে । লগতে অভিযুক্তৰ ফটো তোলাত বাধা আৰোপ কৰা গহপুৰ আৰক্ষীক ধূপ-ধূনা দি নিহত কিশোৰীৰ পিতৃ, পৰিয়ালবৰ্গ আৰু ৰাইজে চাবলৈ দিবলৈ কাতৰ অনুৰোধ জনায় । ইপিনে , ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি ৰজাবাৰী অঞ্চলৰ পৰিস্থিতিৰ যাতে অৱনতি নহয় তাৰ বাবে আৰক্ষী মোতায়ন কৰাৰ বিষয়ে জানিবলৈ দিয়ে বিশ্বনাথৰ উপ-আৰক্ষী অধীক্ষকে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.